আছাম ইনভেষ্টমেণ্ট ফাণ্ডৰ সাহায্যৰ ধনেৰে এপিপিআইটিআই, ৰৌতাত ছাত্ৰী নিৱাস নিৰ্মাণ

IMG-20180723-WA0006

ওদালগুৰিৰ অনগ্ৰসৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰতি থকা দায়বদ্ধতাৰ এক অংশ হিচাপে টাটা টীয়ে  জিলাখনৰ ৰৌতা এলেকাত চাহ বাগিচাৰ বিভিন্ন ঔদোগিক নিয়োগৰ বাবে পেছাদাৰী প্ৰশিক্ষণ দিয়াৰ বাবে  সংযুক্ত চাহ খেতি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান —এপিপিআইটিআই (Amalgamated Plantations Private Industrial Training Institute চমুকৈ APPITI)) স্থাপন কৰিছিল। ১৯৯৭ চনত এই প্ৰশিক্ষণ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল। এপিপিআইটিআইৰ এটা সংবাদ বিবৃতিত প্ৰতিষ্ঠানটোত প্ৰশিক্ষণ লোৱা ছাত্ৰীৰ সুবিধাৰ্থে ৰৌতাত যোৱা ১৯ জুলাইত ১০০ ছাত্ৰীৰ থকা-খোৱাৰ সুবিধাযুক্ত এই ছাত্ৰী নিৱাস এটা নিৰ্মাণ কৰাৰ কথা প্ৰকাশিত হৈছে।

ছাত্ৰী নিৱাসটো দান কৰিছে আছাম ইনভেষ্টমেণ্ট ফাণ্ডে। যোৱা বছৰ নৱেম্বৰ মাহত ছাত্ৰী নিৱাসটোৰ আধাৰশিলা স্থাপন কৰাৰ ৮ মাহৰ ভিতৰতে এই ছত্ৰী নিৱাসটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে।

উল্লেখ্য যে মাজপাটৰ বিধায়ক চৰণ বড়োৱে এই এলেকাতে কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীসকলৰ বাবে এটা ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন কৰিছে। আনহাতে ১০০ আসনযুক্ত এপিপিআইটিআই প্ৰা: লি:ৰ ছাত্ৰী নিৱাসটো উদ্বোধন কৰিছে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে।

উল্লেখ্য যে এপিপিআইটিআই প্ৰতিষ্ঠানটো যুটীয়াকৈ পৰিচালনা কৰিছে গ্ৰাম তৰংগ নিয়োগযোগ্যতা প্ৰশিক্ষণ সেৱা (জিটিইটিএছ) (Gram Tarang Employability Training Services) আৰু এপিপিএল ফাউণ্ডেশ্যনে।

এই এপিপিআইটিআইয়ে চিলাই মেচিন অপাৰেটৰ, ঔদ্যোগিক ফীটাৰ, ড্ৰাইভিং ইত্যাদি অতি চাহিদাযুক্ত ক্ষেত্ৰসমূহৰ বাবে হ্ৰস্বকালীন নিয়োগৰ সুবিধা আগবঢ়ায়। এই সকলো প্ৰশিক্ষণ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শিক্ষাৰেথীসকললৈ বিনামূলীয়াকৈ আগবঢ়োৱা হয়। ডিডিইউ-জিকেৱাই, এছডিএম, এছআৰএএলএম ইত্যাদি আঁচনিৰ অধীনত চৰকাৰে আৰু  কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নুমলীগড় শোধনাগাৰ, অইল, সদ্ভাৱনা আদিয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ পুঁজিৰ যোগান ধৰে। এই প্ৰতিষ্ঠানটোৱে ২০১৫ চনৰ পৰা প্ৰায় ২০০০ ছাত্ৰ-ছাত্ৰীক বিভিন্ন ক্ষেত্ৰৰ পেছাগত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

শেহতীয়াভাৱে এই প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে অধিক সংখ্যক ছাত্ৰী অহাৰ বাবে তেওঁলোকৰ সুবিধাৰ বাবে ছাত্ৰী নিৱাসৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে। এপিপিএল ফাউণ্ডেশ্যনৰ মেনেজিং ট্ৰাষ্টী ধীৰাজ কাকতীয়ে আৰ্থিকভাৱে পিছপৰা মহিলাসকলৰ উন্নতিত প্ৰভূত সহায় কৰিব পৰা আৰ্থিক অনুদানখিনিৰ বাবে আছাম ইনভেষ্টমেণ্ট ফাণ্ডৰ অধ্যক্ষ আৰু ব’ৰ্ড সদস্যসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।