আছিফা বানোৰ ধৰ্ষণৰ প্ৰতিবাদ ছিকিম বিশ্ববিদ্যালয়ত

su rape

সমগ্ৰ দেশকে জোকাৰি যোৱা কাঠুৱাৰ ৮ বছৰীয়া আছিফা বানোৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ লোমহৰ্ষক ঘটনাৰ প্ৰতিবাদ বিভিন্ন ঠাইত অব্যাহত থকাৰ লগতে ছিকিমতো একাংশ ছাত্ৰ-ছাত্ৰীয়ে উক্ত নাৰকীয় ঘটনাৰ ন্যায়ৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে জন্মুৰ এটা মন্দিৰৰ ভিতৰত আঠ বছৰীয়া শিশু আছিফা বানোক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে যি নাৰকীয় ঘটনা সংঘটিত কৰিছে তাৰ বিৰুদ্ধে আজি ছিকিম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নেতৃত্বত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীয়ে মম বাতি জলায় প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে উক্ত নাৰকীয় ঘটনাক সমালোচনা কৰাৰ লগতে ঘটনাৰ লগত জড়িত নৰপিশাচ কেইজনক অতি শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ আহ্বান জনায়।

বিশ্ববিদ্যালয়খনৰ কউভেৰী ছোৱালী হোষ্টেলৰ পৰা পুথিভৰাললৈকে উলিওৱা সমদলৰ সময়ত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ‘জাষ্টিছ ফৰ আছিফা’ শীৰ্ষক শ্লোগানেৰে ন্যায় প্ৰদানৰ দাবীত আজি সন্ধিয়া বিশ্ববিদ্যালয় চৌহদ উত্তাল কৰি তোলে।

ছিকিম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি ললিত পখৰেল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰতিবাদ কেবল আছিফাৰ বাবে নহয়। দেশত সংঘটিত হোৱা সকলো ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবেই আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছো।

আনহাতে তেওঁ কয়- ‘ছিকিমৰ লগতে সমগ্ৰ অঞ্চলতে ধৰ্ষণ সংঘটিত হয়। ধৰ্ষণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছো। ন্যায় প্ৰদানত বিলম্ব হ’ব নালাগে। এই সমূহ নাৰকীয় ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে’।