সদৌ অসম ছাত্ৰ সন্থাই এটা প্ৰেছ বিজ্ঞপ্তিত জনাইছে যে অসম আন্দোলনৰ চহিদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিবছৰৰ দৰে এই বছৰো অহা ১০ ডিচেম্বৰত কেন্দ্ৰীয়ভাৱে চহিদ দিৱস পালন কৰিব। এই কেন্দ্ৰীয় চহিদ দিৱসটো সদৌ ডিব্ৰগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা তথা ৰাইজৰ সহযোগত নামৰূপত অনুষ্ঠিত হ’ব বুলি জনাইছে। বিবৃতিটোত লগতে জনায় যে ছাত্ৰ সন্থাৰ সকলো জিলা, মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি সকলো গোটে নিজ নিজ এলেকাত এই চহিদ দিৱস পালন কৰিব। সংগঠনটোৰ বিবৃতিত কোৱা হয় যে অসমৰ এটা জ্বলন্ত সমস্যা ‘বিদেশী নাগৰিকক বহিষ্কাৰ’ৰ বাবে কৰা ছবছৰীয়া আন্দোলনৰ সময়ত ৮৫৫জনতকৈ অধিকে প্ৰাণ দিছিল। হাজাৰজন নিৰ্য্যতিত হৈছিল। এইসকলক সদৌ অসম ছাত্ৰ সন্থাই শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। এই আন্দোলনটো চলি থকাৰ মাজতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰত ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ নিহত হৈছিল। এই দিনটোকে সদৌ অসম ছাত্ৰ সন্থাই চহিদ দিৱস হিচাপে পালন কৰি আহিছে। এই দিনটোতে খৰ্গেশ্বৰ তালুকদাৰকে ধৰি আন্দোলনটোত নিহতসকললৈ সংগঠনটোৱে একেলগে শ্ৰদ্ধাঞ্জলি জনায়।
আছুৱে নামৰূপত কেন্দ্ৰীয়ভাৱে পাতিব চহিদ দিৱস
-
By NE NOW NEWS
- Categories: অসম
Related Content
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 7:51 am
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 12:16 pm