আজিলৈ ভাৰত-বাংলা সীমান্ত ছীল নোহোৱাটো অসমবাসীৰ বাবে দুৰ্ভাগ্য : খিলঞ্জীয়া সুৰক্ষা বাহিনী

NRC

‘৩০ জুলাইত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। এই ঐতিহাসিক দিনটোলৈ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিয়নো ১৯৭৯ চনতে আৰম্ভ হোৱা ঐতিহাসিক সংগ্ৰামৰ এটা ফলপ্ৰসূ সিদ্ধান্তত উপনীত হোৱাৰ দিন’। এক বিবৃতিৰ জৰিয়তে খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ মুখ্য আহ্বায়ক গোবিন্দ বায়ন, আহ্বায়কদ্বয় অনিল কুমাৰ দাস আৰু প্ৰাণজিৎ তালুকদাৰে এইদৰে কয়।

সংগঠনটোৱে লগতে কয় যে আজি পৰ্যন্ত ভাৰত-বাংলা সীমান্ত ছীল নকৰাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অক্ষমণীয় অপৰাধ। এই সমস্যাটোৰ স্থায়ী সমাধান কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে সদায় হোঁহকা পিছলা কৰি আছে। ইয়াৰ পৰিৱৰ্তে সংবিধান উলংঘা কৰি ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিকক আদৰাৰ হে প্ৰস্তুতি চলাই আছে বৰ্তমানৰ চৰকাৰে।

‘উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াতো এচাম জাতিদ্ৰোহীয়ে পৰিৱেশ পৰিস্থিতি বিঘ্নিত কৰি ৰাজ্যখনক অশান্ত কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আছে। এই সকলো অশুভ শক্তিক বিচাৰি উলিয়াই শাস্তি দিয়াৰ ক্ষেত্ৰত কিন্তু চৰকাৰ নিশ্চুপ’। এইদৰেও উল্লেখ কৰে বিবৃতিটোত।

২০১০ চনৰ পাইলট প্ৰজেক্টৰ পৰা খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম পৰ্যবেক্ষণ কৰি আহিছে। এখন শুব্ধ বিদেশী নামমুক্ত আৰু প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ নামভুক্ত তথা এজনো ভাৰতীয়ৰ নাম কৰ্তন নোহোৱাকৈ ৩০ জুলাইত নাগৰিকপঞ্জীখন প্ৰকাশৰ প্ৰাকমুহূৰ্তত খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ মুখ্য আহ্বায়ক গোবিন্দ গায়নে নিষ্ঠা আৰু সততাৰে কাম কৰা এন আৰ চিৰ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে এন আৰ চিৰ গইনা লৈ কোনো জাতিদ্ৰোহী দুষ্কৃতিকাৰীয়ে যাতে অসমত অশান্তিৰ সূত্ৰপাত ঘটাব নোৱাৰে তাৰ বাবে চৰকাৰ-প্ৰশাসন তথা সকলো জনসাধাৰণকে সজাগ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।