আজিৰে পৰা নগাঁৱৰ দগাঁৱত ৩ দিনীয়া কাৰ্যসূচীৰে শিশু গ্ৰন্থমেলা আৰম্ভ

প্ৰতিনিধিত্বমূলক ছবি

আজিৰে পৰা নগাঁৱৰ দগাঁৱত ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শিশু গ্ৰন্থমেলা। দগাওঁ আদৰ্শ জাতীয় বিদ্যালয় সহযোগত বৃহত্তৰ দগাঁও গ্ৰন্থমেলা আয়োজক সমিতিয়ে ওচমান আলী সদাগৰ সমন্বয় ক্ষেত্ৰত উক্ত গ্ৰন্থমেলাৰ আয়োজন কৰিছে।

মোবাইল, লেপটপ, চছিয়েল মিডিয়া ইত্যাদিৰ ঠাইত গ্ৰন্থৰ প্ৰতি শিশুসকলক আকৃষ্ট কৰাৰ লক্ষৰে আয়োজন কৰা এই গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আজি প্ৰথমদিনা সাংস্কৃতিক শোভাযাত্ৰা, আদৰ্শ পুথিভঁৰাল উদ্ধোধন, ছাত্র-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, জিকিৰ-জাৰি প্ৰতিযোগিতাকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব।

আনহাতে কাইলৈ অৰ্থাত ৩১ মাৰ্চত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতা, ব্যক্তিত্ব, দক্ষতা বিকাশৰ ওপৰত কৰ্মশালা, আধুনিকগীত পৰিৱেশন আদি অনুষ্ঠিত হোৱাৰ বিপৰীতে ১ এপ্ৰিলত আন্ত:বিদ্যালয় কুইজ প্ৰতিযোগিতা, ডিজিটেল যুগত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা তথা মাদক দ্ৰব্য আৰু আজিৰ যুৱ সমাজ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি গ্ৰন্থমেলাখনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নাট্যকাৰ-অভিনেতা জ্ঞানদা বৰা, বিশিষ্ট লিখক ৰেজাউল কৰিম, শিক্ষাবিদ ফজলুল হক মৰল, বিধায়ক ক্ৰমে নুৰুল হুদা আৰু আমিনুল ইছলামকে ধৰি ক‌েইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকিব বুলি উদ্যোগক্তা সমিতিয়ে জানিবলৈ দিছে।