আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশন

Sankardev Adhibeshan

৮৭সংখ্যক দেৰগাওঁ অধিৱেশনৰ মূল তোৰণৰ এটা দৃশ্য।

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭সংখ্যক দেৰগাওঁ অধিৱেশনখন আজিৰ পৰা দেৰগাৱঁৰ আহোম পথাৰত আৰম্ভ হৈছে। অহা ১০ ফেব্ৰুৱাৰি পৰ্য্যন্ত এই অধিৱেশন চলি থাকিব।

লাখ লাখ অনুগামী থকা তথা মহাপুৰুষজনাৰ এক শৰণ নাম-ধৰ্মৰ আদৰ্শেৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে।

বিভিন্ন প্ৰাথমিক, আঞ্চলিক আৰু জিলা শাখাবোৰৰ পৰা আহিব লগীয়া অনুগামী তথা বাপসকল আৰু আইসকলক আদৰিবলৈ তথা থকা-মেলাৰ সুবিধা দিবলৈ ইতিমধ্যে আয়োজক সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা বুলি এটা সূত্ৰই জানিবলৈ দিছে।

এইবাৰ অভ্যৰ্থনা সমিতিয়ে মুঠ ৬০ হাজাৰ প্ৰতিনিধিক ৰাখিব পৰাকৈ ব্যৱস্থা কৰা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

সূত্ৰটোৱে জনোৱা মতে এইবাৰৰ প্ৰতিনিধি শিবিৰবোৰ কিছু উন্নত মানৰকৈ গঢ়ি তোলা হৈছে। তাৰ লগতে নামঘৰ, মণ্ডপ, ভোজনালয় মূল তোৰণ আদিও আন কেইবাৰতকৈ যথেষ্ট উন্নত আৰু আটকধুনীয়া কৰা হৈছে।

আজি আৰম্ভণি দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী থকা বুলি আয়োজক সমিতিৰ সূত্ৰই আমাক জানিবলৈ দিছে। তাৰ ভিতৰত পুৱা চাফাই কাৰ্য্যসূচী, প্ৰাতঃপ্ৰসংগ, বৃক্ষৰোপণ ইতিমধ্যে হৈ গৈছে।

অলপ পিছতে নাট ঘৰৰ আসন প্ৰতিষ্ঠাৰ কাৰ্য্যসূচী আছে। আনহাতে আদৰণি সমিতিৰ দ্বাৰ উদ্ঘাটন কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে, জিলা কাৰ্য্যালয়ৰ দ্বাৰ উদ্ঘাটন কৰিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। ১.৩০ বজাৰ পৰা মূল মণ্ডপত গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে। ইয়াত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়া উপস্থিত থকাৰ কথা।

উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল এটা ধৰ্মীয় অনুষ্ঠানেই হৈ ৰোৱা নাই। ই শংকৰী কৃষ্টি-সংস্কৃতিৰো চৰ্চাৰ এখন মঞ্চ ৰূপে কাম কৰি আহিছে।