অসমীয়া চলচিত্ৰ জগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক, বিশিষ্ট অভিনেতা বিজু ফুকনৰ শেষকৃত্য আজি আবেলি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব। বৰ্তমান পাঞ্জাবাৰীৰ নিজা বাসগৃহতে তেওঁৰ মৃতদেহ ৰখা হৈছে। অজস্ৰ গুণমুগ্ধই ইতিমধ্যে শেষ শ্ৰদ্ধা জনাবলৈ বাসগৃহত ভিৰ কৰিছে। আজি তেওঁৰ মৃতদেহ অসম সাংস্কৃতিক সঞ্চালকালয়, ৰবীন্দ্ৰ ভৱন আৰু জ্যোতি চিত্ৰবন তথা অসম চলচ্চিত্ৰ বিত্তীয় নিগমলৈ নিব আৰু তাৰ পিছতে নৱগ্ৰহ শ্মশানলৈ নি অন্তিম সৎকাৰ কৰা হ’ব। বিশিষ্ট অভিনেতাগৰাকীৰ শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব দলেৰ লগতে কেইবাগৰাকীও চৰকাৰী প্ৰতিনিধি উপস্থিত থাকিব।
উল্লেখ্য যে বিশিষ্ট অভিনেতা তথা পৰিচালকজনৰ কালি গুৱাহাটীৰ এপ’লো হস্পিটেলত চিকৎসাধীন অৱস্থাত মৃত্যু হয় । ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা বিজু ফুকনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭০বছৰ। বিজু ফুকনে অসমীয়া, বাংলা আৰু বড়োকে ধৰি প্ৰায় ৮০ খন চলচিত্ৰত অভিনয় কৰিছিল। বিশিষ্ট অভিনেতাজনৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।