আদিবাসীৰ লগত খেল খেলিলে কোনো চৰকাৰেই অসমত ‘লাষ্টিং’ নকৰিব : আছাৰ সভাপতি প্ৰদীপ নাগ

‘আদিবাসীক লৈ চৰকাৰে খেল খেলা বন্ধ কৰক, অন্যথা বিজেপিয়েই হওক, এজিপিয়েই  হওক বা কংগ্ৰেছেই হওক কোনো এখন চৰকাৰেই অসমত লাষ্টিং নকৰিব’ এই হুংকাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি বিশ্বনাথৰ ধুলি চাহ বাগিছা খেল পথাৰত অনুষ্ঠিত বিশাল গণ সমাবেশ সম্বোধন কৰি আছাৰ নেতা গৰাকীয়ে লগতে আদিবাসী সকলৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰক ৩০ ডিচেম্বৰৰ ‘ডেডলাইন’ বান্ধি দিয়ে।

চাহ জনগোষ্ঠিৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি ৩৫০ লৈ বৃদ্ধি আৰু ভূমিপট্টা প্ৰদানৰ লগতে বিভিন্ন সম্যসা সন্দৰ্ভত অনুষ্ঠিত হোৱা এই গণ সমাবেশত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ আৰু আদিবাসী সাহিত্য সভাৰ সভাপতি উইলফিড তপ্ন উপস্থিত আছিল।

আছাৰ সভাপতি প্ৰদিপ নাগ

উল্লেখযোগ্য যে সহস্ৰাধিক চাহ শ্ৰমিকৰ উপস্থিতিত অনুষ্ঠিত এই গণ সমাবেশত আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান জনাই কয় যে যদি ৩০ ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে কোনো চৰকাৰ এই ৰাজ্যত লাষ্টিং নকৰে।

তদুপৰি নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোনোৱাল চৰকাৰে চাহ জনজাতি সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও পিছত সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল মন্তব্য কৰি তেওঁ ইয়াৰ বিৰুদ্ধে শীঘ্ৰেই জংগী আন্দোলনৰ পথ লোৱা হ’ব বুলিও  হুংকাৰ দিয়ে।