• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজিৰ নিৰ্বাচনত অৱতীৰ্ণ আটাইতকৈ ধনী প্ৰাৰ্থী ১৩৬১কোটিৰ গৰাকী! তৃতীয় স্থানত শিৱাজীৰ বংশধৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2024 12:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মংগলবাৰ (৭ মে) নিৰ্বাচনত ১০ জন কেন্দ্ৰীয় মন্ত্ৰী, ৪ জন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেইবাজনো হেভিৱেটৰ ভাগ্য নিৰ্ণয় হ’ব। অমিত শ্বাহ, শিৱৰাজ সিং চৌহান, বাসৱৰাজ বোম্মাই, প্ৰহ্লাদ পেটেল, জ্যোতিৰাদিত্য সিন্ধিয়া, দিগ্বিজয় সিং, নাৰায়ণ ৰাণেৰ নিৰ্বাচনী পৰীক্ষা আজি ৭ মে’ত। ইপিনে, উত্তৰ প্ৰদেশৰ যাদৱ পৰিয়ালৰ ৩ জন সদস্যৰ নিৰ্বাচনী পৰীক্ষাও আজি। মুলায়ম সিঙৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰৱেশ কৰিছে সমাজবাদী পাৰ্টিয়ে। ইফালে, মঙলবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ জোঁৱায়েকো অৱতীৰ্ণ হৈছে।

মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। আজিৰ দিনটোত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মঙলবাৰৰ নিৰ্বাচনত মুঠ ১৩৩১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ ভাগ্য নিৰ্ণয় কৰিব। সেই অনুসৰি, অসমত ৪, বিহাৰত ৫, ছত্তীশগড়ত ৭, গোৱাত ২৫, গুজৰাটত ২৫, কৰ্ণাটকত ১৪, মধ্যপ্ৰদেশত ৯, মহাৰাষ্ট্ৰত ১১, পশ্চিম বংগত ৪, উত্তৰ প্ৰদেশত ১০, দাদৰ আৰু নগৰ হাভেলী আৰু দামন আৰু ডিউত ২ খন।

দক্ষিণ গোৱাৰ বিজেপি প্ৰাৰ্থী তথা উদ্যোগপতি পৰিয়ালৰ বোৱাৰী পল্লৱী ডেম্পোৱে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ ভিতৰত সম্পত্তিৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে। স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি মিলি তেওঁৰ মুঠ সম্পত্তি ১,৩৬১ কোটি ৬৮ লাখ ৩৮ হাজাৰ ৭৩১ টকাৰ। লণ্ডন-ডুবাইত তেওঁৰ বিলাসী ঘৰ আছে। লগতে কেইবাখনো দামী গাড়ীও আছে।

Apply Now

লগতে পঢ়কঃ গান্ধী-নেহৰুৱে ভবা নাছিল যে তেওঁলোককো দেশদ্ৰোহী বুলি কোৱা হ’ব: ৰায়েবেৰেলীত সৰৱ প্ৰিয়ংকা গান্ধী

ধনীৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে মধ্যপ্ৰদেশৰ গুনাৰ বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৪২৪.৭৪ কোটি টকা। ছত্রপতি শিৱাজী মহাৰাজৰ বংশধৰ ছত্রপতি শ্বাহু শ্বাহাজী মহাৰাষ্ট্ৰৰ কোলপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৪২ কোটি ৮৬ লাখ টকাতকৈও অধিক।

চতুৰ্থবাৰৰ বাবে ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বদৰুদ্দিন আজমল অসমৰ সকলো প্ৰাৰ্থীৰ ভিতৰত ১৫৫ কোটি টকাৰ সম্পত্তিৰে আটাইতকৈ ধনী প্ৰাৰ্থী। আজমলৰ ২৮.৮৯ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ১২৬.১৭ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত আটাইতকৈ দুখীয়া প্ৰাৰ্থী ইফৰান আবু তালিব চান্দ। তেওঁ মহাৰাষ্ট্ৰৰ কোলপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পেছাত কৃষি শ্ৰমিক ইফৰানৰ সম্পত্তিৰ পৰিমান মাত্ৰ ১০০ টকা। তেওঁৰ পান কাৰ্ডো নাই। ঘৰ নাই, মাটি নাই, আনৰ মাটিত মজুৰি কৰি খায়।

লগতে পঢ়কঃ বিবাহ উপলক্ষে গৈছিল কন্যাকুমাৰীলৈ; সাগৰত উটি গ’ল ৫ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

ইপিনে, গুজৰাটৰ বোৰদলৈ সমষ্টিৰ বিএছপি প্ৰাৰ্থী ৰেখাবেন হৰছিংভাই চৌধুৰী দ্বিতীয় দৰিদ্ৰ প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২ হাজাৰ টকা। মহাৰাষ্ট্ৰৰ হাটকানানগালৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা মনোহৰ প্ৰদীপ সতপুতৰ সম্পত্তিৰ পৰিমানো মাত্ৰ ২০০০ টকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd