আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কোকৰাঝাৰত প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনাৰ এল পি জি সংযোগ বিতৰণ

হিতাধিকাৰীসকলৰ সৈতে বন মন্ত্ৰী

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰত আয়োজিত হয় প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ সজাগতা তথা সুৰক্ষা বিষয়ক এক অনুষ্ঠান।

ডি এন হিম্মটচিংকা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানটোত হিতাধিকাৰীসকলক নতুন এল পি জি সংযোগ প্ৰদান কৰা হয়।

মুখ্য অতিথিৰূপে উপস্থিত থাকি অসমৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে ধোঁৱাময় পাকঘৰৰ বাবে যাতে মহিলাসকলে স্বাস্থ্যহানি কৰিব লগা আৰু খৰি বিচাৰি ঘূৰি ফুৰিব লগা নহয় তাৰ বাবে প্ৰধানকৈ ভাৰতৰ গাওঁ অঞ্চলত ব্যৱহাৰ কৰা অস্বাস্থ্যকৰ ৰন্ধন ইন্ধনৰ ঠাইত পৰিস্কাৰ আৰু বেছি ফলপ্ৰসূ এল পি জি ব্যৱহাৰ প্ৰচলনৰ লক্ষ্যৰে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনা আৰম্ভ কৰিছে।

ভাৰতীয় তেল নিগম (IOCL)ৰ মহা প্ৰবন্ধক সৌৰভ চলিহা আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলো সভাখনত উপস্থিত আছিল।