ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটে দেওবাৰে কয় যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফ্ছপা))ৰ কোনো ধৰণৰ পুনৰ্বিবেচনা বা ইয়াৰ কিছুমান অধিকাৰ লঘু কৰাৰ সময় অহা নাই।
তেওঁ প্ৰকাশ কৰে যে জম্মু আৰু কাশ্মীৰৰ দৰে অশান্ত অঞ্চলত অভিযান চলাওতে মানৱ অধিকাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত পৰ্যাপ্ত সতৰ্কতা গ্ৰহণ কৰা হৈছে। আফ্ছপা ‘উঠাই দিয়া বা ইয়াৰ অন্তত: কিছুমান অধিকাৰ বিলুপ্ত কৰা’ সম্পৰ্কত প্ৰতিৰক্ষা আৰু গৃহ মন্ত্ৰালয়ৰ মাজত কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক সম্পন্ন হোৱাৰ বাতৰিৰ পিছত ৰাৱাটৰ এনে মন্তৱ্যই বিশেষ গুৰুত্ব বহন কৰিছে।
‘’ মই নাভাৱো এই মুহূৰ্তত আফ্ছপা সম্পৰ্কত আনকি পুনৰ্বিবেচনা কৰাৰ সময় আহিছে,’’-জেনেৰেল ৰাৱাটে নতুন দিল্লীত সাংবাদিকৰ আগত এইদৰে কয়।
সেনাৰ মুৰব্বীগৰাকীয়ে কয় যে আফ্ছপাত যদিও কিছুমান শক্তিশালী ব্যৱস্থা আছে, সেনা অতিৰিক্ত ক্ষতি সম্পৰ্কত অৱগত আৰু এই আইনৰ অধীনত ইয়াৰ অভিযানত স্থানীয় লোকৰ অসুবিধা নোহোৱাটো নিশ্চিত কৰা হৈছে।
‘’আমি ইয়াক ব্যৱহাৰ (আফ্ছপা) কৰিব পৰা ধৰণে কেতিয়াও বাহিনী প্ৰয়োগত শক্তি প্ৰদৰ্শন কৰা নাই। আমি মানৱ অধিকাৰ সম্পৰ্কে সচেতন। আমি অতিৰিক্ত ক্ষতি সম্পৰ্কত অত্যন্ত সজাগ। গতিকে বিশেষ চিন্তা কৰিবলগীয়া নাই কিয়নো আমি পৰ্যাপ্ত তথা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছো,’’-তেওঁ কয়।
জেনেৰেল ৰাৱাটে কয় যে প্ৰত্যেকটো পৰ্যায়তে বিভিন্ন অভিযানত নিয়োগৰ সেনাৰ নিয়ম আছে যাতে আফ্ছপাৰ অধীনত অভিযান চলাওতে সাধাৰণ লোকৰ অসুবিধা নহয় সেয়া নিশ্চিত কৰা হয়।
‘’আফ্ছপা হৈছে এক এনে ব্যৱস্থা যিটোৱে সেনাক বিশেষভাৱে এনেকুৱা জটিল অঞ্চলত অভিযান চলাবৰ বাবে অনুমতি দিয়া হয় আৰু মই আপোনালোকক আশ্বাস দিব পাৰো যে সেনাৰ মানৱ অধিকাৰৰ বিষয়ত খুউৱ ভাল অভিলেখ আছে,’’-তেওঁ কয়।
উচ্চতম ন্যায়ালয়ে যোৱা বছৰ মণিপুৰত আফ্ছপা প্ৰয়োগ সম্পৰ্কত দিয়া এক ৰায়ত কৈছিল যে অশান্ত অঞ্চলত সেনা বাহিনীৰ দ্বাৰা সংঘটিত হোৱা প্ৰতিটো মৃত্যুৰ ক্ষেত্ৰত বলি হোৱা ব্যক্তি এগৰাকী দাগী অপৰাধী বা বিদ্ৰোহী, বা সন্ত্ৰাসবাদী বা এগৰাকী উগ্ৰবাদী যিয়েই নহওক তাৰ বিতং তদন্ত হোৱা উচিত।