• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2025 9:07 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সামৰি কালি উভতি গৈছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিষয়ে আমি কি ক’ম? ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ কাৰ্যসূচী দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰাটো এটা ভাল কথা। ইতিবাচক কথা। ভূপেন হাজৰিকা অসম আৰু উত্তৰ-পূৱ ভাৰতৰ এক সমন্বয়ৰ প্ৰতীক আছিল। গতিকে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ ভাষণত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ ভাষণ প্ৰদান কৰিব পাৰিব লাগিছিল যিটো আমি দেখা নাপালোঁ। এইটো পৰিতাপৰ কথা।

অসম চৰকাৰে শতবৰ্ষ উদযাপনৰ অনুষ্ঠানত ভূপেন হাজৰিকাৰ পৰিয়ালক জড়িত কৰাটো প্ৰশংসনীয়। কিন্তু তাৰ বাহিৰে চৰকাৰী পক্ষৰ বা শিবিৰৰ বাহিৰত থকা লোক সকলক শতবৰ্ষ অনুষ্ঠানত জড়িত কৰাটো কিন্তু আমি নেদেখিলোঁ। আন এটা কথা আমি লক্ষ‍্য কৰিছোঁ, অসম চৰকাৰে যেন ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীটো তেওঁলোকৰ নিজৰ দলীয় প্ৰচাৰতহে ব‍্যৱহাৰ কৰিছে, বিশেষকৈ আগন্তুক নিৰ্বাচনৰ কথা ভাবি। অন্ততঃ আমাৰ তেনে অনুভৱ হৈছে। আনহাতে মংগলদৈত প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা এই কথাখিনি আপোনালোকে শুনকচোন। এই কথাবোৰ বৰ উপৰুৱা আৰু পক্ষপাতিত্বমূলক নহয়নে? গৰুসুঁতি প্ৰকল্পত কি হৈছে? চৰকাৰে তাত কিমান ভৰ্তুকী দিছে? মানে চাবচিডি দিছে ? তাৰদ্বাৰা কিমান স্থানীয়  কৃষক উপকৃত হৈছে? গৰুসুঁতিৰ গীৰগাই প্ৰকল্পত কি হৈছিল কোনে নাজানে?

Apply Now

গীৰ গাইক লৈ হোৱা দুৰ্নীতিৰ বিষয়টো কেনেকৈ স্বাৰ্থ জড়িত মহলে  এতিয়া গাপ দি থলে সেইবোৰ কথা আমি নাজানোনে? গৰুসুঁতি প্ৰকল্পৰ কাৰণে কাক তাৰ পৰা উচ্ছেদ কৰা হৈছিল?  উচ্ছেদিত লোকৰ মৃতদেহৰ ওপৰত কোনো নৃত‍্য কৰিছিল? সেইবোৰ কথা অসমৰ মানুহে এতিয়াও পাহৰি যোৱা নাই। প্ৰধানমন্ত্ৰীয়ে গৰুসুঁতি প্ৰকল্প কৃষকক সংস্থাপন দিয়া লাভজনক প্ৰকল্প বুলি কোৱাৰ বিপৰীতে, আজি কেইমাহমান আগতে মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ-লোকচানতকৈ গৰুসুঁতি প্ৰকল্পক অসমীয় জাতীয় গৌৰৱ আৰু পৰিচয়ৰ লগতহে জড়িত কৰিব লাগে বুলি কোৱা নাছিল জানো? তাৰপিছত মোদীয়ে অসমত কেইবা হাজাৰ কোটি টকীয়া আন্তঃগাঠনি প্ৰকল্পৰ আধাৰশীলা স্থাপন কৰে। আমাক আন্তঃগাঠনি নালাগিব তেনে কথা নহয়। কিন্তু এই আন্তঃগাঠনি প্ৰকল্পবোৰৰ দ্বাৰা প্ৰকৃততে কোন উপকৃত হ’ব?  অসমৰ সাধাৰণ ৰাইজ নে বণিক শ্ৰেণী, কৰ্পোৰেট গোষ্ঠী? আৰু ই আমাৰ পৰিৱেশ আৰু স্থানীয় সম্পদৰ কি ক্ষতি কৰিব সেইবোৰ কোনে চাব? কোনে তাৰ হিচাপ ল’ব? গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত আমাক আৰু কিমান দলঙৰ প্ৰয়োজন? এখনৰ পিছত এখনকৈ দলং নিৰ্মাণ কৰি নদীটোকে আমি শেষ কৰি দিম নেকি? কাৰ স্বাৰ্থত এই দলংবোৰ? কোনে তাৰ জবাব দিব?তাৰপিছত আহিল মণিপুৰৰ কথা। মণিপুৰৰ কথা কি কোৱা যায়? মণিপুৰে কাৰ কাৰণে আজি এই অৱস্থা পালে? বীৰেন সিঙৰ বিজেপিৰ চৰকাৰকে মণিপুৰৰ বৰ্তমান অৱস্থাৰ বাবে মানুহে জগৰীয়া নকৰেনে? দুহেজাৰ তেইশ চনৰ পৰা এতিয়ালৈ মণিপুৰ জ্বলি শেষ যোৱাৰ উপক্ৰম!  অথচ মোদীয়ে এতিয়াহে মণিপুৰলৈ আহিবলৈ সময় পালে? কিন্তু যি ধৰণে মোদীৰ ভ্ৰমণৰ প্ৰচাৰ চলোৱা হৈছে সেই ধৰণে মোদীৰ ভ্ৰমণে সঁচাকৈয়ে মণিপুৰলৈ শান্তি ঘূৰাই আনিবনে? বিজেপিৰে কুকি এম এল এ এজনে দেখোন মোদীৰ ভ্ৰমণ অৰ্থহীন চৰকাৰী খৰচ বুলিহে কৈছে। আৰু ১৩ চেপ্তেম্বৰৰ দিনা চেন্নাইৰ পৰা প্ৰকাশিত ‘The Federal’ ত ধীৰেন এ চানডোকামৰ প্ৰবন্ধ ‘Modi’s projects offer little solace to the thousands in Manipur relief camps’ত তেওঁ স্পষ্টভাবে লিখিছে  মোদীৰ ভ্ৰমণ কিমান উপৰুৱা আছিল।

ভ্ৰমণ কালত সংঘৰ্ষজৰ্জৰ ৰাইজৰ অন্তৰৰ বেদনা বুজিবলৈ মোদীয়ে যেন কোনো আন্তৰিক প্ৰয়াস কৰা নাছিল। সভাবোৰলৈ অহা মানুহবোৰ আছিল মূলতঃ চৰকাৰী কৰ্মচাৰী। তেওঁলোকক মোদীৰ সভাত উপস্থিত থাকিবলৈ বাধ‍্য কৰোৱা হৈছিল। মোদীয়ে মণিপুৰতো ৮,৫০০ কোটি টকাৰ অন্তঃ গাঠনি প্ৰকল্প উদ্বোধন কৰাৰ ওপৰতহে গুৰুত্ব দিছিল। মণিপুৰৰ নাগৰিক সমাজ আৰু স্বতন্ত্ৰ সাংবাদিক সকলে মন্তব‍্য কৰিছে যে প্ৰকৃত সমস‍্যা সমাধানৰ বাবে আন্তৰিক প্ৰচেষ্টা চলোৱাৰ সলনি  মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে বুলি প্ৰতিপন্ন কৰাটোৱে যেন মোদীৰ ভ্ৰমণৰ মূল উদ্দেশ‍্য আছিল। দুটা সম্প্ৰদায়ৰ মাজৰ এনে গভীৰ সংকট, বিভাজন আৰু অবিশ্বাস কেৱল কোটি টকীয়া আন্তঃগাঠনি প্ৰকল্পই সমাধান কৰিব পাৰিবনে?

কোনো কোনো ঠাইততো মোদী মণিপুৰত থকা সময়তে পৰিস্থিতি অশান্তহৈ পৰিছিল। এইবাৰ আহিল মিজোৰাম। মিজোৰামত মোদীয়ে এটা নতুন ৰেল পথ উন্মোচন কৰিছিল আৰু অন‍্যান‍্য আন্তঃগাঠনি প্ৰকল্পও উদ্বোধন কৰিছিল। কিন্তু কোনো কোনোৱে মোদীৰ মিজোৰাম ভ্ৰমণক দুৰ্লভ খনিজ সম্পদৰ লগতো যুক্ত কৰিব বিচাৰে। সেই বিষয়ে অৱেশ‍্যে এতিয়াই একো খাটাংকৈ ক’ব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd