‘আমাৰ আহ্বানক সন্মান জনোৱা নজনোৱাটো ৰাজনৈতিক দলবোৰ নিজা কথা’ : নাগা হোহোৰ ক’ৰ কমিটি

নাগা হোহোৰ ক’ৰ কমিটিয়ে আজি এটা বিবৃতিত কৈছে যে নিৰ্বাচনৰ পূৰ্বেই নাগা সংকটৰ সমাধানৰ বাবে তেওঁলোকে কৰা দাবীক সংবিধানবিৰোধী বা ভাৰতবিৰোধী বুলি ভুল ব্যাখ্যা কৰিব নালাগে। তেওঁলোকে জনোৱা আহ্বানক সন্মান জনোৱা নজনোৱাটো ৰাজনৈতিক দলবোৰৰ নিজা কথা।

উল্লেখযোগ্য যে নাগা হোহো আৰু নাগালেণ্ডৰ শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিৰ আহ্বান মৰ্মে যোৱা ২৯ জানুৱাৰিত ৰাজ্যখনৰ ১১ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্তত উপনীত হৈ এটা যৌথ ঘোষণাত স্বাক্ষৰ কৰিছিল। যৌথ ঘোষণাটোৰ জৰিয়তে এই দলবোৰে দলীয় টিকট অনুমোদন নজনাবলৈ সিদ্ধান্ত লৈছিল।

আজিৰ বিবৃতিত নাগা হোহো আৰু নাগালেণ্ডৰ শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে কৈছে যে নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিবলৈ দল বা প্ৰাৰ্থীসকলক বাধ্য কৰাবৰ বাবে তেওঁলোকেই একমাত্ৰ শক্তিশালী কৰ্তৃপক্ষ নহয়। প্ৰতিজন নাগায়েই নাগা সামাজিক-ৰাজনৈতিক সমস্যাৰ অংশ আৰু কোনেও ইয়াৰ পৰা পলাব নোৱাৰে।

নাগা ৰাজনৈতিক সমস্যাটো সমাধানৰ বাবে প্ৰতিজন নাগাই স্বেচ্ছামূলকভাৱে বৰঙনি দিয়াৰ বাবে দায়বদ্ধতা বান্ধ খাই আছে। কোনেও শান্তি আলোচনাটোক বাধা দিয়া উচিত নহয়। কমিটিখনে কয় যে নাগা নেতাসকলে, বিশেষকৈ দায়িত্বশীল নাগাসকলে তেওঁলোকৰ সমস্যা আঁতৰাবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিব।

আনহাতে কমিটিখনে কয় যে যোৱা ৭ টা দশকত দেশৰ শাসনলৈ অহা প্ৰতিটো ৰাজনৈতিক দলেই নাগা সমস্যা সমাধানৰ দায়িত্বভাৰ পিছৰ চৰকাৰলৈ ঠেলি আহিছে।

‘সমাধান বিশেষভাৱে নাগাসকলৰ বাবে আৰু সাধাৰণভাৱে ভাৰত চৰকাৰৰ বাবে বাঞ্ছনীয়। আমাক স্থায়ী আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে সমাধান লাগে। আৰু সেইবাবেই আমি আমাৰ মানুহখিনিক বিভিন্ন স্তৰত লোৱা গঠনমূলক সিদ্ধান্তবোৰ সমৰ্থন কৰিবলৈ কাতৰ আহ্বান জনাইছো।’ বিবৃতিটোত কোৱা হয় এইদৰে।

বিবৃতিটোত ক’ৰ কমিটিয়ে কয় যে এই প্ৰত্যাশাৰেই সকলো স্তৰৰ নাগা ৰাইজে নিৰ্বাচনতকৈ নাগা ৰাজনৈতিক সমাধানক অগ্ৰাধিকাৰ দিয়াত পাৰস্পৰিক সহমতত উপনীত হৈছে।