আলফাই অপহৰণ কৰা অৰ্ণৱ ফুকনৰ অৱস্থিতি ম্যানমাৰৰ পাপুন গাৱঁত

আজি এটা মন্তব্যত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই কয় যে আলফা (স্বাঃ)ই এতিয়া তেওঁলোকৰ কৌশল সলাই নিজৰ মানুহকে লক্ষ্য কৰাৰ আঁচনি লৈছে। যোৱা ১৫ ডিচেম্বৰত আলফা(স্বাঃ) অসম-অৰুণাচলৰ সীমান্তৰ পৰা ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰ্ণৱ ফুকনক (২৪) অপহৰণ কৰা সন্দৰ্ভত NE Now ক এইদৰে কয় আৰক্ষী অধীক্ষকজনে। আনহাতে আন এটা গুৰুত্বপূৰ্ণ খবৰ দি কয় যে ম্যানমাৰৰ পাপুন বস্তিত অপহৃত অৰ্ণৱ ফুকনৰ অৱস্থিতি ধৰা পৰিছে। তেওঁ লগতে কয় যে আলফা(স্বাঃ) অৰ্ণৱৰ দেউতাকৰ পৰা ৩ কোটি টকা দাবী কৰিছে যদিও তেওঁ এই খবৰ আৰক্ষীক দিয়া নাই।

আলফাৰ অপহৰণ কৌশল সন্দৰ্ভত এন ই নাওৰ সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকজনে আলফাৰ কৌশল ৰহস্যজনকভাৱে সলনি হোৱা বুলি কৈ কয়, ‘আলফা (স্বাঃ)ই এক কঠিন সময়ৰ মাজেৰে গতি কৰিছে, কাৰণ তেওঁলোকৰ এতিয়া হাতত টকা-পইচা নাই আৰু সংগঠনৰ বাবে টকা গোটোৱাৰ বাদে আন কোনো উপায় নাই।’

উল্লেখযোগ্য অৰ্ণৱৰ অপহৰণ কাণ্ডই অসমীয়া সমাজৰ বিভিন্ন গোটৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৱা এবছৰৰ পূৰ্বে কুলদীপ মৰাণক অপহৰণৰ পিছত এইটো এনেকুৱা দ্বিতীয় ঘটনা। আৰক্ষীৰ সূত্ৰই জনোৱা মতে অৰ্ণৱ ফুকনক উদয় অসমৰ নেতৃত্বৰ পাঁচজনীয়া এটা গোটে অপহৰণ কৰিছিল। অপহৰণৰ পিছত তেওঁলোকে অৰ্ণৱ ফুকনক জীপেৰে জয়ৰামপুৰ আৰু জাগুনৰ মাজত থকা ৰাষ্ট্ৰীয় পথেৰে লৈ গৈছিল। পিছত নিৰাপত্তাৰক্ষীয়ে জীপখন অৰুণাচল প্ৰদেশৰ আওহতীয়া ঠাইত উদ্ধাৰ কৰিছিল। অপহৃত হোৱা দিনা অৰ্ণৱে দেউতাকৰ শিলৰ ব্যৱসায় সংক্ৰান্তত অৰুণাচলৰ খামডু গাৱঁলৈ গৈছিল।

উল্লেখযোগ্য যে আলফাই অৰ্ণৱ ফুকনক অপহৰণ কৰাৰ পূৰ্বে বৰডুচা অঞ্চলৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তক গুলীয়াই হত্যা কৰিছিল।