বিটিচি প্ৰশাসনে আলোচনাপন্থী আলফা সদস্যক প্ৰদান কৰিলে ২৫০ বিঘা ভূমি

হাগ্ৰামা মহিলাৰী

খেতি-বাতিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে  আলোচনাপন্থী আলফা সদস্যক বিটিচি প্ৰশাসনে দেওবাৰে ২৫০ বিঘা ভূমি প্ৰদান কৰে। কোকৰাঝাৰ চহৰৰ পৰা ২৫ কি.মি. নিলগৰ তিনতিলাত অনুষ্ঠিত ভূমি প্ৰদান অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাবে ভূমি প্ৰদান কৰে। ভূমি প্ৰদান কাৰ্যসূচীত বিটিচিৰ উপ প্ৰধান কাম্পা বৰগয়াৰী আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া উপস্থিত আছিল।

‘এই অনুষ্ঠানত মহিলাৰীয়ে কৈছে যে ওদালগুৰি, চিৰাং আৰু বাক্সা জিলাৰ আলফা সদস্য সকলৰ সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত জিলাকেইখনতো ভূমি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে’।

তেওঁ লগতে কয় যে উক্ত ভূমিত দেশৰ লগতে বিদেশৰ বজাৰত ব্যাপক চাহিদা থকা বিভিন্ন ফল মূলৰ খেতি কৰা হ’ব।

‘আমি কিছু অগতানুগতিক ফলৰ খেতি কৰাৰ প্ৰয়াস কৰিছো, যিবিলাক ফল বাংলাদেশত অতিকৈ জনপ্ৰিয়। তদুপৰি মূল্যৱান ছেগুন গছ ৰোপন কৰাৰো চিন্তা চৰ্চা কৰিছো,”-এনেদৰে কয় চেতিয়াই।

আনহাতে আলোচনাপন্থী আলফা সদস্যসকলক চৰকাৰে কিছু অৰ্থনৈতিক সাহায্য আগবঢ়াবলৈও এক প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে বিটিচি প্ৰশাসনে আলফা সদস্য সকলক কাম কৰাৰ সুবিধাৰ্থে ইতিমধ্যে তিনতিলাত দুটা ঘৰ নিৰ্মাণ কৰি দিছে।