• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আল জাজিৰা ডট‌ কমত ড০ হীৰেন গোহাঁইৰ সাক্ষাৎকাৰ : অপব্যাখ্যা আৰু অপপ্ৰচাৰ

শিৱজিত দত্ত by শিৱজিত দত্ত
July 25, 2018 6:30 am
hiren gohain on nrc

হীৰেন গোহাঁই। ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন আগত মধ্যপ্ৰাচ্যৰ কাটাৰত প্ৰতিষ্ঠিত বিশ্বখ্যাত নিউজ চেনেল আল জাজিৰাৰ ৱেব প’ৰ্টেল আল জাজিৰা ডট কমত ড০ গোহাঁয়ে দিয়া এক সাক্ষাৎকাৰক লৈ দুখনমান অসমীয়া দৈনিক কাকতে আৰু কোনো কোনো ব্যক্তি-সংগঠনে চক্ৰান্তমূলক বাতৰি প্ৰচাৰ কৰি এই অসম-হীৰাৰ গাত কলংকৰ বোকা লেটিয়াব খুজিছে। যি কথা তেওঁ কোৱা নাই তাকেই কোৱা বুলি আৰু যি কৈছে তাত পাৰ্যমানে ঢাকোন দি এইসকলে জনতাক বিচলিত কৰিব খুজিছে, যাতে  কূট ৰাজনীতিৰ বিচক্ষণ বিশ্লেষণেৰে সঠিক পথ দেখুওৱা নিজৰ এই মহামিত্ৰকে জনতাই শত্ৰুজ্ঞান কৰি তেওঁৰ কথাত কাণ নিদিয়া হয় আৰু এইদৰে গণ-বিৰোধী ন্যস্ত স্বাৰ্থৰ পথ প্ৰশস্ত হয়।

ড০ গোহাঁইৰ বিৰুদ্ধে  অভিযোগবোৰ এনেকুৱা :- ক) তেওঁ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ হকে ওকালতি কৰিছে, খ) অনুপ্ৰৱেশকাৰীক তেওঁ অসমীয়া বুলিছে, গ) অসম আন্দোলনৰ অস্তিত্বক তেওঁ নস্যাৎ কৰিছে, ঘ) বাংলাদেশী অনুপ্ৰৱেশকাৰীক খিলঞ্জীয়া বুলিছে, ঙ) নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে ১৯৭১ চনটোক কেৱল মুছলমানসকলেহে বুজাবুজি কৰি মানি লৈছে বুলি ড০ গোহাঁয়ে সাক্ষাৎকাৰত কৈছে, চ) মুছলিম বাবেই মানুহ আতিশয্যৰ সন্মুখীন হোৱা বুলি কৈছে, ছ) বিদেশী ন্যায়াধিকৰণৰ কাম-কাজত সন্দেহ প্ৰকাশ কৰি তাক বহুত পক্ষপাতমূলক বুলি কৈছে, জ) বাংলাদেশীসকলক ১৯৭১-ৰ পূৰ্বে অহা বুলি আৰু তেওঁলোক অসমীয়া বুলি কৈছে, ঝ) ১৯৭১-ৰ পূৰ্বৰ অসমৰ বাসিন্দা বুলি স্বীকৃত প্ৰব্ৰজনকাৰীৰ সতি-সন্ততিক ‘আপোন’ আখ্যা দিছে, ঞ) মুছলমানৰ গৰিষ্ঠসংখ্যকৰ গণতান্ত্ৰিক চিন্তা সুস্থ বুলিছে, ট) NRC-ত চক্ৰান্ত হোৱা বুলি আৰু মুছলমানক বঞ্চনা কৰা বুলি অপপ্ৰচাৰ কৰিছে।

আমি ড০ গোহাঁইৰ সাক্ষাৎকাৰৰ পৰা উপযুক্ত উদ্ধৃতি দি এই অভিযোগবোৰৰ মতলববাজি উন্মোচন কৰিম। স্বাধীনতাৰ পূৰ্বৰে পৰা হোৱা অনুপ্ৰৱেশ সম্পৰ্কে তেখেতে কৈছে, “১৯৩০-ৰ দশকত অসমীয়া আৰু আন আন খিলঞ্জীয়া মানুহৰ মাজত ইয়ে (অনুপ্ৰৱেশে) সৃষ্টি কৰা আশংকাৰ কথা মানুহে উপলব্ধি কৰিবই লাগিব। উদাহৰণস্বৰূপে, অসমৰ নগাওঁ জিলাত মুছলিম জনসংখ্যা আছিল প্ৰায় ৫ শতাংশ। ৩০বছৰৰ ভিতৰত সেয়া ২৫ শতাংশলৈ বৃদ্ধি পাইছিল। ইয়াৰ গুৰুত্ব উলাই কৰা নাযায়।” আন এঠাইত কৈছে, “এইটো সম্ভৱ যে অসমত বৃ্হৎ সংখ্যক প্ৰব্ৰজনমূলীয় মানুহ আছে।” “অনুপ্ৰৱেশকাৰীসকল কোন” – এই প্ৰশ্নৰ উত্তৰত তেখেতে কৈছে,“তেওঁলোকৰ সৰহভাগ মুছলিম, কিন্তু কিছুমান হিন্দুও আছে।” নাগৰিকত্বৰ বিষয়টো সন্দৰ্ভত তেখেতে কৈছে, “ইয়াৰ যদি এটা চূড়ান্ত মীমাংসা নহয়, তেন্তে আগবাঢ়ি যাব পৰা নাযাব। …কোন ৰাজ্যখনৰ প্ৰকৃত নাগৰিক আৰু কোন বিদেশী সেয়া নিশ্চিত কৰাটো প্ৰয়োজন।”

এয়াই কি খিলঞ্জীয়াবিৰোধী স্থিতি আৰু বাংলাদেশী অনুপ্ৰবেশকাৰীৰ পক্ষে ওকালতি?

ড০ গোহাঁয়ে হেনো বাংলাদেশী অনুপ্ৰৱেশকাৰীক ‘খিলঞ্জীয়া’ বুলিছে, ১৯৭১-ৰ পূৰ্বে অহা অনুপ্ৰৱেশকাৰীৰ সতিসন্ততিক ‘আপোন’ বুলিছে। যি বুজা গৈছে- বাপুহঁতে ইংৰাজী ‘native’ শব্দটোৰ তাৎপৰ্য নুবুজিলে বা বুজিও নুবুজাৰ ভাও জুৰিলে! ইংৰাজী শব্দবোৰৰ অৰ্থ-বৈচিত্ৰ্যৰ কথা সৰ্বজনবিদিত। ‘নেটিভ’ শব্দটোৱে কেতিয়াবা ‘আপোন’ বুজায়, কেতিয়াবা স্বদেশী বা দেশ বিশেষৰ নাগৰিক বুজায়। ‘নেটিভ’ হৈছে ‘ফৰেইনাৰ’ৰ বিপৰীত অৰ্থ বুজোৱা শব্দ। ড০ গোহাঁইক সোধা হৈছিল– অসমৰ নেটিভ অৰ্থাৎ স্বদেশী কোন! তেখেতে উত্তৰ দিলে, “অনুপ্ৰৱেশকাৰীসকলৰ সতি-সন্ততিসকলো নেটিভ। ধৰ্ম আৰু ভাষা নিৰ্বিশেষে ১৯৪৭ চনৰ বা আনকি ১৯৭১ চনৰো পূৰ্বে অসমত থকা সকলো মানুহক অসমৰ নেটিভ (অৰ্থাৎ নাগৰিক) হিচাপে গণ্য কৰা উচিত। এইটো এক গণতান্ত্ৰিক ঐকমত্য হৈ আহিছে। সেইবাবে আমি ১৯৭১ চনটোক ছেদবৰ্ষ (ভিত্তিবৰ্ষ) হিচাপে গ্ৰহণ কৰিছোঁ আৰু ইয়াক (নাগৰিকত্ব) নিশ্চিত কৰিবলৈ NRC-ৰ প্ৰস্তুতিক মাপকাঠী বুলি গ্ৰহণ কৰিছোঁ।”

দেখা গ’ল অসম আন্দোলনৰ পৰিণাম অসম-চুক্তিৰ যি মৰ্ম, ড০ গোহাঁয়ে তাকেই দোহাৰিছে। ইয়াত অসম আন্দোলনৰ অস্তিত্বক নস্যাৎ কৰাৰ প্ৰশ্ন কিদৰে উঠিল? আকৌ, ‘খিলঞ্জীয়া’ বুজোৱা ইংৰাজী শব্দটো হৈছে ‘indigenous’, ‘native’ নহয়। তেন্তে, বাংলাদেশী অনুপ্ৰৱেশকাৰীক তেখেতে ক’ত, কেতিয়া খিলঞ্জীয়া বুলি ক’লে?

কিছুমান উক্তিত, যেনে, My native land-ত নেটিভ শব্দৰ অৰ্থ ‘আপোন’, কিন্তু  ড০ গোহাঁয়ে এই সাক্ষাৎকাৰটোত ‘নেটিভ’ শব্দৰে ‘আপোন’ বুজোৱা নাই, ‘স্বদেশী’ বা ‘নাগৰিক’হে বুজাইছে। আৰু ‘আপোন’ বুজালে কি মহাভাৰত অশুদ্ধ হ’লহেঁতেন? ১৯৭১ চনৰ আগৰ অনুপ্ৰৱেশকাৰী অসমৰ বাসিন্দা আৰু নাগৰিক – এইটো অসম-চুক্তিৰ কথা। এনে হ’ব পাৰে নেকি যে এওঁলোক অসমৰ নাগৰিক কিন্তু আপোন নহয়? বা এনে হ’ব পাৰে নেকি যে এওঁলোক নাগৰিক কিন্তু এওঁলোকৰ সন্তান অসমৰ নাগৰিক নহয়? মানে মাক-বাপেক অসমত থাকিব পাৰিব আৰু সন্তান বাংলাদেশত থাকিব লাগিব?

নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে ১৯৭১ চনটোক কেৱল মুছলমানসকলেহে বুজাবুজি কৰি মানি লৈছে বুলি ড০ গোহাঁয়ে হেনো সাক্ষাৎকাৰত কৈছে! তেখেতৰ কথাখিনি চাওক, “ভিত্তিবৰ্ষ হিচাপে ১৯৭১ চন হৈছে একধৰণৰ আপোচ-মীমাংসা আৰু ১৯৯০-ৰ দশকত মুছলিমসকলে ইয়াক মানি লৈছে।” আপোচ-মীমাংসা এটা পক্ষই অকলে নকৰে। ড০ গোহাঁয়ে ইংগিত দিছে যে এই আপোচত খিলঞ্জীয়া আৰু পূৰ্ববংগমূলীয় সকলো আছে আৰু পূৰ্ববংগমূলীয় মুছলমান এই আপোচলৈ নব্বৈৰ দশকতহে আহিছে।

আন এক অপ-অভিযোগ এই যে তেখেতে হেনো মুছলমানৰ গৰিষ্ঠসংখ্যকৰ গণতান্ত্ৰিক চিন্তা সুস্থ বুলিছে। এই প্ৰসংগত তেখেতে কোৱা কথাখিনি আমি হুবহু তুলি দিছোঁ, “সকলো সম্প্ৰদায়ৰ মাজতে ইতিবাচক, গণতান্ত্ৰিক চিন্তাৰ লোকো আছে… আৰু প্ৰতিক্ৰিয়াশীল, গোড়া, মতান্ধ লোকো আছে। গতিকে, আচৰিত নহওঁ যে এনে মানুহ মুছলিমৰ মাজতো আছে। কিন্তু, মই ভাবোঁ, তেওঁলোকৰ বেছিভাগৰে আছে এক বেচ সুস্থ গণতান্ত্ৰিক মনোভাৱ।”

অপপ্ৰচাৰকাৰীয়ে কৈছে যে ড০ গোহাঁয়ে বিদেশী ন্যায়াধিকৰণৰ কামকাজত সন্দেহ প্ৰকাশ কৰি তাক বহুত পক্ষপাতমূলক বুলি কৈছে, আৰু NRC উন্নীতকৰণ প্ৰক্ৰিয়াই মুছলমানক বঞ্চনা কৰা বুলি অপপ্ৰচাৰ কৰিছে। এতিয়া ড০ গোহাঁইৰ কথাখিনি লক্ষ্য কৰক : “(ন্যায়াধিকৰণৰ) কিছুমান পক্ষপাতহীন কিন্তু কিছুমান স্পষ্টতঃ পক্ষপাতপূৰ্ণ।” অৰ্থাৎ তেখেতে সকলো ন্যায়াধিকৰণকে পক্ষপাতপূৰ্ণ বোলা নাই আৰু যিখিনিক বুলিছে সেইখিনিৰো পক্ষ কি সেইটো কৈ দিয়া নাই।

আকৌ, মুছলমানক বঞ্চনা কৰা বুলি তেখেতে কি অপপ্ৰচাৰ চলাইছে? তেখেতৰ বক্তব্য চাওঁ আহক : “ঠগবাজি আৰু ভেশছনৰ খবৰ প্ৰচাৰমাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ফলত মানুহ আতংকিত হৈছে। নাগৰিকপঞ্জীৰ প্ৰতি তেওঁলোকৰ আস্থা হেৰাই যাব পাৰে আৰু ইয়ে অসমক বিশৃংখলাত ডুবাই দিব পাৰে। প্ৰতিটো প্ৰমাদ, প্ৰতিটো ক্লেৰিকেল ভুলকে বঞ্চনা (বা প্ৰতাৰণা) বুলিব নোৱাৰি। অ’ত-ত’ত দুই-এটা প্ৰতাৰণাৰ ঘটনা হ’ব পাৰে, কিন্তু এনে এক ধাৰণা গা কৰি উঠিছে যে বৃ্হৎ মাত্ৰাত প্ৰতাৰণা হৈছে। আৰু ই এক ডাঙৰ সমস্যা। মানুহৰ যদি ইয়াৰ (নাগৰিকপঞ্জীৰ) ওপৰত আস্থা হেৰায়, তেন্তে হিন্দু সোঁপন্থী শক্তিবোৰে সুযোগ পাব।” ড০ গোহাঁয়ে তেন্তে বঞ্চনাৰ অপপ্ৰচাৰ কৰিছে নে তেনে অপপ্ৰচাৰে ক্ষতি কৰিব বুলি কৈছে?

আকৌ, মুছলিম বাবেই মানুহ আতিশয্যৰ বলি হোৱা বুলি তেখেতে কোৱা নাই আৰু সকলো অনুপ্ৰবেশকাৰী ১৯৭১-ৰ আগৰ বুলিও কোৱা নাই।

ন্যস্ত স্বাৰ্থজড়িত মহলৰ এই অপব্যাখ্যা আৰু অপপ্ৰচাৰ ইংৰাজী নুবুজি কৰা মূৰ্খামি নে বুজিও  কৰা ধূৰ্তামি নে মূৰ্খামি আৰু ধূৰ্তামিৰ এক অপূৰ্ব সমাহাৰ– সেয়া আমিও ধৰিব পৰা নাই। যিয়েই নহওক, এনে অপপ্ৰচাৰে অসমৰ জনগণৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে। সেয়ে জনগণ সতৰ্ক থাকিব লাগিব। আশা কৰোঁ, আমি উদ্ধৃত কৰা ড০ গোহাঁইৰ উক্তিসমূহে জনগণক তেখেতৰ বিৰুদ্ধে হোৱা অপপ্ৰচাৰ সম্পৰ্কে সজাগ কৰিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক।

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd