• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহোম স্বৰ্গদেউৰ ৰাজ পুৰোহিত পৰ্বতীয়া গোসাঁইৰ উপৰিপুৰুষৰ নাম নাই এন আৰ চিৰ চূড়ান্ত খচৰাত!

মানস ৰয় by মানস ৰয়
August 3, 2018 11:26 pm
Pinaki-Bhattacharjee
843
VIEWS
Share on FacebookShare on Twitter

আহোম স্বৰ্গদেউ শিৱ সিংহই আনি অসমত সংস্থাপিত কৰা ন্যায়বাগীশ কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ উপৰিপুৰুষৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এন আৰ চিৰ চূড়ান্ত খচৰাত!

পৰ্বতীয়া গোসাঁই নামে জনাজাত কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ গুৱাহাটীত থকা একাদশ প্ৰজন্মৰ এজনৰ নাম সোমোৱা নাই এন আৰ চিৰ চূড়ান্ত খচৰাত।

‘এইটো বৰ অপমানজনক কথা। অসুবিধাটো সুকীয়া কথা। মই জানো যে এন আৰ চি ঠিকমতে কৰিলে সকলোৰে মংগল হ’ব পৰা এটা বৃ্হৎ কাম। নাগৰিক হিচাপে যি কৰিব লাগে, আমি কৰিবলৈ প্ৰস্তুত। কিন্তু হঠাৎ যেতিয়া আপোনাক কোৱা হ’ব আপোনাৰ নামটো এন আৰ চিৰ চূড়ান্ত খচৰাত নাই, সেইটো অসুবিধা দিয়া নহয়, অপমানৰ কথা,’ পৰ্বতীয়া গোসাঁইৰ একাদশ প্ৰজন্মৰ এজন পিনাকি ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাও-ক কয়।

পশ্চিম বংগৰ নৱদ্বীপৰ পৰা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ পুতেক ৰুদ্ৰ সিংহৰ পুতেক শিৱ সিংহ বা চুতানফাই শাক্ত পুৰোহিত কৃষ্ণৰাম বা পৰ্বতীয়া গোসাঁইক আনি সংস্থাপিত কৰিছিল।

শিৱ সিংহই কামাখ্যা মন্দিৰৰ চোৱা চিতাৰ দায়িত্ব এই পৰ্বতীয়া গোসাঁইৰ ওপৰতে ন্যস্ত কৰিছিল। নীলাচল পাহাৰৰ ওপৰত ঘৰ পতা বাবে তেওঁক পৰ্বতীয়া গোসাঁইৰূপেও জনা গৈছিল। পৰ্বতীয়া গোসাঁই আছিল আহোম ৰজাৰ ৰাজকীয় পুৰোহিত।

স্থপতিবিদ পিনাকি ভট্টাচাৰ্য্যই গুৱাহাটীৰ উলুবাৰীৰ বি কে কাকতী পথত থকা তেওঁৰ কাৰ্য্যালয়ত নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত কয়, ‘বৈধ আৰু দিব পৰা যি দলিল আছিল মই দাখিল কৰিছিলো। মই মাটিৰ কাগজ আৰু পাৰপত্ৰও জমা দিছিলো। আমি অসমৰ আটাইতকৈ আচল (original) মানুহখিনিৰ অন্যতম। এন আৰ চিৰ উন্নীতকৰণত কিছু কেৰোণ আছে। তেওঁলোকে স্পষ্টিকৰণৰ বাবে আমাক মাতিব পাৰিলেহেঁতেন।’

পিনাকি ভট্টাচাৰ্য্যই জনোৱা মতে চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে তেওঁ দিয়া নথি-পত্ৰ সম্পৰ্কে স্পষ্টিকৰণ বিচাৰি এন আৰ চি কৰ্তৃপক্ষই যোগাযোগ কৰা নাছিল।

চূড়ান্ত খচৰাত তেওঁৰ পৰিয়ালৰ সদস্যৰ নাম নাপাই পিনাকিৰ হৃদয় ভাগি চূৰমাৰ হৈছে। ‘মোৰ নাম যেতিয়া স্বাভাৱিকতেই মোৰ ল’ৰাৰো নাম নাথাকিব, কিন্তু মোৰ পত্নীৰো নাম অহা নাই। তেওঁৰ (পত্নীৰ) দেউতাকৰ নাম আছে, কিন্তু তেওঁৰ নাম নাই,’ ক’লে তেওঁ।

Recent News

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd