• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2025 10:14 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আৰু তাৰ পিছদিনা অৰ্থাৎ দেওবাৰে কুকি-জোৰ সংখ্যাগৰিষ্ঠতা থকা চুৰাচান্দপুৰ জিলাৰ সদৰ চুৰাচান্দপুৰ চহৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে প্ৰস্তুত কৰা সাজসজ্জা ভাঙি পেলোৱাৰ অভিযোগত বৃহস্পতিবাৰে নিশা দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। দেওবাৰে বিয়লি স্থানীয় ৰাইজে মুক্তিৰ তেওঁলোকৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ লয়

Apply Now

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই দাবী কৰা মতে, দেওবাৰে বিয়লি প্ৰতিবাদকাৰীয়ে চুৰাচান্দপুৰ থানাত আক্ৰমণৰ চেষ্টা চলাইছিল। উত্তেজিত ৰাইজে কৰ্তব্যৰত আৰ এ এফৰ জোৱানৰ ওপৰতো শিলগুটি নিক্ষেপ কৰে। ইয়াৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

আৰক্ষী বিষয়াজনে জনোৱা মতে, উত্তেজিত ৰাইজে যেতিয়া থানাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেতিয়া আৰক্ষীয়ে লাঠিচালনাৰ আশ্ৰয় লয়।

আৰক্ষী আৰু প্ৰশাসনে প্ৰতিবাদকাৰীসকলক অৱগত কৰে যে আইনী উপায়েৰে লোক দুজনৰ মুক্তি নিশ্চিত কৰিব লাগিব। ইয়াৰ পিছতে প্ৰতিবাদকাৰীৰ অধিবক্তাই চুৰাচান্দপুৰ জিলা আদালতত দুয়োজন ব্যক্তিৰ জামিন বিচাৰি আবেদন জনায়। কৰ্তব্যৰত দণ্ডাধীশে আৱেদন শুনানি গ্ৰহণ কৰি সন্ধিয়ালৈকে দুয়োজনকে জামিন মঞ্জুৰ কৰে। ইয়াৰ পিছতে পৰিস্থিতি শান্ত হয়।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে চুৰাচান্দপুৰক বহু ফ্লেক্স বেনাৰেৰে সজাই তোলা হৈছিল। কিন্তু বৃহস্পতিবাৰে নিশা স্থানীয় একাংশ বাসিন্দাই সেইবোৰ ভাঙি জুই লগাই দিয়ে। আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিবলৈ চেষ্টা চলাইছিল। ফলত ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। সেই সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল দুজন লোকক।

অৱশ্যে সেই নিশা উত্তেজনা বেছি বিয়পি পৰা নাছিল। কাৰণ, পিছদিনা অৰ্থাৎ শুকুৰবাৰে চুৰাচান্দপুৰ চহৰৰ কেইবাটাও নাগৰিক সংগঠনে সেই লোকসকলৰ কাৰ্যকলাপৰ গৰিহণা দিছিল। প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ পূৰ্বে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনাইছিল।

শনিবাৰে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ দিনটোও কোনো ধৰণৰ উত্তেজনা নোহোৱাকৈ পাৰ হৈ গ’ল। কিন্তু পিছদিনা আকৌ শান্তিত ব্যাঘাত জন্মিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd