আৰ্থিক দীনতাক নেওচি বৰপেটাত সাধাৰণ ট্ৰাক ড্ৰাইভাৰৰ কন্যাৰ কৃতিত্ব : আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক

student

আৰ্থিক দীনতা যে শিক্ষা গ্ৰহণত প্ৰাচীৰ নহয় তাকে প্ৰমাণ কৰিলে বৰপেটা চহৰৰ মুজাফৰ আলীৰ কন্যা মমতাজ বেগমে। মমতাজে সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ ৮৯.৬ শতাংশৰে ডিষ্টিংচন পাই সুখ্যাতিৰে উত্তীৰ্ণ হয়।

উল্লেখযোগ্য বৰপেটা চহৰৰ আজাদ নগৰ নিবাসী মমতাজ (জান্নাত)ৰ পৃতি মুজাফৰ আলী পেছাত এগৰাকী সাধাৰণ ট্ৰাক ড্ৰাইভাৰ। ভীষণ আৰ্থিক অসুবিধাৰ মাজেৰে পৰিয়াল পোহ-পাল দিয়া মুজাফৰ আলীৰ কন্যা মমতাজে আৰ্থিক দীনতাক প্ৰত্যাহবান হিচাপে লৈ নিজ লক্ষ্যত উপনীত হোৱাৰ মানসৰে অব্যাহত ৰাখিছিল পঢ়াশুনা।

বৰপেটা চহৰৰ জৰোৰাম পাঠক ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ খবৰে বিদ্যালয়লৈ আনন্দৰ বন্যা কঢ়িয়াই অনাৰ লগতে দৰিদ্ৰতাৰে ভৰা নিজ ঘৰখনলৈও কঢ়িয়াইছে আশাৰ ৰেঙণি।

অসমীয়াত ৯১, ইংৰাজীত ৯০, সাধাৰণ গণিত ৮৫, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৩ আৰু হিন্দীত ৮০ নম্বৰসহ মুঠ ৫৩৮ নম্বৰ লাভ কৰা মমতাজ বেগমে ভৱিষ্যতে এগৰাকী চিকিৎসক হৈ লাঞ্চিত বঞ্চিত লোকসকলক উপযুক্ত সেৱা আগবঢ়োৱাৰ আশা পুহি ৰাখিছে।

জাতি ধৰ্ম-বৰ্ণহীন তথা কেৱল মানৱতাৰ জয়গান গোৱা এখন সমাজ গঢ়াৰ সংকল্পৰে মমতাজে সম্প্ৰতি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত অধ্যয়ন কৰিব।

চিত্ৰকলাৰ দহ বছৰীয়া ডিপ্লমা লাভ কৰা মমতাজ বেগমে বিশিষ্ট ব্যক্তিসকলৰ জীৱনী পঢ়ি ভাল পোৱাৰ লগতে আজৰি সময়ত মাতৃ হেলমিনা বেগমক ঘৰুৱা কাম-কাজতো সহায়-সহযোগিতা কৰে।

ছাত্ৰী গৰাকীৰ কৃতিত্বত বৰপেটা চহৰৰ আজাদ নগৰবাসীৰ লগতে বিদ্যালয় কতৃপক্ষই উৎফুল্লিত হৈ পৰাৰ লগতে ছাত্ৰী গৰাকীৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে কামনা কৰিছে।