কৃষক আৰু যুৱ সৱলীকৰণৰ লক্ষ্যৰে ইম্ফলত ১১সংখ্যক ৰাজ্যিক আনাৰস উৎসৱ

Pineapple festival in Manipur

বিভিন্ন ঋতুভিত্তিক কৃষি উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰি মণিপুৰৰ পুব ইম্ফল জিলাৰ আণ্ড্ৰো সমষ্টিৰ অন্তৰ্গত থামবালনু বজাৰ চৌহদত কালিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয় একাদশ ৰাজ্যিক পৰ্যায়ৰ আনাৰস উৎসৱ ও ক্ৰেতা-বিক্ৰেতা সন্মিলন আৰু যুৱ মহোৎসৱ ২০১৮।

মণইপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাই ৬দিনীয়া এই মহোৎসৱৰ আয়োজন কৰে। এই মহোৎসৱৰ আয়োজন কৰিছে ডেভেলপমেণ্ট আৰ্গেনাইজেশ্যন আণ্ড্ৰো কেন্দ্ৰই (Development Organization, Andro Kendra চমুকৈ  DOAK)।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্ত কুমাৰ সিং, উদ্যান-শস্য আৰু ভূমি সংৰক্ষণ আৰু বন আৰু পৰিৱেশ, নগৰ উন্নয়ন মন্ত্ৰী থ শ্যামকুমাৰ, ডেভেলপমেণ্ট আৰ্গেনাইজেশ্যন আণ্ড্ৰো কেন্দ্ৰৰ পৃষ্ঠপোষক সদস্য ববিতা দেৱী, উদ্যান শস্য, ভূমি সংৰক্ষণ, নগৰ পৰিকল্পনা, বন আৰু পৰিৱেশ বিভাগৰ বিষয়া কৰ্মচাৰী, আনাৰস কৃষক আৰু স্থানীয় ৰাইজ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।

ৰাজ্যপালে থামবালনু বজাৰত উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ অধীনত নিৰ্মিত শীতলীকৰণ গোটটোও উন্মোচন কৰে। তেওঁ উৎপাদন বৃদ্ধি কৰাৰ বাবে এক সন্মিলিত প্ৰচেষ্টাৰ ওপৰত জোৰ দিয়ে। মণিপুৰত উৎপাদিত আনাৰসৰ ভিতৰত ‘কুইন’ (Queen) আৰু ‘কিউ’ (Kew) প্ৰকাৰৰ আনাৰস সোৱাদৰ বাবে মানুহৰ মাজত অধিক জনপ্ৰিয়। এই সমূহৰ উৎপাদন ৰজ্যখনৰ বাহিৰৰ বজাৰত বিক্ৰি কৰাৰ বাবে যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰি।

তেওঁ আৰু পৰামৰ্শ দিয়ে যে আনাৰস আৰু ৰাজ্যখনত উৎপাদিত আন আন প্ৰকাৰৰ ফলমুল শুকাই অধিক লাভত বিক্ৰি কৰিব পাৰি। ২০০৮ চনত আৰম্ভ হোৱা এই মহোৎসৱে কৃষক সৱলীকৰণ কৰিছে আৰু সকলো কৃষককে এখন সমূহীয়া মঞ্চত একত্ৰিত কৰিছে, কৃষি-পৰ্যটনৰ বিকাশ কৰাৰ লগতে একতা আৰু ভ্ৰাতৃত্ববোধৰ জগাই তুলিছে।

ভাষণ প্ৰসংগত স্বাস্থ১ আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্ত কুমাৰ সিঙে পৰম্পৰাগত আৰু স্থানীয় ঔষধি উদ্ভিদ ৰোপণ কৰাত জোৰ দিয়ে।

উদ্যান শস্য আৰু ভূমি সংৰক্ষণ মন্ত্ৰী থ শ্যামকুমাৰে কৈছে যে এই উৎসৱ আয়োজন কৰাৰ প্ৰাথমিক উদ্দেশ্য হৈছে যুৱ প্ৰজন্মৰ সম্ভাৱনাক সম্পূৰ্ণ উপযোগিতা কৰি ৰাজ্যখনৰ পাৰম্পৰিক মূল্যবোধক ৰক্ষণাৱেক্ষণ দিয়া। তেওঁ আৰু কয় যে অহা বছৰৰ এই উৎসৱৰ পূৰ্বেই পইৰৌখংজিল মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ ৰাখিব। নতুনকৈ উন্নীতকৃত আংথা আৰু টপ চিংথা ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে আনাৰস মহোৎসৱত মুঠ ১৬৩খন আনাৰসৰ বিপণী, ৫৪ অন্য বিপণী আৰু ৩২খন খাদ্য বিপণীয়ে অংশগ্ৰহণ কৰিচিল। এই আনাৰস মহোৎসৱ জুলাইৰ ১৯ তাৰিখে অন্ত পৰিব।