উগ্ৰবাদত সাঙুৰিলে গোটেই বড়ো সম্প্ৰদায়ক : ৰমীলা থাপাৰৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া-প্ৰতিবাদ বড়োলেণ্ড বিশ্ববিদ্যালয়ত

BodolandUniversity

বড়ো লেখক-বুদ্ধিজীৱী, পণ্ডিত, ছাত্ৰ-শিক্ষকে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইতিহাসবিদ ৰমীলা থাপাৰ আৰু লেখক সঞ্জয় হাজৰিকাৰ বিৰুদ্ধে ২৯ মে’ত সামূহিক প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে অলপতে প্ৰকাশিত ৰমীলা থাপাৰৰ Ancient Indian Social History: Some Interpretations নামৰ গ্ৰন্থখনত বড়োসকলক ভয়ংকৰ উগ্ৰপন্থী বুলি উল্লেখ কৰা হৈছিল। গ্ৰন্থখন প্ৰকাশ কৰিছে Orient Blackswan Private Limited –এ। গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ ৩৭৮ পৃষ্ঠাৰ এটা শাৰীত উত্তৰ-পূবৰ উগ্ৰপন্থীৰ কথা উল্লেখ কৰিবলৈ যাওঁতে বড়ো মিলিটেণ্টৰ পৰিৱৰ্তে বড়ো বুলি উল্লেখ কৰিছে ইতিহাসবিদগৰাকীয়ে।

একেদৰে লেখক সঞ্জয় হাজৰিকাই তেওঁৰ ষ্ট্ৰেঞ্জাৰছ ন’ ম’ৰ (Strangers No More) নামৰ অলপতে প্ৰকাশিত গ্ৰন্থখনত (Aleph Book Company-এ প্ৰকাশ কৰিছে) ২০০৮ চনত গুৱাহাটীৰ গণেশগুৰিত হোৱা ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ বাবে সমগ্ৰ বড়ো সম্প্ৰদায়টোক অপবাদ দিয়া হৈছে। (পৃষ্ঠা ১৮৭)।

এই দুয়োটা কথাক লৈ বড়োসমাজ ক্ষোভিত হৈ পৰে আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত লেখক-লেখিকা দুজনৰ বিৰুদ্ধে ধৰ্ণা দিয়া হয়। প্ৰতিবাদত অংশগ্ৰহণ কৰাসকলে গোটেই বড়ো সম্প্ৰদায়টোকে অপৰাধী সজা বা উগ্ৰপন্থী সজা কাৰ্য্যক গৰিহণা দিয়ে। লেখক-লেখিকা দুগৰাকীৰ উপৰি গ্ৰন্থখনৰ প্ৰকাশক গোষ্ঠী দুটাৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে কয় যে দুয়োটা ক্ষেত্ৰতে বড়োসকলক সামগ্ৰিকভাৱে সন্ত্ৰাসবাদ, উগ্ৰবাদৰ সৈতে সাঙুৰি লোৱাটোৰ তীব্ৰ গৰিহণা দিয়া হয়। দুয়োখন গ্ৰন্থ শুধৰণি নকৰালৈকে বিক্ৰী বন্ধ ৰখাৰ দাবী তোলাৰ লগতে লেখক-লেখিকা দুগৰাকীৰ পৰা তেওঁলোকে ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে।

“ৰমীলা থাপাৰ এগৰাকী সুখ্যাত শিক্ষাবিদ, ইতিহাসবিদ হৈয়ো বড়োসকল আৰু উত্তৰ-পূবৰ প্ৰকৃত সমস্যাবোৰ সম্পৰ্কত উপযুক্ত ধাৰণা নথকাৰ লগতে এইবোৰৰ প্ৰতি অশোভনীয় অৱজ্ঞা থকাটো নিন্দনীয়। তেওঁৰ দৰে এগৰাকী লেখিকাৰ এনেকুৱা ভুল হতাশাজনক।” প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পিছত প্ৰচাৰ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এইদৰে কোৱা হৈছে। এইখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অখিল বড়োৰ দ্বাৰা স্বাক্ষৰিত।

তেওঁলোকে কয়, “প্ৰকাশকগোষ্ঠীকেইটাও সমানে দায়ী। আমি সদায় কৈ আহিছো যে বড়োসকল অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। বড়ো ভাষাও সংবিধান স্বীকৃত এটা চৰকাৰী ভাষা। কিন্তু বড়োসকলে এতিয়াও নিজৰ ৰাজনৈতিক অধিকাৰ পাবৰ বাবে সংগ্ৰাম কৰি আছে।” এইদৰে কয় প্ৰতিবাদত ভাগ লোৱা একাংশ প্ৰতিবাদকাৰীয়ে।