উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰক : কৃষক মুক্তি সংগ্ৰাম সমিতি

Shiladitya Dev

ফাইল ফটো

বিজেপি বিধায়ক শিলাদিত্য দেবে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি চলোৱা প্ৰচাৰৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধায়কজনক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু মুকুট ডেকাই আজি এন ই নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে একাংশ ৰাজনৈতিক নেতাই এন আৰ চিক লৈ ষড়যন্ত্ৰ কৰিবলৈ এতিয়াও এৰা নাই। সংগঠনটোৰ মতে যদি চৰকাৰে শিলাদিত্য দেবক গ্ৰেপ্তাৰ নকৰে তেন্তে বিজেপি-আৰ এছে এছে তেওঁৰ জৰিয়তেই এন আৰ চিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে বুলি ভাবিবলৈ তেওঁলোক বাধ্য হ’ব।

সংগঠনটোৱে লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাৰ শান্তিপূৰ্ণ প্ৰকাশে আৰ এছ এছ-বিজেপিৰ চক্ৰান্ত বিফল কৰিলে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰতি অসমৰ ৰাইজৰ শান্তিপূৰ্ণ অথচ উৎসাহজনক সঁহাৰিৰ বাবে সংগঠনটোৱে অসমৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

 

এন আৰ চি প্ৰসংগত আছু আৰু ২৮ টা জনজাতীয় সংগঠনৰ আহ্বান

নাগৰিকপঞ্জীৰ প্ৰথম খচৰা প্ৰকাশৰ পৰৱৰ্তী কামখিনি দুগুণ উদ্যমেৰে জাতীয় দায়িত্ব হিচাপে গণ্য কৰি এখন শুদ্ধ নাগৰিকপঞ্জী অসমৰ ৰাইজলৈ আগবঢ়াবলৈ প্ৰক্ৰিয়াটোৰ লগত জড়িত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিষয়া-কৰ্মচাৰী সকলৰ প্ৰতি আহ্বান জনাইছে আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে।

সংগঠনসমূহৰ হৈ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে এন ই নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত  কয় যে প্ৰ-পত্ৰ পূৰণৰ পৰা আৰম্ভ কৰি খচৰা চোৱালৈকে অসমৰ ৰাইজে জনোৱা শান্তিপূৰ্ণ সঁহাৰিয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰতি থকা অসমৰ ৰাইজৰ আস্থা প্ৰমাণ কৰিলে।

বিবৃতিটোত লগতে কোৱা হয় এখন সম্পূৰ্ণ বাংলাদেশী নাম মুক্ত শুদ্ধ নাগৰিকপঞ্জী সম্পন্ন নোহোৱালৈকে অসমৰ জনসাধাৰণ সজাগ আৰু সচেতন হৈ থাকিব লাগিব।

সংগঠনকেইটাই নাগৰিকপঞ্জী উন্নীতকৰণৰ লগত  জড়িত বিষয়া-কৰ্মচাৰী সকলকো দিনে-নিশাই কাৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।