নাগৰিকত্ব আইন, ১৯৫৫ৰ সংশোধনী বিধেয়ক, ২০১৬ত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে কৈছে – স্ব-ৰাষ্ট্ৰত ধৰ্মীয় নিৰ্য্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান এই প্ৰতিৱেশী ৰাষ্ট্ৰ তিনিখনৰ ধৰ্মীয় সংখ্যালঘুসকলক, মূলতঃ হিন্দু (লগতে বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন আৰু পাৰ্চী), ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ’ব। নাগৰিকত্ব প্ৰদান কৰা হ’ব The Passport (Entry into India) Act, 1920 আৰু The Foreigners Act, 1946-ৰ কিছু নিয়মৰ অধীনত। এই বিধেয়কখনে আৰু এটা কথা কৈছে — সেয়া হ’ল স্বাভাৱিকভাৱে নাগৰিকত্ব (citizenship by naturalisation) লাভৰ সময়সীমাটো এঘাৰৰ পৰা ছবছৰলৈ কমাই অনা হৈছে। লগতে আকৌ কৈছে– জিলা উপায়ুক্তৰ ওচৰত এইসকল লোকে পূৰ্বৰ ১৫০০০ টকাৰ বিপৰীতে ১০০ টকাতেই নাগৰিকত্ব লাভৰ বাবে আবেদন জনাব পাৰিব।
কংগ্ৰেছ দল আৰু বাওঁপন্থী দলসমূহৰ বিৰোধৰ হেতুকে শাসকীয় দলৰ চৰকাৰে এই সংশোধনীক আইনত পৰিণত কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। অসমত সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে জাতীয়তাবাদী ভাবাপন্ন প্ৰায়খিনি দল-সংগঠন আৰু আণ্ঞ্চলিকতাবাদী অগপ দল এতিয়ালৈ সোচ্চাৰ হৈ আছে।
উল্লেখৰ নিষ্প্ৰয়োজন, অসমত বিদেশী বা বাংলাদেশীৰ ইছ্যুটো কে’বাদশকজোৰা এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়। থলুৱা অসমীয়া অসমত সংখ্যালঘু হোৱাৰ পথত– গৃহহীন, ভূমিহীন, কৰ্মসংস্থাপনহীন থলুৱাৰ আলাই-আথানিৰ শেষ নাই– এতিয়া ক্ৰমশঃ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিকভাৱে থলুৱা অসমীয়া স্ব-ভূমিতে নিগ্ৰহৰ সমুখীন হোৱাৰ উপক্ৰম হৈছে।
কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটি এখন গঠন কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰাৰ বিষয়টো সন্দৰ্ভত সম্প্ৰতি দেশখনৰ দল-সংগঠনৰ জনমত সংগ্ৰহ কৰি আছে। যদিহে বিধেয়কখন আইনত পৰিণত হয় সংবিধানৰ প্ৰস্তাৱনাৰ ক্ষেত্ৰত আপোচ কৰা বুলিয়েই দেশ জ্বলিব। বিশেষকৈ অসম অগ্নিগৰ্ভা হ’ব অসমৰ খিলণ্ঞ্জীয়াৰ মূৰত বিদেশীৰ বোজাটো জাপি দিয়াৰ বাবে।
২০১৪ চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিবলৈ তৎপৰতা চলাই আহিছে। ২০১২ চনত দুটা স্বেচ্ছাসেৱী সংস্থাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত বাংলাদেশৰ পৰা ধৰ্মীয় নিৰ্য্যাতনৰ সন্মুখীন হৈ ভাৰতলৈ পলাই অহা হিন্দু আৰু স্ব-ৰাষ্ট্ৰত সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলক অসম চুক্তিৰ গইনাৰে অবৈধ অনুপ্ৰৱেশকাৰী বুলি ভাৰতত বিবেচনা কৰিব নালাগে আৰু স্ব-ৰাষ্ট্ৰলৈ ওভটাই পঠিয়াব নালাগে বুলি জনোৱা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ পৰিণতিত বিষয়টোৱে ভাৰতত গতি লাভ কৰে। ২০১৩ চনত দেশৰ উচ্চতম ন্যায়ালয়ত শুনানি হয় আৰু ন্যায়ালয়ে বাংলাদেশৰ পৰা বিতাড়িত বা পলাই আহি ভাৰতত আশ্ৰয় লোৱা ধৰ্মীয় সংখ্যালঘুৰ সমস্যাটো কেৱল অসমকেন্দ্ৰিক নহয় বুলি কোৱাৰ লগে লগে বিষয়টো ৰাষ্ট্ৰীয় ইছ্যু হৈ পৰে।
২০১৪ চনৰ লোকসভা নিৰ্বাচনত আৰু বিশেষকৈ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত নাগৰিকত্ব আইনৰ এই বিষয়ক সংশোধনীৰ প্ৰসংগটোৱে অধিক গুৰুত্ব লাভ কৰে। ২০১৪ চনৰ সংসদীয় নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে স্পষ্টকৈ বিশ্বৰ সকলো প্ৰান্তৰ নিৰ্য্যাতিত হিন্দুৰ বাবে ভাৰত স্বাভাৱিক গৃহভূমি (natural home) আৰু সেই নিৰ্য্যাতিত হিন্দুসকলক শৰণাৰ্থী হিচাপে ভাৰতে আদৰিব বুলি ঘোষণা দি থৈছে। নিৰ্বাচনী ৰে’লি এটাত আনকি তেতিয়াৰ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে কৈছে ‘বিভিন্ন দেশত থকা নিৰ্য্যাতিত হিন্দুসকলৰ প্ৰতি আমাৰ দায়িত্ব আছে। ভাৰতেই তেওঁলোকৰ বাবে একমাত্ৰ সুৰক্ষিত ঠাই। আমি তেওঁলোকক সুবিধা দিম।’
বিজেপি সভাপতি অমিত শ্বাহেও ২০১৫ চনত মুকলিকৈয়ে ঘোষণা দি থৈছে ‘ধৰ্মীয় অত্যাচাৰৰ পৰা হাত সাৰিবলৈ বাংলাদেশৰ পৰা কিছুমান হিন্দুলোক আহিছে। অহা বছৰ (অৰ্থাৎ ২০১৬ চনত) আমি অসমত শাসনলৈ আহিলে তেওঁলোক সকলোকে বিজেপি দলে নাগৰিকত্ব প্ৰদান কৰিব।’
এটা কথা ইয়াৰ পৰা স্পষ্ট– সংখ্যাগৰিষ্ঠ হিন্দু বাংলাদেশী অসমত আছে বা অসম অভিমুখে আহি আছে বা তেওঁলোকক অসমলৈ স্বাগতম এই নেতাসকলে জনাইছে।
বিষয়টোৰ সমৰ্থন কৰা বা বিৰোধ কৰাটো ভিন্ন কথা, সুস্থ বিতৰ্কৰ স্বাৰ্থত এটা কথা ক’ব পাৰি– হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খোজাটো বিজেপিৰ গোপন কাৰ্য্যসূচী নহয়। সকলো শ্ৰেণীৰ ভোটাৰ এই বিষয়ে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বা বিগত অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অৱগত আছিল। নিশ্চয়কৈ বুজিবলৈ বাকী নাই যে হিন্দু ভোটাৰৰ সাংগঠনিক ভেটি সবল কৰিবলৈ বিজেপিয়ে এই আগ্ৰহ প্ৰকাশ কৰিছে।
বিজেপিৰ শৰণাৰ্থী কোষে নাগৰিকত্ব আইনৰ ১৮ নং ধাৰাৰ অধীনত সংশোধনীৰ জৰিয়তে প্ৰতিৱেশী ৰাষ্ট্ৰৰ পৰা অহা হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰ্জি কৰাত বিষয়টো অধিক স্পষ্ট হৈ পৰে।
প্ৰতিৱেশী ৰাষ্ট্ৰৰ পৰা অহা বিদেশীৰ বিষয়টো ধৰ্মীয় দৃষ্টিভংগীৰে বিবেচনা কৰাৰ ভাৰত চৰকাৰৰ এই কৌশলটো ইজৰাইলৰ Law of Return-ৰ প্ৰায় সমধৰ্মী। Law of Returnৰ অধীনত ইজৰাইলে কেৱল জু ধৰ্ম (Jew)ৰ লোকসকলক ইজৰাইলত সোমোৱা আৰু সংস্থাপিত হোৱাৰ অনুমতি প্ৰদান কৰে, যিটো ভাৰতৰ সাংবিধানিক বহুত্ববাদ আৰু সহাৱস্থান নীতিৰ বিৰোধী। সাংবিধানিক নীতিবিৰুদ্ধ ঠিক এই কামটোকেই, ধৰ্মীয় দৃষ্টিভংগীৰে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ যো-জা, কেন্দ্ৰীয় চৰকাৰখনে কৰিবলৈ বিচাৰিছে।
কেৰোণটো সেইখিনিতে– নাগৰিকত্ব প্ৰদানৰ বিষয়ত ধৰ্মীয় বিবেচনাৰ কথা কিয় আহিব! কিন্তু বিজেপিৰ ফান্দাটোৱেই হৈছে– সকলো হিন্দুৱেই ভাৰতীয়। কৈ থোৱা যুগুত হ’ব– নাগৰিকত্ব প্ৰসংগত ধৰ্মীয় দৃষ্টিকোণক সমুখলৈ বিজেপিয়েই বা এইবাৰেই প্ৰথম অনা হোৱা নাই। সংবিধানৰ ছয় আৰু সাত নং অনুচ্ছেদত পূৰ্বতেই প্ৰকাৰান্তৰে এই দৃষ্টিকোণৰ কথা আহিছে। ছয় নং অনুচ্ছেদে দেশ বিভাজনৰ ঘোষণাৰ পাছত ভাৰতলৈ অহা পাকিস্তানী হিন্দুসকলক নাগৰিকত্ব দিয়াৰ কথা কোৱাৰ সমানে সাত নং অনুচ্ছেদে দেশ বিভাজনৰ ঘোষণাৰ পাছত ভাৰত এৰি গৈ পাছত আকৌ ভাৰতত প্ৰৱেশ কৰা মুছলমানসকলক জীৱিকা, সম্পত্তি, নাগৰিকত্ব ওভটাই দিয়াৰ কথা কৈছে। তাৰপিছত ২০০৪ চনত নাগৰিকত্ব আইনৰ সংশোধনী কৰা হৈছিল য’ত প্ৰথমবাৰৰ বাবে ধৰ্মক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিষয়বস্তু কৰা হৈছে। ভাৰতৰ পশ্চিম সীমান্তৰে ১৭০০০ পাকিস্তানী হিন্দু ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে পাকিস্তানলৈ পুনৰ উভটি যাবলৈ অস্বীকাৰ কৰিছিল। তেতিয়াই এইসকল হিন্দু অনুপ্ৰৱেশকাৰীক সুযোগ দিবলৈ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব নিয়ম ১৯৫৬ (Citizenship Rules of 1956) সংশোধনী কৰে। এই সংশোধনীটোৰ Section 3 (2) (ii)ত কোৱা হয়—‘In respect of minority Hindus with Pakistan citizenship who have migrated to India more than five years back… the authority to register a person as a citizen of India… shall be the Collector of the district where the applicant is normally resident’. কেন্দ্ৰত তেতিয়া আছিল ইউপিএ’ চৰকাৰ।
প্ৰশ্নটো হৈছে– যদি কেৱল উক্ত ৰাষ্ট্ৰসমূহৰ ধৰ্মীয় সংখ্যালঘুসকলকেই নাগৰিকত্ব প্ৰদান কৰাৰ চিন্তা কৰা হয়, পাকিস্তানৰ আহমদীয় আৰু চিয়াসকলকো কিয় সাঙুৰি লোৱা নহ’ব? কাৰণ আহমদীয় আৰু চিয়াসকলক এই ৰাষ্ট্ৰসমূহে মুছলমান বুলি নাভাবে। আকৌ প্ৰতিৱেশী ৰাষ্ট্ৰ বুলি কওঁতে কেৱল মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰসমূহ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানকেই লক্ষ্য কৰি লোৱা হৈছে কিয়! ম্যানমাৰ আৰু চীনকো সামৰি লোৱা নহ’ব কিয়! ম্যানমাৰৰ মুছলমান (ৰহিংগীয়া) আৰু চীনৰ মুছলমান (য়ুঘুৰ) আৰু বৌদ্ধধৰ্মী সকলকো (তিব্বতৰ দালাই লামা পন্থী) ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাটোও একেই যুক্তিত উচিত নহ’বনে! শ্ৰীলংকাস্থ বা শ্ৰীলংকাৰ পৰা আহি ভাৰতত শৰণাৰ্থী হিচাপে থকা ভাৰতীয় মূলৰ তামিলসকলকো- মালাইহা (অধিকাংশই দলিত)– ভাৰতীয় নাগৰিকত্ব লাভৰ পৰা কিয় বণ্ঞ্চিত কৰা হ’ব! ম্যানমাৰৰ হিন্দুখিনিৰ কথাও কিয় নাই বিধেয়কখনত! ম্যানমাৰততো অসমীয়া মূলৰেই বহু লোক আছে– সৌসিদিনাৰ আহোম সাম্ৰাজ্যৰ হেমো আইদেউৰ ইতিহাস এবেগেত দূৰৰহে মাথোঁ!
উদ্বেগজনক কথাটো হৈছে– ইতিমধ্যেই উক্ত প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ পৰা অহা লোকসকলক বিদেশী (foreigner) বুলি কোৱাৰ সলনি চৰকাৰে অনুপ্ৰৱেশকাৰী (migrants) বুলি ক’বলৈ লৈছে। আৰু এতিয়া নাগৰিকত্ব প্ৰদান কৰিবলৈ কেৱল বাকী আছে। আমোদজনক কথা– পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকলে চৰকাৰী শৰণাৰ্থী শিৱিৰত ন্যূনতম সা-সুবিধা নোহোৱাকৈ যিদৰে বসতি কৰি আছে, ভাবি দুখ লাগে যে কেৱল পাঁচবছৰৰ মূৰত কেৱল ইভিএমৰ বুটাম টিপাবলৈহে এইসকল লোকক গিনিপিগৰ দৰে ৰাজনৈতিক দলবোৰে নাগৰিকত্ব দি পুহি ৰাখিব বিচাৰে! দুৰ্দশাগ্ৰস্ত এই লোকবোৰৰ প্ৰতি ৰাষ্ট্ৰযন্ত্ৰ আচলতে কিমান সহানুভূতিশীল, তাৰ এটা সৰু উদাহৰণ—২০০৩ চনত ভাৰত-বাংলাদেশ সীমান্তৰ ন’ মেনছ লেণ্ডত ২১৩ জন লোকে দুইখন সীমামূৰীয়া ৰাষ্ট্ৰৰ সঁহাৰি বিচাৰোঁতে ভাৰত কিম্বা বাংলাদেশ কোনো এখন ৰাষ্ট্ৰয়েই তেওঁলোকক গ্ৰহণ কৰিবলৈ আগুৱাই অহা নাছিল।
আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা— 1951 UN Refugee Conventionত ভাৰত স্বাক্ষৰিত ৰাষ্ট্ৰ নহয়। গতিকে অন্য ৰাষ্ট্ৰৰ নিপীড়িত লোকক ভাৰতে আশ্ৰয় দিয়াৰ প্ৰয়োজন নাই। তাৰপিছতো যদি ভাৰতে তেনে প্ৰস্তুতি চলায়, প্ৰতিৱেশী ৰাষ্ট্ৰকেইখন মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰ হেতুকে আন্তঃৰাষ্ট্ৰীয় জটিলতাৰ প্ৰসংগ এটা এইক্ষেত্ৰত আছেই। বিধেয়কখনে ৰাষ্ট্ৰসংঘই কোৱা আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী আইনৰ দুটা দিশ মূলতঃ বিঘ্নিত কৰিছে। এক, বিধেয়কখনে পৰৰাষ্ট্ৰৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুখিনিক শৰণাৰ্থী বুলি নকৈ অনুপ্ৰৱেশকাৰী বুলি কৈছে, অথচ তেওঁলোক শৰণাৰ্থী (refugee) — অনুপ্ৰৱেশকাৰী (migrants) নহয়। অনুপ্ৰৱেশ কেতিয়া হয়– যেতিয়া স্বেচ্ছাই (voluntarily) কোনো লোক ইঠাইৰ পৰা সিঠাইলৈ যায়– সাধাৰণতে স্বচ্ছল জীৱন-যাপনৰ বাবে। আকৌ শৰণাৰ্থী বুলি কেতিয়া কোৱা হ’ব– যেতিয়া লোকজন জোৰ-জুলুম বা অত্যাচাৰত (forced) অতীষ্ঠ হৈ ইঠাইৰ পৰা সিঠাইলৈ যাব– অধিকাৰ, সুৰক্ষা এইবিলাক প্ৰসংগ ইয়াত জড়িত হৈ থাকিব– স্বেচ্ছাই (voluntarily) নহয়। অথচ গৃহমন্ত্ৰীয়ে বিধেয়কখন সম্পৰ্কত কৈ থৈছে– বিধেয়কখন অনাৰ মূল উদ্দেশ্যটো হৈছে নিৰ্যাতিত বা vulnerable ধৰ্মীয় সংখ্যালঘুক আশ্ৰয় দিয়া, যিসকলৰ মৌলিক অধিকাৰ সেই দেশসমূহত বিপদগ্ৰস্ত হৈছে। প্ৰশ্নটো হ’ল– মৌলিক অধিকাৰ, মানৱ অধিকাৰ বিপদগ্ৰস্ত হয় শৰণাৰ্থীৰহে, বিধেয়কখনৰ মতেতো নাগৰিকত্ব দিব খোজা লোকসকল অনুপ্ৰৱেশকাৰীহে! দ্বিতীয় কথাটো হৈছে– টাৰ্গেট কৰা হৈছে মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰকেইখনক আৰু সেই ৰাষ্ট্ৰকেইখনৰ ধৰ্মীয় সংখ্যালঘুসকলক। এলানি নিৰ্দিষ্ট ধৰ্মীয় লোকক টাৰ্গেট কৰি লোৱাৰ অভিপ্ৰায়টোৰ আঁৰত কি কথা আছে, এয়া আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী নীতিয়ে জানিবলৈ বিচাৰিব। কাৰণ ইয়ে আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী নীতিৰ ৰেচনেলিটিক অমান্য কৰে। নিপীড়িত ধৰ্মীয় সংখ্যালঘুক পৰিত্ৰাণেই যদি দিব খোজে –শ্ৰীলংকা, চীন, ম্যানমাৰৰ মুছলমানখিনিক পৰিত্ৰাণৰ সুযোগ নিদিব কিয়! ২০১৫ চনত ৩৬০০০ ৰহিংগীয়া মুছলমানে ম্যানমাৰত অত্যাচাৰ সহিব নোৱাৰি ভাৰতত পলাই আহি প্ৰৱেশ নকৰিছে জানো! তেওঁলোকৰ প্ৰতিও একেই যুক্তিৰে চৰকাৰ দায়িত্বশীল হোৱা উচিত নহয়নে!
আশ্চৰ্য্যকৰভাৱে ভাৰতৰ এতিয়ালৈ কোনো নিৰ্দিষ্ট শৰণাৰ্থী নীতি নাই। এক থূলমূল ৰূপৰেখা এটাহে মাত্ৰ আছে যে শৰণাৰ্থীয়ে স্ব-ৰাষ্ট্ৰৰ পৰিস্থিতি সুস্থিৰ হ’লে স্ব-ৰাষ্ট্ৰলৈ উভটি যাব লাগিব। দালাই লামাৰ ভাৰতত প্ৰৱেশৰ সময়ত জৱাহৰলাল নেহৰুৱে আভাস দিয়া শৰণাৰ্থী বিষয়ক কথা এতিয়ালৈ আচলতে ভাৰতত এইখিনিয়েই। সেয়েহে প্ৰকৃততে যদি শৰণাৰ্থীসকলৰ প্ৰসংগত ভাৰত চৰকাৰ আগ্ৰহী হ’লহেঁতেন, এক নিৰ্দিষ্ট humanitarian refugee policy ফৰ্মুলেট কৰিবলৈ বিচাৰিলে হয়, ভাৰতে প্ৰথমতে ৰাষ্ট্ৰসংঘৰ ৰিফিউজী কনভেনচনৰ স্বাক্ষৰিত দেশ হিচাপে স্বীকৃতি পাবলৈ বিচাৰিলে হয়। কিন্তু তেনে উদ্যোগটো পৰিলক্ষিত হোৱা নাই। সঁচা অৰ্থত আন্তৰিকতা নাই কাৰণে সকলো শ্ৰেণীৰ শৰণাৰ্থীক ব্লেংকেট কাভাৰ দিয়াৰ সলনি নিৰ্দিষ্ট এলানি ধৰ্মীয় লোকক বিবেচনাৰে নাগৰিকত্ব প্ৰদানৰ বিষয়টোক বিজেপিয়ে এটা সাম্প্ৰদায়িক ইছ্যু কৰি নিজস্ব ৰাজনৈতিক এজেণ্ডাৰ অভীষ্ট সিদ্ধি কৰিব বিচাৰিছে।
উল্লেখ্য যে, ২০১৪-১৫ বৰ্ষত ৪৩০০ গৰাকী পাকিস্তানী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছে বুলি বিজেপিয়ে ভিন্ন সময়ত দাবী কৰি আহিছে। কিন্তু সীমান্ত লোক সংগঠন নামৰ সংস্থা এটাই কৰা আৰ টি আই অনুসন্ধানত জানিব পৰা গৈছে, ২০১৪-১৫ বৰ্ষত ২৮৯ জন পাকিস্তানী হিন্দুকহে বিজেপিয়ে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছে। দাবী আৰু সত্যতাৰ এই সৰু পৰিসংখ্যাৰ পৰাই বুজিব পাৰি– বিজেপিয়ে কামতকৈ কথাৰে ভাৰতীয় হিন্দুখিনিক ‘হিন্দু হিন্দু’ বুলি এক অহংবোধৰ আনন্দেৰে অনবৰতে উদ্বেলিত কৰি ৰাখিব বিচাৰে আৰু দেশৰ নাগৰিকৰ বাবে যিবোৰ মূল ইছ্যু হোৱা উচিত– উচ্চ শিক্ষা পৰ্যন্ত বিনামূলীয়া শিক্ষা, অৰ্হতা আৰু দক্ষতা অনুযায়ী কৰ্মসংস্থাপনৰ অধিকাৰ, দেশৰ যিকোনো স্বাস্থ্য প্ৰতিষ্ঠানত একেবাৰে ন্যূনতম মাচুলৰ বিনিময়ত সকলোৰে বাবে স্বাস্থ্যসেৱা লাভৰ অধিকাৰ– এইবোৰৰ পৰা অলবৎ আঁতৰাই ৰাখিবলৈ বিচাৰে।
সৰ্বশেষত, যেন-তেন-প্ৰকাৰেণ বিধেয়কখন চৰকাৰে আইন হিচাপে গৃহীত কৰিলেও দেশৰ আদালতত আইনখনক প্ৰত্যাহ্বান জনাব পৰা যাব আৰু ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষতাৰ আধাৰতেই আদালতে আইনখন নাকচ কৰিব বুলি বিশ্বাস। বিশ্বাস বুলি এইকাৰণেই কৈছোঁ– দেশৰ অৰ্থ-ব্যৱস্থাত চলোৱা চৰকাৰী হাতোৰাই ইতিমধ্যেই জনসাধাৰণক জ্বলাকলা খুৱাইছে। অনুমান হয় দেশৰ অৰ্থ-ব্যৱস্থাৰ মেৰুদণ্ডই ভাঙি দিছে। তাৰ লগে লগে অতি সম্প্ৰতি ভাৰতীয় ন্যায়পালিকাকেন্দ্ৰিক কথা-কাণ্ডবোৰেও জনসাধাৰণক উদ্বিগ্ন কৰি ৰাখিছে। একেই চৰিত্ৰৰ উমান পোৱা গৈছিল প্ৰে’ছক নিয়ন্ত্ৰণ কৰিব খোজা স্মৃতি ইৰাণীৰ বিতৰ্কিত মন্তব্যৰ জৰিয়তেও, যদিও পিছত তেওঁ সেয়া উঠাই ল’লে। ২০১৯ চনত একেখন চৰকাৰেই পুনৰ শাসনলৈ আহিলে স্মৃতি ইৰাণীৰ কথাকেই প্ৰে’ছৰ ক্ষেত্ৰতো সঁচা নহওক, তাৰেই কামনা কৰিছোঁ। অৱশ্যেই দেশৰ ন্যায়-ব্যৱস্থা সুবিচাৰত ব্যৰ্থ হ’লে আন্তঃৰাষ্ট্ৰীয় বিতৰ্ক আৰু ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপে বিষয়টোক এটা সঠিক গতি দিবই বুলি নিশ্চিত হ’ব পাৰি। কিন্তু তেতিয়ালৈ ভাৰত, বিশেষকৈ অসম ভাৰতীয় নাগৰিকৰ বাবে বাসোপযোগী হৈ থাকিবনে সন্দেহ আছে।
লেখকৰ ই মে’ইল : [email protected]