উত্তৰবংগত আটক অৰুণাচল প্ৰদেশৰ শিক্ষককে ধৰি ৬ চোৰাংচিকাৰীক

চোৰাংচিকাৰী

সোমবাৰে জালদাপাৰ ৰাষ্ট্ৰীয় উদ্যানত শিক্ষক সহিতে অৰুণাচল প্ৰদেশৰ পৰা ৬ জন চোৰাংচিকাৰী প্ৰৱেশ কৰি এজনী মাইকী গঁড় গুলীয়াই নিধন কৰি তাৰ খড়গ কাটি নিয়ে।

আনহাতে বনৰক্ষীয়ে চোৰাংচিকাৰী কেইজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা খড়গটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে চোৰাংচিকাৰী কেইজনে সোমবাৰে পুৱা প্ৰায় ১০ মান বজাত ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি মাইকী গঁড় জনী গুলীয়াই নিধন কৰে।

বনৰক্ষীয়ে জানিবলৈ দিয়া মতে চোৰাংচিকাৰী কেইজনে গঁড় নিধন কৰাৰ পিছত তেঁওলোকে .৩০৩ ৰাইফলৰ লগতে ৪০ ৰাউণ্ড সজীৱ গুলী  উদ্যানখনতে পোতি থৈ যায়।

অসমত চোৰাংচিকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ধৃত এই চোৰাংচিকাৰী কেইজনে অসমত গড়ৰ খড়গৰ চোৰাং ব্যৱসায় কৰাৰ চেষ্টা চলাইছিল।

প্ৰাপ্ত তথ্য মতে অসমত ২০০১ ৰ পৰা ২০১৬ চনলৈকে চোৰাংচিকাৰীয়ে ২৩৯ টা এশিঙীয়া গঁড় নিধন কৰে আৰু ইয়াৰে ১৬০ টা এশিঙীয়া গঁড় চোৰাংচিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিধন কৰে।

ৰাজ্যিক বন মন্ত্ৰীয়ে ২০১৬ চনত বিধানসভাত উপস্থাপন কৰা তথ্য মতে চোৰাংচিকাৰীয়ে নিধন কৰা এই ২৩৯ টা গঁড়ৰে ৩৪ টা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত, ১৫ টা পবিতৰাত, ৯ টা মানস অভয়াৰণ্যত আৰু বাকী ২০ টা অসমৰ বিভিন্ন ঠাইত নিধন কৰিছিল।

এখন বাছত চোৰাংচিকাৰী কেইজন গঁড় চিকাৰ কৰাৰ উদ্দেশ্যেৰে অসমলৈ যোৱা বুলি বনৰক্ষীয়ে খবৰ লাভ কৰাত অভিযান চলাই। উক্ত অভিযান কালতে বনৰক্ষীৰ দলটোৱে দক্ষিণ চিয়াঙৰ মাৰট’ ৰিবা, জলপাইগুৰিৰ বানাৰহাটৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান শিক্ষক হিচাপে কৰ্মৰত ৰজীৱ ৰাভা, উত্তৰবংগৰ আলিপুৰদ্বাৰ জিলাৰ উত্তৰ মেণ্ডাবাৰীৰ নিবাসী ৰাজু ৰাভাক আটক কৰে।

চোৰাংচিকাৰী কেইজনৰ তথ্যৰ ভিত্তিতে বনৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা তেওঁলোকে পুতি থোৱা অস্ত্ৰ-শস্ত্ৰ সমূহ উদ্ধাৰ কৰে পিছত সেই মাৰণাস্ত্ৰ সমূহ বনৰক্ষীৰ দলটোৱে জব্দ কৰে।

চোৰাংচিকাৰী কেইজনে বনৰক্ষীৰ জেৰাত উক্ত গঁড় নিধন কাৰ্যত আৰু তিনিজন সদস্য জড়িত থকা বুলি প্ৰকাশ কৰাত বনৰক্ষীৰ দলটোৱে ছিলিগুৰী আৰু কোদালবস্তিৰ পৰা সঞ্জীৱ লামা, সেৱক কামী আৰু ৰূপেশ ৰাভা নামৰ আন তিনিজন চোৰাংচিকাৰীক আটক কৰে।