• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছবিগৃহত চলি আছে কিৰণ ৰাওৰ ছবি ‘লাপটা লেডিজ’ – ৰিমলী বৰকটকী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 27, 2024 9:20 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানেও কিছু ছবিগৃহত চলি থকা লাপটা লেডিজ এখন হিন্দী ভাষাৰ ছবি। পৰিচালনা কৰিছে কিৰণ ৰাওৱে। কিৰণ ৰাওৰ দ্বাৰা পৰিচালিত পূৰ্বৰ ছবি “ধ’বী ঘাটে”ও সমালোচক, দৰ্শকৰ যথেষ্ট প্ৰশংসা বুটলাৰ লগতে বঁ‌টা-বাহনো লাভ কৰিবলৈ সক্ষম হৈছিল। লাপটা লেডিজ-অৰ্থাৎ নিৰুদ্দেশ হোৱা নাৰীসকল। ছবিখনৰ নামটোৱে অলপ গম্ভীৰতাৰ লগতেই অলপ ব্যংগকো সামৰি লয়। কাজেই ছবিখনো তেনেধৰণৰেই। লাপটা লেডিজ ছবিখন গত বৰ্ষৰ ছেপ্তেম্বৰ মাহতেই TIFF(ট’ৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)ত বিশেষভাৱে প্ৰদৰ্শিত কৰা হৈছিল। আৰু এই বৰ্ষৰ গত মাৰ্চ মাহৰ ১ তাৰিখে ভাৰতৰ ছবিগৃহত মুক্তি দিয়া হয়। এই ছবিখনৰ চিত্ৰনাট্য লিখিছে ক্ৰমে-বিপ্লৱ গোস্বামী,স্নেহা দেশাই আৰু দিব্যানিধি শৰ্মাই। মুখ্য ভূমিকাত অভিনয় কৰিছে ক্ৰমে-নীতাংশী গোৱেল,প্ৰতিভা ৰত্না আৰু স্পৰ্শ শ্ৰীবাস্তৱে। মুক্তিৰ পিছতেই ইতিমধ্যেই ছবিখনে দৰ্শকৰ সমাদৰৰ লগতে সমালোচকৰ দ্বাৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। 

লাপটা লেডিজ মূলতঃ ফুল,দীপক আৰু পুষ্পাৰাণী(জয়া)ৰ কাহিনী। মধ্যপ্ৰদেশৰ এখন অতি পিছপৰা গাঁ‌ৱৰ পৰা দীপকে ফুলকুমাৰীক বিয়া কৰাই আনে। এই যাত্ৰাপথ বেছ মনোগ্ৰাহী। প্ৰথমে বাঁ‌হৰ দলং পাৰ হৈ,কিছুদূৰ স্কুটাৰত উঠি,কিছুদূৰ খোজ কাঢ়ি বাছৰ ওপৰত উঠি দুই দৰা-কইনা গন্তব্যস্থল(দৰাৰ ঘৰ)অভিমুখে আগবাঢ়ে। কইনাৰ মুখমণ্ডল সম্পূৰ্ণৰূপে ঢাক খোৱাকৈ দীঘলীয়া ওৰণি। বাছৰ পৰা নামি কিবা প্ৰকাৰে ৰেলত উঠে দীপক আৰু ফুলকুমাৰী। ৰেলত কিবাকৈ বহাৰ ঠাই উলিয়াই লয়। ইতিমধ্যেই সেই স্থানত একেদৰেই মুখ ঢকা তিনিগৰাকী মান কইনা,দৰা আৰু দৰাৰ পৰিয়াল-পৰিজনসহ। নিশাৰ ভাগত নিৰ্দ্দিষ্ট ষ্টেচনত ৰেল ৰয় আৰু দীপকে কইনাক হাতত ধৰি লৈ নামি আহে। ঘৰ পাই আৰতি কৰিবলৈ লৈ সকলো আকাশৰ পৰা সৰি পৰে। কইনাজনী ফুলকুমাৰী নাছিলে,আন কোনোবা হে আছিলে। ইফালে টোপনিৰ পৰা সাৰ পোৱা ফুলকুমাৰীক আন এটি ষ্টেচনত বেলেগ এজনে নিজ পত্নী বুলি ভাবি নমাই নিয়ে। মুখ দেখি ফুলক তাতেই এৰি থৈ যায়। দুয়ো দৰাপক্ষই থানালৈ যোৱা হয়,কইনা হেৰুৱাৰ ৰিপৰ্ট লিখোৱা হয়। তাৰ মাজতে উপায়ন্তৰ আৰু দুৰ্বল ফুলে আশ্ৰয় পাই ষ্টেচনত খাদ্যসামগ্ৰীৰ ষ্টল থকা মঞ্জুবাইৰ লগত আৰু ইফালে দীপকৰ ঘৰত আশ্ৰয় পাই পুষ্পাৰাণীয়ে। পুষ্পাৰ গতিবিধিৰ ওপৰত আৰক্ষীৰ সন্দেহ,মনে মনে ম’বাইল ফোন ব্যৱহাৰ কৰা,ইফালে ফুলকুমাৰীয়ে মঞ্জুবাইৰ দোকানত সহায় কৰিবলৈ আৰম্ভ কৰা সকলোবোৰ চলি থাকে। এজনী কইনায়ো মুখেৰে নিজৰ স্বামীৰ নাম নলয়, স্বামীৰ গাওঁখনৰ নাম নেজানে-ব্যংগৰ মাজেৰে পিছে পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাত নাৰীক কিমান দুৰ্বল কৰি ৰখা হয়, কিমান অৱদমিত কৰি ৰখা হয়, তাৰ এক সুস্পষ্ট ছবি তুলি ধৰা হৈছে লাপটা লেডিজত। কাহিনীৰ গতি অতি ক্ষীপ্ৰ নহ’লেও, ছবিখনৰ এনে একে গতিশীলতা আছে যে ক’তোৱেই আমনি লগাৰ বা ৰৈ যোৱাৰ অৱকাশ নাই। জটিল পৰিস্থিতিক ব্যংগৰ মাজেৰে সুন্দৰকৈ উপস্থাপন কৰা হৈছে। পুষ্পাৰাণী সম্পৰ্কে যি গোপনীয়তা বা ৰহস্য আছিল সেইয়া দৰ্শকৰ উৎকন্ঠা বৰ্তাই ৰাখি, ক্ৰমশঃ তৰপে তৰপে লাহে খোৱাইছে। গোটেই প্ৰক্ৰিয়াটো বা কাহিনীভাগ চলি থাকোতে কোনোধৰণৰ নাটকীয়তা নোহোৱাকৈ মঞ্জুবাই আৰু পুষ্পাৰাণীৰ মুখেৰে খুব শক্তিশালী সংলাপৰে লাপটা লেডিজ যে এখন তীক্ষ্ণ ব্যংগৰ মাজেৰে উপস্থাপন কৰা নাৰীবাদী ছবি সেই কথা স্পষ্ট হৈ পৰে। লাপটা লেডিজৰ চৰিত্ৰ নিৰ্বাচন সঠিক। 

ছবিখনৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। আন আন মূল চৰিত্ৰসমূহৰ লগতেই ঘোচখোৰ আৰক্ষী বিষয়াৰ ভূমিকাত ৰবি কিষণৰ নিৰ্বাচনো সমুচিত। ছবিখনত মুখ ঢকা ওৰণিক লৈ যিদৰে ব্যংগ কৰিছে, একেদৰে বোৰ্খাক লৈয়ো কৰিছে। মুঠতে এক কথাত ক’বলৈ গ’লে ভিন্ন ঘটনাপ্ৰৱাহক ব্যংগৰ মাজেৰে নিয়া এখন বাস্তৱধৰ্মী ছবি লাপটা লেডিজ। নাৰীৰ আৰ্থিক স্বাৱলম্বিতা, আত্মনিৰ্ভৰশীলতা, শিক্ষাৰ অধিকাৰ আৰু প্ৰয়োজনীয়তা-আদি নিতান্তই জৰুৰী দিশসমূহৰ প্ৰয়োজনীয়তাক এক গ্ৰাম্য আৰু পিছপৰা পৰিবেশত মেদবিহীনভাৱে উপস্থাপন কৰা এখন নাৰীবাদী ছবি লাপটা লেডিজ। ৰাম সম্পথৰ সংগীত ছবিখনৰ আন এক সুন্দৰ অংগ। জেবিন মাৰ্চেন্টৰ সম্পাদনাৰ সবল দিশটোৰ কথাও ইয়াতে উল্লেখ কৰিব লাগিব। পিছে ছবিখনৰ আটাইতকৈ শক্তিশালী দিশটোৱেই হৈছে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য।

mail id- [email protected]

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd