• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন

ছবিগৃহত চলি আছে কিৰণ ৰাওৰ ছবি ‘লাপটা লেডিজ’ – ৰিমলী বৰকটকী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 27, 2024 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানেও কিছু ছবিগৃহত চলি থকা লাপটা লেডিজ এখন হিন্দী ভাষাৰ ছবি। পৰিচালনা কৰিছে কিৰণ ৰাওৱে। কিৰণ ৰাওৰ দ্বাৰা পৰিচালিত পূৰ্বৰ ছবি “ধ’বী ঘাটে”ও সমালোচক, দৰ্শকৰ যথেষ্ট প্ৰশংসা বুটলাৰ লগতে বঁ‌টা-বাহনো লাভ কৰিবলৈ সক্ষম হৈছিল। লাপটা লেডিজ-অৰ্থাৎ নিৰুদ্দেশ হোৱা নাৰীসকল। ছবিখনৰ নামটোৱে অলপ গম্ভীৰতাৰ লগতেই অলপ ব্যংগকো সামৰি লয়। কাজেই ছবিখনো তেনেধৰণৰেই। লাপটা লেডিজ ছবিখন গত বৰ্ষৰ ছেপ্তেম্বৰ মাহতেই TIFF(ট’ৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)ত বিশেষভাৱে প্ৰদৰ্শিত কৰা হৈছিল। আৰু এই বৰ্ষৰ গত মাৰ্চ মাহৰ ১ তাৰিখে ভাৰতৰ ছবিগৃহত মুক্তি দিয়া হয়। এই ছবিখনৰ চিত্ৰনাট্য লিখিছে ক্ৰমে-বিপ্লৱ গোস্বামী,স্নেহা দেশাই আৰু দিব্যানিধি শৰ্মাই। মুখ্য ভূমিকাত অভিনয় কৰিছে ক্ৰমে-নীতাংশী গোৱেল,প্ৰতিভা ৰত্না আৰু স্পৰ্শ শ্ৰীবাস্তৱে। মুক্তিৰ পিছতেই ইতিমধ্যেই ছবিখনে দৰ্শকৰ সমাদৰৰ লগতে সমালোচকৰ দ্বাৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। 

লাপটা লেডিজ মূলতঃ ফুল,দীপক আৰু পুষ্পাৰাণী(জয়া)ৰ কাহিনী। মধ্যপ্ৰদেশৰ এখন অতি পিছপৰা গাঁ‌ৱৰ পৰা দীপকে ফুলকুমাৰীক বিয়া কৰাই আনে। এই যাত্ৰাপথ বেছ মনোগ্ৰাহী। প্ৰথমে বাঁ‌হৰ দলং পাৰ হৈ,কিছুদূৰ স্কুটাৰত উঠি,কিছুদূৰ খোজ কাঢ়ি বাছৰ ওপৰত উঠি দুই দৰা-কইনা গন্তব্যস্থল(দৰাৰ ঘৰ)অভিমুখে আগবাঢ়ে। কইনাৰ মুখমণ্ডল সম্পূৰ্ণৰূপে ঢাক খোৱাকৈ দীঘলীয়া ওৰণি। বাছৰ পৰা নামি কিবা প্ৰকাৰে ৰেলত উঠে দীপক আৰু ফুলকুমাৰী। ৰেলত কিবাকৈ বহাৰ ঠাই উলিয়াই লয়। ইতিমধ্যেই সেই স্থানত একেদৰেই মুখ ঢকা তিনিগৰাকী মান কইনা,দৰা আৰু দৰাৰ পৰিয়াল-পৰিজনসহ। নিশাৰ ভাগত নিৰ্দ্দিষ্ট ষ্টেচনত ৰেল ৰয় আৰু দীপকে কইনাক হাতত ধৰি লৈ নামি আহে। ঘৰ পাই আৰতি কৰিবলৈ লৈ সকলো আকাশৰ পৰা সৰি পৰে। কইনাজনী ফুলকুমাৰী নাছিলে,আন কোনোবা হে আছিলে। ইফালে টোপনিৰ পৰা সাৰ পোৱা ফুলকুমাৰীক আন এটি ষ্টেচনত বেলেগ এজনে নিজ পত্নী বুলি ভাবি নমাই নিয়ে। মুখ দেখি ফুলক তাতেই এৰি থৈ যায়। দুয়ো দৰাপক্ষই থানালৈ যোৱা হয়,কইনা হেৰুৱাৰ ৰিপৰ্ট লিখোৱা হয়। তাৰ মাজতে উপায়ন্তৰ আৰু দুৰ্বল ফুলে আশ্ৰয় পাই ষ্টেচনত খাদ্যসামগ্ৰীৰ ষ্টল থকা মঞ্জুবাইৰ লগত আৰু ইফালে দীপকৰ ঘৰত আশ্ৰয় পাই পুষ্পাৰাণীয়ে। পুষ্পাৰ গতিবিধিৰ ওপৰত আৰক্ষীৰ সন্দেহ,মনে মনে ম’বাইল ফোন ব্যৱহাৰ কৰা,ইফালে ফুলকুমাৰীয়ে মঞ্জুবাইৰ দোকানত সহায় কৰিবলৈ আৰম্ভ কৰা সকলোবোৰ চলি থাকে। এজনী কইনায়ো মুখেৰে নিজৰ স্বামীৰ নাম নলয়, স্বামীৰ গাওঁখনৰ নাম নেজানে-ব্যংগৰ মাজেৰে পিছে পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাত নাৰীক কিমান দুৰ্বল কৰি ৰখা হয়, কিমান অৱদমিত কৰি ৰখা হয়, তাৰ এক সুস্পষ্ট ছবি তুলি ধৰা হৈছে লাপটা লেডিজত। কাহিনীৰ গতি অতি ক্ষীপ্ৰ নহ’লেও, ছবিখনৰ এনে একে গতিশীলতা আছে যে ক’তোৱেই আমনি লগাৰ বা ৰৈ যোৱাৰ অৱকাশ নাই। জটিল পৰিস্থিতিক ব্যংগৰ মাজেৰে সুন্দৰকৈ উপস্থাপন কৰা হৈছে। পুষ্পাৰাণী সম্পৰ্কে যি গোপনীয়তা বা ৰহস্য আছিল সেইয়া দৰ্শকৰ উৎকন্ঠা বৰ্তাই ৰাখি, ক্ৰমশঃ তৰপে তৰপে লাহে খোৱাইছে। গোটেই প্ৰক্ৰিয়াটো বা কাহিনীভাগ চলি থাকোতে কোনোধৰণৰ নাটকীয়তা নোহোৱাকৈ মঞ্জুবাই আৰু পুষ্পাৰাণীৰ মুখেৰে খুব শক্তিশালী সংলাপৰে লাপটা লেডিজ যে এখন তীক্ষ্ণ ব্যংগৰ মাজেৰে উপস্থাপন কৰা নাৰীবাদী ছবি সেই কথা স্পষ্ট হৈ পৰে। লাপটা লেডিজৰ চৰিত্ৰ নিৰ্বাচন সঠিক। 

Apply Now

ছবিখনৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। আন আন মূল চৰিত্ৰসমূহৰ লগতেই ঘোচখোৰ আৰক্ষী বিষয়াৰ ভূমিকাত ৰবি কিষণৰ নিৰ্বাচনো সমুচিত। ছবিখনত মুখ ঢকা ওৰণিক লৈ যিদৰে ব্যংগ কৰিছে, একেদৰে বোৰ্খাক লৈয়ো কৰিছে। মুঠতে এক কথাত ক’বলৈ গ’লে ভিন্ন ঘটনাপ্ৰৱাহক ব্যংগৰ মাজেৰে নিয়া এখন বাস্তৱধৰ্মী ছবি লাপটা লেডিজ। নাৰীৰ আৰ্থিক স্বাৱলম্বিতা, আত্মনিৰ্ভৰশীলতা, শিক্ষাৰ অধিকাৰ আৰু প্ৰয়োজনীয়তা-আদি নিতান্তই জৰুৰী দিশসমূহৰ প্ৰয়োজনীয়তাক এক গ্ৰাম্য আৰু পিছপৰা পৰিবেশত মেদবিহীনভাৱে উপস্থাপন কৰা এখন নাৰীবাদী ছবি লাপটা লেডিজ। ৰাম সম্পথৰ সংগীত ছবিখনৰ আন এক সুন্দৰ অংগ। জেবিন মাৰ্চেন্টৰ সম্পাদনাৰ সবল দিশটোৰ কথাও ইয়াতে উল্লেখ কৰিব লাগিব। পিছে ছবিখনৰ আটাইতকৈ শক্তিশালী দিশটোৱেই হৈছে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য।

mail id- [email protected]

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd