উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনি ২০১৭’ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Prime-Minister-Narendra-Modi-during-a-Cabinet-meeting.-File-photo-570x320

এখন কেবিনেট বৈঠকত ভাগ লোৱাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ মোডী : ফাইল ফটো

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ মাৰ্চলৈকে ৩০০০ কোটি টকাৰ ব্যয় সাপেক্ষে উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনি( এন ই আই ডি এছ), ২০১৭’ত অনুমোদন জনাইছে।

চৰকাৰে ২০২০ চনৰ মাৰ্চৰ আগেয়ে পৰ্যালোচনা কৰাৰ পিছত বাকীছোৱা সময়ৰ বাবে প্ৰয়োজনীয় ধনৰ আৱন্টন দিব। উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনিখন হৈছে  অধিক বৃহৎ ব্যয় সাপেক্ষে পূৰ্বৰ দুখন আঁচনিৰ অধীনত সামৰি লোৱা সাহায্যমূলক সংযোজন। পি আই বিৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

উত্তৰ-পূৰ্বাঞ্চলত সংস্থাপন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আঁচনিৰ জৰিয়তে প্ৰথমতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ এই ব্যৱস্থাসমূহ আগবঢ়াব।

ভাৰত চৰকাৰৰ অন্য আঁচনিৰ এটা বা একাধিক সুবিধা উপভোগ কৰি থকা সকলো যোগ্য ঔদ্যোগিক গোটে এই আঁচনিৰো আন সুবিধা লাভৰ বাবে বিবেচিত হ’ব।

এই আঁচনিৰ অধীনত ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নতুন ঔদ্যোগিক গোট স্থাপনৰ বাবে বিভিন্ন সা-সুবিধা আগবঢ়োৱা হ’ব।

এই ব্যৱস্থাসমূহৰ ভিতৰত কেন্দ্ৰীয় মূলধনী বিনিয়োগত প্ৰকল্প তথা যন্ত্ৰৰ বাবে বিনিয়োগত ৩০ শতাংশ সাহায্য আৰু প্ৰতিটো গোটৰ বাবে উচ্চ সীমা ৫ কোটি টকালৈকে আগবঢ়োৱা হ’ব।

কেন্দ্ৰীয় সূতৰ ৰেহাই ব্যৱস্থাৰ ক্ষেত্ৰত যোগ্য বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা  গোটটোৱে ব্যৱসায়িক উৎপাদন আৰম্ভ কৰাৰ দিনটোৰ পৰা প্ৰথম ৫ বছৰলৈকে কাম চলোৱা মূলধনত ৩ শতাংশ হাৰত ধন লাভ কৰিব।

একেদৰে কেন্দ্ৰীয় সমগ্ৰ বীমা সাহায্যৰ অধীনত ব্যৱসায়িক উৎপাদন আৰম্ভ কৰা গোটটোৱে আৰম্ভ কৰা দিনটোৰ পৰা ৫ বছৰলৈকে গৃহ আৰু প্ৰকল্প তথা যন্ত্ৰৰ বীমাৰ ওপৰত ১০০ শতাংশ বীমাৰ প্ৰিমিয়াম ঘুৰাই পাব।

জিএছটিৰ ক্ষেত্ৰতো গোটটোৱে ইয়াৰ উৎপাদন আৰম্ভ কৰা দিনৰ পৰা ৫ বছৰলৈকে চি জিএছটি আৰু আইজিএছটিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ ঘুৰাই পাব।

আয়কৰৰ ক্ষেত্ৰতো ঔদ্যোগিক গোটটোৱে ইয়াৰ উৎপাদন আৰম্ভ কৰা দিনটোৰ পৰা ৫ বছৰলৈকে আয়কৰৰ কেন্দ্ৰীয় অংশ ঘুৰাই পাব।

পৰিবহনৰ ক্ষেত্ৰতো উৎপাদিত সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত বৰ্তমান ৰে’লৱেই আগবঢ়োৱা ৰাজ সাহায্যকে ধৰি ২০ শতাংশ পৰিবহন ব্যয় ৰেহাই দিয়া হ’ব।

দেশৰ আভ্যন্তৰীণ জল পৰিবহন কৰ্তৃপক্ষৰ জৰিয়তে সৰবৰাহ কৰা উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ পৰিবহন ব্যয় ৰেহাই দিয়া হ’ব।

একেদৰে বিমান সেৱাৰ জৰিয়তে ওচৰৰ বিমানবন্দৰৰ পৰা দেশৰ যিকোনো বিমানবন্দৰলৈ কঢ়িওৱা সামগ্ৰীৰ ক্ষেত্ৰত ৩৩ শতাংশ ৰেহাইৰ ব্যৱস্থা আগবঢ়োৱা হ’ব।

‘’প্ৰতিটো গোটৰ বাবে সকলো ব্যৱস্থাৰ অধীনত লাভ কৰা ৰেহাই পৰিমান হ’বগৈ ২০০ কোটি টকা। নতুনকৈ আৰম্ভ কৰা আঁচনিখনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ঔদ্যোগিকৰণৰ বিকাশত সহায় কৰিব আৰু সংস্থাপন বৃদ্ধি কৰাৰ লগতে আয় বৃদ্ধি কৰিব,’’-এক চৰকাৰী বিবৃতিত এইদৰে কোৱা হৈছে।