আমেৰিকাৰ বিশ্ববিদ্যালয়ত শিক্ষা আৰম্ভ কৰা উত্তৰ- পূব ভাৰতৰ শিক্ষাৰ্থীৰ বাবে ‘ফাছ’ৰ স্বাগতম পেকেজ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

পূৰ্বৰ দৰে এইবাৰো আমেৰিকাত পঢ়ি থকা উত্তৰ- পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফাছে (FASS) ʼ২০১৮ চনৰ স্বাগতম পেকেজʼ (Welcome Package) ঘোষণা কৰিছে। ফাছ (FASS) (Friends of Assam and Seven Sisters) সাত ভনী অসম মিত্ৰ মঞ্চ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান।

উল্লেখযোগ্য যে ফাছৰ মূখ্য কাৰ্যালয় আমেৰিকাত আছে আৰু শাখা কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ফাছৰ মূল উদ্দেশ্য হৈছে উত্তৰ- পূব ভাৰতৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ বাবে চিন্তা কৰা আৰু তাৰ বাবে কৰিবলগীয়া কাম কৰি যোৱা। জানিব পৰা মতে এইবাৰৰ স্বাগতম পেকেজ ১০০০ ডলাৰৰ হ’ব আৰু এজন নিৰ্বাচিত উপযুক্ত শিক্ষাৰ্থীক দিয়া হ’ব।

সেয়েহে উপযুক্ত প্রাৰ্থীসকলে ২০১৭ চনত আমেৰিকাৰ যিকোনো বিশ্ববিদ্যালয়ত যিকোনো বিষয়ত পূৰ্ণকালীন হিচাপে পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী হ’ব লাগিব। তেওঁলোক উত্তৰ- পূব ভাৰতৰ যিকোনো আঠখন ৰাজ্যৰ এখনৰ হ’ব লাগিব। তেওঁলোকৰ পিতৃ-মাতৃ ভাৰতৰ বাহিৰত কাম কৰি থকা হ’ব নালাগিব। উপযুক্ত প্রাৰ্থীয়ে বায়’ডাটাসহ নিৰ্দিষ্ট প্ৰপত্ৰত আমেৰিকাৰ ফাছৰ (FASS) কাৰ্যালয়লৈ আবেদন কৰিব পাৰে ।

ছাত্ৰ-ছাত্ৰীসকলে লগতে “আমেৰিকাত শিক্ষাৰ বাবে উত্তৰ- পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কেনেকৈ বঢ়াব পাৰি” এই সম্বন্ধে বৰ্তমান চলি থকা সমস্যাবোৰ বিশ্লেষণ কৰি এখন ৰচনা লিখিব লাগে। আন সকলো নিয়মাৱলীৰ বাবে শিক্ষাৰ্থীসকলে ই-মেইলত যোগাযোগ কৰিব পাৰে। ই-মেইল ঠিকনা হ’ল –jayantaps@yahoo.com আৰু rajen.barua@gmail.com । ফাছ (FASS)ৰ এই স্বাগতম পেকেজটোৰ উদ্দেশ্য মূলত: আমেৰিকাত শিক্ষা আৰম্ভ কৰা উপযুক্ত ছাত্ৰ- ছাত্ৰীক শিক্ষা আহৰণত থিতাপি লাগিবৰ বাবে কিছু সাহাৰ্য আগবঢ়োৱা।

আগ্ৰহীসকলে তলত দিয়া ব্যক্তিসকলৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব। Jayanta P Sharma General Secretary, FASS International Ph: 404-510-6626 (Jayanta Sharma, jayantaps@yahoo.com) Rajen Barua, President, FASS International Ph: 713-677-9162 (Rajen Barua, rajen.barua@gmail.com) Katy, TX 77450