অহা দুদিনত উত্তৰ-পূৰ্বাঞ্চলত হ’ব পাৰে মজলীয়াৰ পৰা ডাঙৰ বৰষুণ।
স্কাইমে’ট ৱে’দাৰৰ মতে অসমকে ধৰি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত কিছু গাজনি-বৰষুণ আৰু তাৰ পিছত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে।
উত্তৰ-পূবৰ কিছু ঠাইত শিলাবৃষ্টিও হ’ব পাৰে।
ডিব্ৰুগড়, পাচিঘাট, ইটানগৰ, ক’হিমা আদি ঠাইত পাতলীয়া বৰষুণ আৰু গাজনি হ’ব পাৰে। অঞ্চলটোৰ বাকী ঠাইসমূহৰ আকাশ গোমা থাকিব।
দেশৰ উত্তৰ-পূবত বৰষুণ হোৱা নাই আৰু শুকান হৈ আছে।