উত্তৰ-পূৰ্বাঞ্চলত ৮,০০০ কোটি টকা ব্যয় সাপেক্ষ টেলিকম প্ৰকল্পৰ কামত বিলম্ব

telecom_759

কেন্দ্ৰীয় কেবিনেটে বিশদ পৰিকল্পনাত অনুমোদন জনোৱাৰ তিনিবছৰ পিছতো দেশৰ উত্তৰ-পূৰ্বাঞ্চলত নিৰৱিছিন্ন সেৱা আগবঢ়োৱাৰ চৰকাৰৰ অভিলাষী আঁচনিত বিলম্ব ঘটিছে।

টাইমছ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুস্থিৰ টেলিকম সেৱা আগবঢ়োৱাৰ আঁচনিখনত প্ৰথমতে ধাৰ্য কৰা ৫,৩০০ কোটি টকাৰ বাজেট ৮,০০০ টকা বৃদ্ধি পাইছে। চৰকাৰী সূত্ৰই জনোৱা মতে অৱশ্যে ইয়াৰ এটা প্ৰকল্পও সম্পূৰ্ণ হৈ উঠা নাই।

এই প্ৰকল্পৰ অংশ হিচাপে সামৰি ল’বলগীয়া ৰাজ্যসমূহৰ ভিতৰত আছে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। সীমান্ত অঞ্চল আৰু কৌশলগতভাৱে স্পৰ্শকাতৰ মণ্ডলত কাম কৰিবলগীয়া প্ৰকল্পটোত কিছু অৱশ্যেই জটিলতা আছে।

২০১৪ চনৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা আঁচনিখনত আৰম্ভণিতে গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি সৰ্বমুঠ  ৮,৬২১ খন গাঁৱত আঁচনিখনৰ জৰিয়তে মোবাইল সেৱা আগবঢ়োৱাৰ লক্ষ্য স্থিৰ কৰা হৈছিল।

অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ অঞ্চলকে ধৰি অসমৰ দুখন জিলাক সামৰি প্ৰকল্পটোৰ এটা অংশ বিএছএনএলৰ সৈতে সংযোজিত কৰি ৰখা হৈছে আৰু ইয়াৰ প্ৰকৃত কাম এতিয়াও আৰম্ভ কৰা হোৱা নাই।

বিএছএনএলে ২০১৬ চনৰ এপ্ৰিলতে নিবিদা আহ্বান কৰি যোৱা বছৰৰ এপ্ৰিলত বিহান নেটৱৰ্কছ আৰু এইচএফচিএল নামৰ কোম্পানী দুটাক ঘৰুৱাভাৱে প্ৰস্তুত কৰা টেলিকম উপাদন নীতিৰ অধীনত কামৰ আৱন্টন দিছিল। অৱশ্যে, টেলিকম বিভাগে এতিয়াও কাম আৰম্ভ কৰাৰ বাবে চূড়ান্ত নিৰ্দেশ দিয়া নাই।

আনহাতে, বাকী ছয়খন ৰাজ্যৰ লগতে অসমৰ বাকী জিলাৰ বাবে প্ৰকল্পটো বিগত বহু বছৰ ধৰি ৰুদ্ধ হৈ আছে। ইয়াৰ বাবে কামৰ ভাৰ টেলিকম মন্ত্ৰ্যালয়ৰ ইউনিৰ্ভাৰ্ছেল চাৰ্ভিছ অ’ব্লিগেশ্যন ফাণ্ডক (ইউ এছএফঅ’) হস্তান্তৰ কৰা হৈছিল যদিও যোৱা বছৰৰে পৰা কামৰ কোনো অগ্ৰগতি দেখা যোৱা নাই।

ইউ এছএফঅ’ৱে যোৱা ২০১৬ চনৰ মে’ মাহতহে প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছিল যদিও প্ৰথমতে কোনো সঁহাৰি পোৱা নাছিল। ইয়াৰ পিছত যোৱা বছৰ মাৰ্চ মাহত নতুন নিবিদা আহ্বান কৰা হয় আৰু ইয়াৰ সঁহাৰিত মাত্ৰ ভাৰতী এয়াৰটেলৰ পৰা এখন নিবিদাহে লাভ কৰিছিল। ভাৰতী এয়াৰটেলক ১,৬১০ কোটি টকাৰ ঠিকা আৱন্টন দিয়া হৈছিল।

অৱশ্যে, তেওঁলোকে কাম এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই আৰু ইয়াৰ মাজতে এয়াৰটেলে মেঘালয়ৰ পৰা ওলাই আহে আৰু ফলত কামত স্থৱিৰতা আহি পৰে। টেলিকম বিভাগ আৰু ইউ এছএফঅ’ৱে এতিয়া মেঘালয়ত ২-জি আৰু ৩-জি সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বাবে আৰম্ভণিতে প্ৰকল্পটোৰ বাবে ধাৰ্য কৰা বাজেটৰ পৰিমান ১,৪০০ কোটি টকাৰ পৰা এতিয়া ৪,৩০০ কোটি টকালৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় টেলিকম বিভাগৰ মন্ত্ৰী মনোজ সিনহাই কয় যে উত্তৰ-পূৰ্বাঞ্চলত টেলিকমৰ আন্ত:গাঁথনি উন্নত কৰাটো চৰকাৰৰ এক প্ৰাথমিকতা। এতিয়া টেলিকম সেৱাৰ উন্নয়ন অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ধাৰা তৰান্বিত কৰাটো কিমান বাস্তৱিক হ’ব সেয়া সহজেই অনুমেয়।