• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্যোগত নাৰী সুৰক্ষা নিশ্চিতকৰণৰ দাবীত ডিৱাইএফআইৰ স্বাক্ষৰ সংগ্ৰহ অভিযান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 20, 2024 8:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীত ডি ৱাই এফ আই-ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত এখন সংবাদমেল আয়োজন কৰা হয়। সংবাদমেল সম্বোধন কৰে লিটুমনি শইকীয়া আৰু উৎপলা দাসে।

উদ্যোগত নাৰী সুৰক্ষা নিশ্চিতকৰণৰ দাবীত আজি কনকলতা মৃত্যু দিৱসৰ পৰা আৰম্ভ কৰি দহ দিনলৈ ডিৱাইএফআই-ৰ চহী সংগ্ৰহ অভিযান

Apply Now

শেহতীয়াকৈ সমগ্ৰ দেশজুৰি মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা ক্ৰমাৎ বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত যোৱা ৮ ছেপ্টেম্বৰত ডিৱাইএফআই-এ গুৱাহাটীত নাৰী সুৰক্ষা সম্বন্ধে শিলপুখুৰী ৰাজহুৱা নামঘৰ প্ৰেক্ষাগৃহত এখনি আলোচনা সভা অনুষ্ঠিত কৰে। সভাত ডিৱাইএফআই-ৰ তৰফৰ পৰা গুৱাহাটীত নাৰী সুৰক্ষা নিশ্চিতকৰণৰ অৰ্থে কেইটামান দাবী উত্থাপন কৰা হয় যি সন্দৰ্ভত তাত উপস্থিত থকা সমাজকৰ্মী, সাংবাদিক, অধিবক্তা, ছাত্ৰ-ছাত্ৰী, গৱেষক, শিল্পী, অভিনেতা আদি বিভিন্ন ক্ষেত্ৰৰ সচেতন নাগৰিকসকলে নিজ নিজ মন্তব্য আগবঢ়ায়।

প্ৰায়ে বাতৰিকাকতৰ শিৰোনাম দখল কৰা নিত্য-নতুন যৌন নিৰ্যাতনৰ ঘটনাসমূহৰ ফলশ্ৰুতিত গুৱাহাটীত মহিলাসকলে প্ৰথমে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিহে দৈনিক কাম-কাজ কৰিবলগীয়া এক হতাশাজনক পৰিস্থিতি বছৰ বছৰ ধৰি চলি আহিছে। ৰাষ্ট্ৰসংঘৰ “সুৰক্ষিত চহৰ আৰু সুৰক্ষিত ৰাজহুৱা স্থান” শীৰ্ষক কাৰ্যক্ৰমেও প্ৰকাশ কৰিছে যে কেনেকৈ সমগ্ৰ বিশ্বজুৰি চহৰ-নগৰসমূহ ক্ৰমান্বয়ে মহিলাৰ বাবে অতিশয় অসুৰক্ষিত হৈ আহিছে। গুৱাহাটীৰ ক্ষেত্ৰত লক্ষ্য কৰিলে দেখা যায় যে পৰ্যাপ্ত পোহৰৰ অভাৱ, যাতায়াতৰ সু-ব্যৱস্থা নথকা আদি বিভিন্ন আন্তঃগাঠনিক সমস্যাই মহিলাৰ মুকলি চাল-চলনত বাধাৰ সৃষ্টি কৰে। ষ্ট্ৰীট লাইটৰ লগোৱা তথা মেৰামতি কৰাৰ নামত গুৱাহাটী পৌৰ নিগমে কোটি-কোটি টকা খৰছ কৰাৰ পাছতো ষ্ট্ৰীট লাইটসমূহ বিকল হোৱাৰ ফলত সন্ধিয়াৰ লগে লগেই গুৱাহাটীৰ বহু অঞ্চল অন্ধকাৰত ডুব যায় যাৰ ফলত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাটোৱেই স্বাভাৱিক। ঠিক তেনেদৰে সন্ধিয়া ৮-৯ বজাৰ লগে লগে গুৱাহাটীৰ বহু অঞ্চলত বাছৰ চলাচলো সেৰেঙা হৈ পৰে। ইয়াৰ উপৰিও ২০২১ চনত মহিলা তথা জ্যেষ্ঠ নাগৰিকৰ বাবে আৰম্ভ হোৱা “পিংক বাছ”-ও দুবছৰমানৰ ভিতৰতে আৱশ্যকতা নথকাৰ দোহাই দি বন্ধ কৰা হয়।

এই সকলো কথালৈ লক্ষ্য ৰাখি আলোচনা সভাৰ শেষত সকলোৰে সন্মতিক্ৰমে গুৱাহাটীত নাৰী সুৰক্ষা নিশ্চিতকৰণৰ বাবে ডিৱাইএফআই-ৰ তৰফৰ পৰা চৰকাৰলৈ উত্থাপিত দাবীসমূহ হৈছে – গুৱাহাটীত কাৰ্যক্ষম ষ্ট্ৰীট লাইটৰ সংখ্যা বৃদ্ধি কৰা, নিয়মিতভাৱে আৰক্ষীৰ পেট্ৰলিং আৰম্ভ কৰা, সকলো ৰাজহুৱা স্থানত চিচিটিভি লগোৱা, মহিলাৰ বাবে পৃথক বাছ সেৱা পুনৰ আৰম্ভ কৰা, বাছ সেৱাৰ সময় কমেও ৰাতি দহ বজালৈকে বৃদ্ধি কৰা, মহিলাৰ বাবে থকা আপাতকালীন টল ফ্ৰি হেল্পলাইন নাম্বাৰৰ বিষয়ে সজাগতা অভিযান আৰম্ভ কৰা তথা ৰাজহুৱা স্থান আৰু ৰাজহুৱা যান-বাহনত এই নাম্বাৰ স্পষ্টকৈ প্ৰদৰ্শন কৰা, সকলো কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন বিৰোধী আইনৰ সঠিক কাৰ্যকৰীকৰণ নিশ্চিত কৰা, দ্ৰুত ন্যায় প্ৰদানৰ বাবে ফাষ্ট-ট্ৰেক আদালতৰ সংখ্যা বৃদ্ধি কৰা, জনসাধাৰণৰ মাজত লিঙ্গ সংবেদনশীলতা সম্পৰ্কে বিজ্ঞাপনৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰা, সকলো ৰাজহুৱা তথা ব্যক্তিগত প্ৰতিষ্ঠানত মহিলাৰ বাবে পৃথক প্ৰস্ৰাৱাগাৰ নিৰ্মাণ কৰা।

এই দাবীসমূহৰ বিষয়ে ব্যাপক হাৰত জনমত গঠনৰ উদ্দেশ্যে ডিৱাইএফআই-এ কনকলতা মৃত্যু দিৱসৰ পৰা আৰম্ভ কৰি দহ দিনলৈ চহী সংগ্ৰহ অভিযান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এই অভিযানৰ প্ৰতি সৰ্বস্তৰৰ জনসাধাৰণক সঁহাৰি জনাবলৈ ডিৱাইএফআই-এ আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd