উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো এন আৰ চি উন্নীতকৰণৰ দাবী নেছ’ৰ

এন আৰ চি

অসমত ৰাষ্ট্ৰীয় এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত এইবাৰ  উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ছাত্ৰ সংগঠনবোৰৰ  সন্মিলিত মঞ্চ নৰ্থ ইষ্ট ষ্টুডেন্টছ অ’ৰ্গেনাইজেশ্যন (নেছ’)এ উত্তৰ-পূবৰ আন ৰাজ্যসমূহতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ৰূপায়নৰ বাবে আহ্বান জনাইছে।

এই সন্দৰ্ভত দেওবাৰে শ্বিলঙত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিন্ন ৰাজনৈতিক দৃশ্যপট বিবেচনা কৰি মডেলিটিসমূহৰ ওপৰত কাম কৰাৰ বিষয়ে সদৌ অসম ছাত্ৰ সন্থা আৰু খাচী ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে গুৰুত্ব আৰোপ কৰে।

বৈঠকৰ পিছত নেছ’ৰ অধ্যক্ষ ছেমুৱেল জাৰওৱাই সংবাদ মাধ্যমক জনায় যে অসমৰ দৰে একেধৰণৰ সমস্যাত ভূগি থকা উত্তৰ-পূবৰ আন ৰাজ্যসমূহতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ জৰুৰী হৈ পৰিছে।

ইয়াৰ মাজতে খাচী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডনাল্ড ভি থাবাহে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত চেক গেট স্থাপন কৰা পদক্ষেপক নায্যতা প্ৰদান কৰে।

তেওঁ কয় যে এটা শংকাৰ সৃষ্টি হৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত বাদ পৰা ৪০ লাখ লোকৰ কিছুমান মেঘালয়ত প্ৰৱেশ কৰিব পাৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই কয় যে মেঘালয়ত প্ৰকৃত ভাৰতীয় নাগৰিকে প্ৰৱেশ কৰাত কোনো চিন্তাৰ কাৰণ থকা উচিত নহয়। মেঘালয়ৰ মাজেৰে  অহা যোৱা কৰা বৰাক উপত্যকাৰ লোক হাৰাশাস্তিৰ সন্মুখীন হোৱা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে কয়।

তেওঁ লগতে ব্যক্ত কৰে যে এন আৰ চি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ পৰিচয় সুৰক্ষাৰ এক নথি।

ভট্টাচাৰ্যই লগতে চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছত অবৈধ অনুপ্ৰৱেশকাৰী বিতাড়ন কৰিবলৈ ভাৰত আৰু বাংলাদেশৰ মাজত এখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰাৰ পোষকতা কৰে।