উষা উথুপে মিউজিক ভিডিঅ’ৰ জৰিয়তে আকৰ্ষণ কৰিব মেঘালয়ৰ যুৱ ভোটাৰক

Usha-Uthup-1-570x320

মেঘালয়ৰ আসন্ন বিধানসভাৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভোটাৰক ভোটদানৰ বাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে ৰজ্যিক নিৰ্বাচন বিভাগে কিছু আকৰ্ষণীয় সজাগতামূলক কাৰ্যসূচী প্ৰস্তুত কৰিছে।

গোটেই ৰাজ্যখনতে প’ষ্টাৰৰ জৰিয়তে প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি ৰাজ্যিক নিৰ্বাচন বিভাগে যুৱ ভোটাৰসকলক তেওঁলোকৰ ভোটদান কৰাৰ বাবে তথা নিৰ্বাচনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত বৰঙণি যোগোৱাৰ বাবে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিবলৈ বিখ্যাত গায়িকা উষা উথুপৰ কণ্ঠ ব্যৱহাৰ কৰিছে।

মেঘালয়ৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আৰু অহা ৩ মাৰ্চত ভোট গণনা অনুষ্ঠিত হ’ব।

নিৰ্বাচন বিভাগে এটা ভিডিঅ’ মুকলি কৰিছে য’ত উষা উথুপে এটা খাচী গান ‘খাচী বাইয়াৰ’ পৰিৱেশন কৰিছে। গানটোৰ কথাখিনিত কোৱা হৈছে যে তেওঁ মেঘালয়ৰ এগৰাকী বন্ধু আৰু তেওঁ ভোটাৰসকলক আসন্ন নিৰ্বাচনত নীতিগতভাৱে আৰু দায়িত্বসহকাৰে ভোটদান কৰিবলৈ আহ্বান জনাইছে।

ইউ টিউবত আপলোড কৰা ভিডিঅ’টোৰ সময় তিনি মিনিট।

মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগোৰে জানিব দিয়ে যে ৰাজ্যখনৰ যুৱসকলৰ সংগীতৰ প্ৰতি গভীৰ আকৰ্ষণ আছে। এই ভিডিঅ’টোৱে যুৱ ভোটাৰসকলক নিৰ্বাচনৰ দিনটোত ভোটদানৰ বাবে উৎসাহিত কৰিব।

মেঘালয়ৰ জনসাধাৰণৰ জীৱন আৰু সংস্কৃতিত সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাজধানী চহৰ শ্বিলঙক সঠিকভাৱেই দেশৰ সাংগীতিক চহৰ বুলি কোৱা হয়।

সাংগীতিক ভিডিঅ’ ‘’ৰক অন ২’’ত উষা উথুপেও বিশেষ ভূমিকাত আত্মপ্ৰকাশ কৰিছিল। বলীউদৰ সংগীতৰ ব্লক ব্লাষ্টাৰ খনত ফাৰহান আখতাৰ আৰু শ্ৰদ্ধা কাপুৰে অভিনয় কৰিছে। ভিডিঅ’টোৰ শ্বুটিং কৰা হৈছিল ৰাজ্যখনৰ বিশেষকৈ ৰিভই জিলাৰ উমনিউহ গাওঁ, চেৰাপুঞ্জী আৰু শ্বিলঙৰ ওচৰৰ লইতলুমত।