• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজ্ঞানীৰ ডাঙৰ আৱিস্কাৰ : চাই লওঁক ৭৫ হাজাৰ বছৰ পূৰ্বে দেখিবলৈ কেনেকুৱা আছিল মহিলাৰ মুখমণ্ডল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 3, 2024 3:18 pm
559
VIEWS
Share on FacebookShare on Twitter

হাজাৰ বছৰ ধৰি চলি থকা ক্ৰমবিকাশ আৰু বিৱৰ্তৰ মাজেৰে আহি আজিৰ মানুহৰ শাৰীৰিক গঠন আৰু মুখমণ্ডল সৃষ্টি হৈছে।

দেখিবলৈ কেনেকুৱা আছিল বাৰু আজিৰ পৰা ৭৫ হাজাৰ বছৰৰ মানুহ? শেহতীয়াকৈ বিজ্ঞানীসকলে নিয়াণ্ডাৰথেল যুগৰ এগৰাকী মহিলা জীৱিত অৱস্থাত কেনেকুৱা আছিল তাৰ এক আচৰিত ধৰণৰ পুনৰ্গঠন সৃষ্টি কৰিছে।

চেপেটা আৰু ভাঙি যোৱা নিয়াণ্ডাৰথেলৰ মূৰৰ খুলিৰ পৰা তৈয়াৰ কৰা হৈছে এই জীৱন্ত পুনৰ্গঠন। মূৰৰ খুলিটো উদ্ধাৰ কৰাৰ সময়ত হাড়বোৰ ইমানেই কোমল আছিল যে বিজ্ঞানীসকলে ইয়াক ‘চাহত ডুবাই থোৱা বিস্কুট’ৰ দৰে কোমল বুলি অভিহিত কৰিছিল।

গৱেষকসকলে মূৰৰ খুলিৰ ভঙা অংশবোৰ পুনৰ সংলগ্ন কৰাৰ বাবে অতি কষ্ট কৰিবলগীয়া হৈছিল।

নেটফ্লিক্সৰ বাবে বিবিচি ষ্টুডিঅ’ই নিৰ্মাণ কৰা তথ্যচিত্ৰ ছিক্ৰেটছ অৱ দ্য নিয়াণ্ডাৰথেলছত এই মুখমণ্ডল প্ৰদৰ্শিত হৈছিল। তথ্যচিত্ৰখনত ৪০ হাজাৰ বছৰৰ আগতে বিলুপ্ত হোৱা মানুহৰ বিৱৰ্তনৰ সংগী নিয়াণ্ডাৰথেল সম্পৰ্কে ধাৰণা প্ৰদৰ্শন কৰা হৈছে।

উল্লেখ্য যে ইৰাকৰ কুৰ্দিস্তানৰ শ্বানিদাৰ গুহাত উদ্ধাৰ হৈছিল এই নিয়াণ্ডাৰথেলৰ মূৰৰ খুলি। ১৯৫০ চনত এই গুহাটোৰ পৰা কমেও ১০ গৰাকী নিয়াণ্ডাৰথেল মহিলা, পুৰুষ আৰু শিশুৰ অৱশিষ্ট উদ্ধাৰ কৰা হয়।

২০১৫ চনত কুৰ্দিস্তানৰ কৰ্তৃপক্ষই ব্ৰিটিছ প্ৰত্নতাত্ত্বিক দল এটাক আমন্ত্ৰণ জনাইছিল। তেতিয়াই তেওঁলোকে মহিলাগৰাকীৰ কংকালটো উদ্ধাৰ কৰিছিল। কংকালটোক শনিদাৰ জেড হিচাপে নামকৰণ কৰা হৈছিল।

কংকালটোৰ মেৰুদণ্ড, কান্ধ, বাহু আৰু হাতকে ধৰি অধিকাংশ অংগ অক্ষত অৱস্থাত পোৱা গৈছিল।

বিজ্ঞানীসকলৰ মতে, সুদূৰ অতীতৰ কোনোবা এটা সময়ত ওপৰৰ পৰা খহি পৰা শিলৰ বাবে মহিলাগৰাকীৰ মৃত্যু হৈছিল।

স্থানীয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে মূৰৰ খুলিৰ কিছু অংশ ব্ৰিটেইনলৈ অনা হৈছিল।

পৰৱৰ্তী পদক্ষেপত প্ৰায় এবছৰ সময়ৰ অন্তত ডাচ শিল্পী এড্ৰি আৰু আলফন্স কেনিছে  ইয়াৰ ওপৰত প্ৰলেপ দি এক জীৱন্ত নাৰীৰ মুখমণ্ডল তৈয়াৰ কৰিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd