উৰাবাতৰি আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে সষ্টম মাজুলী প্ৰশাসন : ৰাইজক আতংকিত নহ’বলৈ আহ্বান

Majuli District administration

ছ’চিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰি আৰু অপপ্ৰচাৰ চলাই সমাজত আতংক বিয়পোৱা অপশক্তিৰ বিৰূদ্ধে মাজুলী জিলাতো অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ নিৰ্দেশত ইতিমধ্যে জিলা আৰক্ষীয়ে এনেধৰণৰ উৰাবাতৰি তথা অপপ্ৰচাৰত জড়িত লোকৰ ওপৰত নজৰ ৰখাৰ লগতে গাঁওৰক্ষী বাহিনী (ভি ডি পি) সমূহক সষ্টম কৰি দিছে।

তদুপৰি জিলা প্ৰশাসনৰ নিৰ্দেশত জিলাখনৰ প্ৰত্যেক থানা আৰু আৰক্ষী চকী এলেকাত এনেধৰণৰ উৰাবাতৰি, অন্ধ বিশ্বাসজনিত অপপ্ৰচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ বাবে স্থানীয় নাগৰিক সমিতিৰ সৈতে বৈঠকৰো আয়োজন কৰা হৈছে।

মাজুলীৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে জনোৱা মতে গড়মূৰ, কমলাবাৰী সদৰ আৰু জেংৰাইমুখ থানাৰ লগতে নয়াবজাৰ আৰু বনগাঁও আৰক্ষী চকী স্তৰত গঠন কৰা নাগৰিক সমিতিৰ সহযোগত সোপাধৰা আদি বিষয়ক ভূৱা প্ৰচাৰ-উৰাবাতৰিত বিভ্ৰান্ত নহ’বলৈ স্থানীয় ৰাইজক সচেষ্ট কৰা হৈছে।

একেদৰে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰজ্যোতি চৌধুৰীয়ে প্ৰকাশ কৰা মতে সমগ্ৰ জিলাখনতে এইধৰণৰ উৰাবাতৰি-ভূৱা প্ৰচাৰৰ বিৰুদ্ধে আৰক্ষীয়ে চোকা নজৰ ৰখাৰ উপৰি ভিতৰুৱা অঞ্চল সমূহতো আৰক্ষীৰ তহল বৃদ্ধি কৰা হৈছে।

আজি গড়মূৰ থানাত গাঁওৰক্ষী বাহিনীসমূহৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰি সমাজত উৰাবাতৰিৰে আতংক বিয়পোৱাৰ যিকোনো অপচেষ্টাৰ প্ৰতি তীক্ষ্ন নজৰ ৰাখি তাৎক্ষণিক ভাৱে থানাত অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই মাজুলীবাসী ৰাইজক কোনোধৰণৰ অপপ্ৰচাৰ, উৰাবাতৰিত বিভ্ৰান্ত নহ’বলৈ আহ্বান জনাইছে।

অসামাজিক চিন্তা-ধাৰাৰ কোনো লোকে সমাজত আতংক সৃষ্টিৰ বাবে চলোৱা যিকোনো অপচেষ্টা তথা অন্ধবিশ্বাস কেন্দ্ৰিক অযুক্তিকৰ কৰ্মকাণ্ড দৃষ্টিগোচৰ হোৱা মাত্ৰকে প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰিবলৈও জিলাবাসীক অনুৰোধ কৰিছে উপায়ুক্তই।