উ: পূবৰ উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰত বায়ুসেনাৰ অনুশীলন গগনশক্তি

IAF plane at ALG in Arunachal during assult

অৰুণাচলৰ উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰত ( ALG ) গগনশক্তি অনুশীলত মোতয়েন কৰা এ এন-৩২ শ্ৰেণীৰ এখন বিমান

তেজপুৰ ঘাটীৰ সামৰিক মুখপাত্ৰ লেফটেনাণ্ট কৰ্নেল হৰ্ষ ৱৰ্ধন পাণ্ডেই জনাইছে যে ভাৰতীয় বায়ুসেনাৰ সৰ্ববৃহৎ অনুশীলন গগনশক্তি-২০১৮ৰ এক অংশ হিচাপে যুঁজাৰু বিমান, হেলিকপ্টাৰ, আৰু পৰিবহণ বিমানসমূহ উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰত (Advanced Landing Grounds) মোতায়েন কৰা হৈছে।

তেওঁ কৈছে যে উন্নতকৃত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰ হৈছে সীমাবদ্ধ স্থলপথ, ৰেলপথ যোগাযোগ থকা দুৰ্গম স্থানত অৱস্থিত সীমান্তৰ নিকটস্থ প্ৰস্তুত বা প্ৰস্তুত নথকা বিমান অৱতৰণ ক্ষেত্ৰ। উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰসমূহ উত্তৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তলৈকে সৈন্য বাহিনী আৰু ৰচদপাতি খৰতকীয়াকৈ সঞ্চালন কৰাৰ বাবে ৰণনীতিমূলক স্থানত অৱস্থিত।

আন্তঃউপত্যকা সৈন্য সঞ্চালন, বিশেষ হেলিকপ্টাৰবাহী অভিযান, বিমানৰ পৰা অৱতৰণকৃত অভিযান আৰু বিশেষ বাহিনীৰ দ্বাৰা ছিমুলেটেড অবজেক্টিভ এৰিয়াত বিশেষ অভিযানসমূহ চলোৱাৰ বাবে যথেষ্ট সংখ্যক উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰ কাৰ্যক্ষম কৰি তোলা হৈছে। উত্তৰ-পূবৰ উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰসমূহৰ পৰাই ছু-৩০ যুঁজাৰু বিমানো চলোৱা হৈছে।

পাণ্ডেই কৈছে যে এই উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰসমূহত অৱতৰণ কৰাৰ ক্ষেত্ৰত বৈমানিকসকলে সমুখীন হোৱা প্ৰত্যাহ্বানসূহ হৈছে পূৰ্বানুমান কৰিব নোৱোৰা বতৰ, ওখোৰা-মোখোৰা ভূপৃষ্ঠ, এপ্ৰ’চ মেন্যুভাৰৰ বাবে ঠেক কৰিড’ৰ ইত্যাদি। ৰতীয় বায়ুসেনাৰ বৈমানিকসকলে এই সাহসী অভিযানসমূহ নিখুঁত আৰু পেছাদাৰীভাৱে সম্পন্ন কৰিছে আৰু এই হ্ৰস্ব ৰণনীতিমূলক অভিযানসমূহত ৰণনীতিমূলক উদ্দীপনা যোগাইছে। উত্তৰ ভাৰত আৰু উত্তৰ-পূবৰ তেজুৰ ৰ পাৰ্বত্য এলেকাসমূহত আন্তঃউপত্যকা সৈন্য সঞ্চালন অভিযান সম্পন্ন কৰা হৈছে। এই অভিযানসমূহ সফল হৈছে  ৰণনীতিমূলক অৱস্থানত এই উন্নত সা-সুবিধাযুক্ত অৱতৰণ ক্ষেত্ৰসমূহ থকা বাবেহে সম্ভৱপৰ হৈছে।

আমাৰ বিমান বাহিনীৰ লোকসকলৰ দক্ষতাত শান দিয়া আৰু এই অভিযানসমূহ সম্পন্ন কৰা বাবে সেৱা আগবঢ়োৱাৰ বাবে এই অনুশীলনসমূহ সৰ্বোৎকৃষ্ট বুলি প্ৰমাণিত হৈছে।

পূৰ্বৰ অভিযানত ৫৬০জন পেৰাট্ৰুপাৰ, সামৰিক বাহন আৰু জি পি এছ নিৰ্দেশিত কাৰ্গো প্লেটফৰ্ম পেৰাড্ৰপ কৰা হৈছিল। ভাৰতীয় সেনাবাহিনীৰ নিজৰ সশস্ত্ৰ সামৰিক আক্ৰমণে  লেণ্ডিং ফৰ্চসমূহ ছিম্যুলেট কৰা শত্ৰুৰ প্ৰতিৰোধ শিথিল কৰাৰ বাবে  সীমাৰ পাছফালে  ড্ৰপ কৰিছিল। বিমানবাহী বাহিনীত ৬খন চি-১৩০ জে আৰু ৭খন এ এন-৩২ শ্ৰেণীৰ বিমানে ভাৰতীয় বায়ুসেনা বাহিনীৰ ঘাটীত মোতায়েন কৰা হৈছিল। বাহিনীটোক বিমানবাহী সংকেত আৰু নিয়ন্ত্ৰণ প্ৰণালীৰ দ্বাৰা আকাশী তদাৰকী প্ৰদান আৰু ছু-৩০ এয়াৰ ছুপাৰিয়ৰিটী যুঁজাৰু বিমানৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হৈছিল।