এজাক বৰষুণতে স্তব্ধ মহানগৰীৰ জনজীৱন; এজনৰ সলিল সমাধি

দুপৰীয়াৰ এজাক বৰষুণৰ পাছতেই স্তব্ধ হৈ পৰিল মহানগৰীৰ জনজীৱন। বিগত বছৰৰ দৰে এইবাৰো মহানগৰীত কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে এজন লোকৰ।

উল্লেখযোগ্য যে আজি দুপৰীয়া প্ৰায় এঘণ্টা ধৰি হোৱা এজাক বৰষুণৰ পাছতে বানত পৰি সলিল সমাধি ঘটে বশিষ্ঠৰ সঞ্জয় শৰ্মা নামৰ ৪৫ বছৰীয়া এজন লোকৰ। এই ঘটনাটো সংঘটিত হয় মহানগৰীৰ বশিষ্ঠ নদীত।

প্ৰাপ্ত তথ্য মতে বশিষ্ঠ মন্দিৰৰ সমীপত নদীৰ কাষেৰে গৈ থকা অৱস্থাত পিচলি পৰি মৃত্যুক সাবটি লয় ব্যক্তিজনে।

ইতিমধ্যে বাতৰি লিখা পৰলৈকে এচ ডি আৰ এফে অভিযান চলাই লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসে জানিবলৈ দিয়ে।

ইফালে মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ’ল সদাব্যস্ত গুৱাহাটী মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, চানমাৰি, জু ৰোড, গনেশগুৰি, খ্ৰীষ্টানবস্তী, জটিয়াকে ধৰি বিভিন্ন প্ৰান্ত।

কৃত্ৰিম বানৰ যন্ত্ৰনাই লগ নেৰা মহানগৰীৰ অনিল নগৰ-নবিন নগৰ অঞ্চলত এককাঁল পৰ্যন্ত পানীত ডুব যোৱা পৰিলক্ষিত হ’ল। যাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত। লেতেৰা পানীৰ মাজতেই আৱদ্ধ হৈ থাকিব লগা হৈছে অঞ্চলটোৰ বাসিন্দা।

উল্লেখযোগ্য যে প্ৰতিবছৰে বাৰিষাৰ দিনকেইটাত এজাক বৰষুণ দিলেই যমৰ যাতনা ভোগ কৰিবলগীয়া হয় অনিল নগৰ-নবিন নগৰবাসীয়ে।

সমান্তৰালভাৱে চানমাৰি, জুৰোড, গনেশগুৰি আদিটো পানীত ডুব গ’ল বাট-পথ, ঘৰ-দুৱাৰ। পদপথ, নলা-নৰ্দমা সকলো একাকাৰ হৈ পৰিল বিভিন্ন স্থানত।

ইফালে কৃত্ৰিম বানৰ কৱলত পৰা ৰাধা গোবিন্দ বৰুৱা পথেৰে যানবাহনৰ চলাচলো বন্ধ হৈ পৰে। একেদৰে এবিচি, খ্ৰীষ্টানবস্তিত জি এচ ৰোডো কৃত্ৰিম বানত ডুব যায়।