এডভাণ্টেইজ আছামত স্বাক্ষৰিত বুজাবুজি চুক্তিসমূহক কাৰ্যকৰী কৰাৰ বাবে নতুন সংস্থা গঠন কৰা হ’ব

Chief Minister Sarbananda Sonowal

‘এডভাণ্টেইজ আছাম’ সন্মিলনত স্বাক্ষৰিত বুজাবুজি চুক্তিসমূহৰ পৰৱৰ্তী পৰ্যায়বোৰ কাৰ্যকৰী কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ইনভেষ্ট আছাম নামৰ এক সংস্থা গঠন কৰা হ’ব।

উল্লেখযোগ্য যে এডভাণ্টেইজ আছাম বিশ্ব বিনিয়োগ সন্মিলনত অসম চৰকাৰে ১ লাখ কোটি টকাৰ প্ৰায় ২০০খন বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছে।

উদ্যোগখণ্ডৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰে সন্মিলনখনৰ সফলতাৰ বাবে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় কোম্পানী সমূহৰ পৰা বিনিয়োগৰ প্ৰস্তাৱ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিশ্ব বিনিয়োগ সন্মিলনখনত স্বাক্ষৰিত হোৱা প্ৰস্তাৱ সমূহৰ পৰৱৰ্তী পৰ্যায়বোৰ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে এগৰাকী মুখ্য কাৰ্যবাহী বিষয়া আৰু আন বিষয়াবৰ্গক লৈ উক্ত সংস্থাটো গঠন কৰা হ’ব।

লক্ষণীয় যে এডভাণ্টেইজ আছামৰ দৰে দেশৰ অন্য স্থানত আয়োজিত বাণিজ্য সন্মিলনসমূহ যেনে ‘ভাইব্ৰেণ্ট গুজৰাট’, বেংগল গ্লোবেল ছাম্মিট’ আদিৰ পৰৱৰ্তী পৰ্যায়ত নগণ্য সংখ্যক বিনিয়োগ প্ৰস্তাৱ হে বাস্তৱায়িত হৈছিল।