এতিয়াও পৰ্ন ছাইটৰ গ্ৰাসতে আছে শাসনাধিষ্ঠিত দল বিজেপিৰ ৱেবছাইট; আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন

BJP_Site

হেকিং তথা পৰ্ন ছাইটৰ গ্ৰাসত পৰা অসম বিজেপিৰ ৱেবছাইটটো আজিও পৰ্ন বিষয়বস্তুৰ পৰা মুক্ত নহ’ল। ৱেবছাইটটো হেকড হোৱা বুলি আৰু পৰ্ন কনটেণ্টেৰে ভৰি পৰা বুলি দলটো অৱগত আৰু এই সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে চি আই ডিৰ বিশেষ শাখাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছিল।

কিন্তু আজিও দেখা গৈছে ৱেবছাইটটো একে ধৰণেই হেকড হৈ আছে আৰু এতিয়াও ইয়াত পৰ্ন বিষয়বস্তুৰ (porn content) দখল আছে। তাৰোপৰ অসম বিজেপিৰ নাম সাঙুৰি bjpassam.org নামৰ আন এটা পৰ্ন ৱেবছাইট ইণ্টাৰনেট জগতত কোনো দুষ্টচক্ৰই উপলব্ধ কৰাৰ কথাটো কেতিয়াবাই ৰাজহুৱা হৈছিল।

কেন্দ্ৰ আৰু ৰাজ্যত শাসন চলাই থকা দল এটাৰ ৱেবছাইট এইদৰে হেকড হৈ থকাৰ পিছতো আৰু এই দলটোৰ নামটোক সাঙুৰি পৰ্ন ছাইট ইণ্টাৰনেট জগতত সুলভ হৈ থকাৰ পিছতো ইমান দিনেও ইয়াক বন্ধ কৰিব নোৱৰাটো ডাঙৰ ব্যৰ্থতা বুলি ক’ব পাৰি। সাধাৰণ লোক বা অন্য প্ৰতিষ্ঠানে এনেকুৱা চাইবাৰ ক্ৰাইমৰ সন্মুখীন হ’লে কি ধৰণৰ তৎকালীন সমাধান পাব তাক লৈও সন্দেহ ওপজিছে।

মন কৰিব লগীয়া যে ৰাজনৈতিক দলবিলাকৰ ভিতৰত আই টিৰ দিশ বিজেপিৰে উন্নত বুলি প্ৰচাৰ কৰা হয়। তাৰোপৰি ‘ডিজিটেল ইণ্ডিয়া’ চৰকাৰৰ লগতে দলটোৰো মুখতে লাগি থকা শ্ল’গান। তাৰ পিছতো ইমান দিনৰ পিছতো দলৰ ৱেবছাইটটো হেকাৰৰ পৰা মুক্ত কৰিব নোৱৰাটোৱে কি সূচায়?

দলটোৰ প্ৰকৃত ৱেবছাইট http://assam.bjp.org এতিয়াও হেকড হৈয়ে আছে।  http://assam.bjp.org/contacts.php বা ছাইটটোৰ পৰা ইয়াৰ মেনুবাৰৰ connect-> Admin পথেৰে সোমালে Click here to view BJP IT Dept. members list এতিয়াও এটা নতুন সংযোগলৈ redirect হয়,, য’ত ক্লিক কৰিলে পৰ্ন ছাইট খোল খায়।

আনহাতে ৰাজ্যত চাইবাৰ ক্ৰাইমৰ বাবে থকা আৰক্ষীৰ বিশেষ কোষ এই অপৰাধবোৰৰ শুংসূত্ৰ খেদি তৎকালীনভাৱে সমাধান উলিওৱাত কিমান সক্ষম তাতো সন্দেহ আহি পৰে।