এতিয়া বিদেশীক নাগৰিকত্ব দিয়াৰ হকে মাত মতা বিজয়া চক্ৰৱৰ্তী বিদেশী বহিষ্কাৰৰ অসম আন্দোলনৰ নেত্ৰী আছিল : অধিবক্তা হেমন্ত কুমাৰ নাথ

“বৰ্তমানৰ বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী বিদেশী বহিষ্কাৰৰ বাবে হোৱা অসম আন্দোলনৰ নেত্ৰী আছিল। অসম আন্দোলনৰ সময়ত তেওঁৰ কষ্ট আৰু ত্যাগ সকলো অসমবাসীয়ে একেমুখে স্বীকাৰ কৰে।” এই মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উপদেষ্টা হেমন্ত কুমাৰ নাথে। আজি দিচপুৰ প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে আয়োজন কৰা এখন সংবাদ মেলত অধিবক্তাজনে এইদৰে কয়।

এসময়ত সমগ্ৰ ৰাজ্যক উত্তপ্ত কৰি তোলা বিদেশী বহিষ্কাৰৰ বাবে হোৱা অসম আন্দোলনৰ মহিলাসকলক সবল নেতৃত্ব দিয়া বিজয়া চক্ৰৱৰ্তীয়ে বিজেপি-আৰ এছ এছৰ উচ্চ পৰ্য্যায়ৰ নেতাৰ কথা শুনি এতিয়া হিন্দু বাংলাদেশীক নাগৰিকত্বৰ সমৰ্থন কৰিছে বুলি গুৰুতৰ অভিযোগ তোলে অধিবক্তাজনে।

সেই সময়ৰ পৰিস্থিতিৰ ছবি দাঙি ধৰি অধিবক্তাজনে কয়, “অসম আন্দোলনৰ সময়ৰ অসম চৰকাৰৰ পৰা তেওঁ (বিজয়া চক্ৰৱৰ্তীয়ে) শাস্তি ভোগ কৰিব লগীয়া হৈছিল, লগতে শোণিতপুৰ জিলাৰ ভালুকপুঙত ৰাতি জংঘলত নি এৰি থৈ আহিছিল। ৰাতিটো তেওঁ গছৰ ওপৰত উঠি আছিল।”

উল্লেখযোগ্য যে দুদিনমান পূৰ্বে হিন্দু বাংলাদেশী নহয়, মুছলমান বাংলাদেশীহে অসমৰ বাবে ক্ষতিকৰ বুলি সংবাদমেল যোগে মুকলিকৈ মন্তব্য কৰিছিল সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। লগতে তেওঁ ১০ হাজাৰহে হিন্দু বাংলাদেশী শৰণাৰ্থী অসমত থকা বুলিও মন্তব্য কৰিছিল।

আনহাতে, হেমন্ত কুমাৰ নাথে বিজয়া চক্ৰৱৰ্তীক তিৰ্য্যক ভাষাৰে সমালোচনা কৰি কয়, “বিজয়া চক্ৰৱৰ্তীয়েই হওক, ৰাষ্ট্ৰীয় নেতা অতলবিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানিকে ধৰি সকলো নাগপুৰৰ পৰা পৰিচালিত হৈ থাকে। তেওঁলোকে এটা সময়ত গৈ নাগপুৰত সেৱা লোৱা দেখিছিলো।”

অন্যহাতেদি অসম আন্দোলন হৈ যোৱাৰ পিছত বিজয়া চক্ৰৱৰ্তীয়ে সুৰ সলোৱা বুলি  উল্লেখ কৰি হেমন্ত কুমাৰ নাথে কয়, “তেওঁ ১৯৮৬ চনত অসম গণ পৰিষদৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। যি উদ্দেশ্যৰে তেওঁ অসম আন্দোলনত অংশগ্ৰহণ কৰি নিৰ্য্যাতিত হৈছিল, সেই উদ্দেশ্যৰ কথা নাপাহৰিব বুলি আমি আশা ৰাখিছো। ভোটৰ আশাত তেওঁ হিন্দু বাংলাদেশীৰ সপক্ষে যুক্তি দিয়াৰ বাবে আমি গৰিহণা দিছো।  তেওঁ ৰাজনৈতিক স্বাৰ্থৰ বাবে দুমুখীয়া চৰিত্ৰটো নাৰাখি অসম আন্দোলনৰ ৮৫৫গৰাকী চহিদৰ তেজৰ মূল্য দিব বুলি আমি আশাবাদী।”