এনপিএফে সোমবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ আনি গোচৰ দাখিল কৰিছে।
নিৰ্বাচন আয়োগক দিয়া অভিযোগত এনপিএফে কৈছে যে এনডিপিপি-বিজেপি মিত্ৰজোঁটে ২৬ ফেব্ৰুৱাৰীত স্থানীয় বাতৰিকাকতত দিয়া এটা পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনৰ জৰিয়তে এলানি প্ৰতিশ্ৰুতি আগবঢ়াই প্ৰত্যক্ষভাৱে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে।
দলে আঙুলিয়াই দিয়ে যে এনডিপিপি-বিজেপি মিত্ৰজোঁটে বিজ্ঞাপনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় আঁচনিসমূহত ১০০ শতাংশ পুজি (পূৰ্বতে যিটো ৯০:১০ অনুপাতত আছিল) যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পৰৱৰ্তী তিনি বছৰত আন্ত:গাঁথনিৰ বাবে ৫৩০০ কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।
কোৱা হৈছে যে মিত্ৰজোঁটৰ সহযোগী দলেও নাগালেণ্ডত ৰাস্তা-ঘাটৰ বাবে ১০,০০০ কোটি, ডিমাপুৰ-কোহিমা ৰে’লপথৰ বাবে ৩০০০ কোটি, বিদ্যুৎ সংযোগৰ বাবে ৮০০ কোটি আৰু কোহিমা স্মাৰ্ট চিটি প্ৰকল্পৰ বাবে ১৮০০ কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া কাৰ্যই নিৰ্বাচনী বিধি ভংগ কৰিছে।
নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত কোৱা আছে যে যিকোনো বিত্তীয় অনুদান ঘোষণা কৰা বা প্ৰতিশ্ৰুতি দিয়া অথবা পথ নিৰ্মাণৰ কোনো প্ৰতিশ্ৰুতি দিয়া ইত্যাদিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ শুদ্ধতা বিনষ্ট কৰে বা ভোটাৰক আকৃষ্ট কৰি তেওঁলোকক ভোট দিয়াৰ বাবে প্ৰভাৱিত কৰে।
এনপিএফে সেয়েহে দাবী কৰে যে ভাৰতীয় নিৰ্বাচন আয়োগে ইয়াৰ বিৰুদ্ধে ‘’দুৰ্নীতি আচৰণ’’ কাৰ্য হিচাপে ধৰি আৰু নিৰ্বাচনী আইনৰ অধীনৰ অপৰাধ হিচাপে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।