• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2025 5:36 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক স্মাৰক বক্তৃতাত বিশিষ্ট ইতিহাসবিদ অধ্যাপক ইৰফান হাবিবে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিছুমান গুৰুত্বপূৰ্ণ অধ্যায়ৰ মাৰ্ক্সবাদী সমালোচনা পুনৰ পৰীক্ষা কৰিবলৈ শ্ৰোতা দৰ্শকক আহ্বান জনায়।

অধ্যাপক হাবিবে কয়, ‘হয়তো আমাৰ নিজৰ অভাৱৰ ওপৰত চিন্তা কৰাৰ সময় আহি পৰিছে।’ উল্লেখ্য যে, বক্তৃতাত তেওঁ নিজকে বাওঁপন্থী বুদ্ধিজীৱী বুলি স্পষ্টকৈ পৰিচয় দিছিল।

Apply Now

অধ্যাপক ইৰফান হাবিবক বিশ্বব্যাপী মধ্যযুগীয় ভাৰতৰ বিপ্লৱী বুৰঞ্জীবিদ হিচাপে গণ্য কৰা হয় যদিও তেওঁৰ ৰচনাত ভাৰতৰ প্ৰাচীন কালৰ পৰা আধুনিক যুগলৈকে বিভিন্ন সময়ৰ গভীৰ পৰীক্ষা সামৰি লোৱা হৈছে।এইখিনিতে এইটো কথা উল্লেখ কৰিব লাগিব যে, অধ্যাপক ইৰফান হাবিবৰ বয়স এতিয়া ৯০ বছৰৰ ওপৰত। সোমবাৰে (১৫ ছেপ্টেম্বৰ) অধ্যাপক হাবিবে দিল্লীত বিগত দশকৰ প্ৰথমটো ৰাজহুৱা বক্তৃতা প্ৰদান কৰে।

চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে অধ্যাপক হাবিবৰ পৰিচয় দি কয় যে, হাবিব এজন ৯৩ বছৰীয়া যুৱক।সেই অনুষ্ঠানতেই প্ৰখ্যাত অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে কয় যে, এলবাৰ্ট আইনষ্টাইন আৰু জিন পল ছাৰ্ট্ৰেৰ দৰে মুকলিকৈ নিজৰ ৰাজনৈতিক মতামত প্ৰকাশ কৰা বিশ্বব্যাপী বুদ্ধিজীৱীসকলৰ ভিতৰত হাবিব অন্যতম। আৰু এয়া এইবাবেই উল্লেখনীয় কাৰণ- য’ত ভাৰতীয় ৰাজহুৱা বুদ্ধিজীৱীসকলে সাধাৰণতে ৰাজনীতিৰ পৰা আঁতৰি আহিছে তেনে ক্ষেত্ৰত হাবিব নিজৰ স্থিতিত অটল।

“The Left in the National Movement and its Legacy” শীৰ্ষক বক্তৃতাত হাবিবে আঙুলিয়াই দিয়ে যে মাৰ্ক্সবাদী ইতিহাস লেখন প্ৰক্ৰিয়াই কংগ্ৰেছ উদাৰবাদী নেতা দাদাভাই নৌৰজী আৰু আৰ চি দত্তৰ অৱদানক সিমান সন্মান আগবঢ়োৱা নাছিল। ইংৰাজে যে ভাৰতৰ ধন-সম্পত্তি লুণ্ঠন কৰি উলিয়াই আনিছে সেই কথা প্ৰথমে উদঙাই দিছিল। যাক পিছলৈ “Drain of Wealth” তত্ত্ব বুলি জনা যায়। ১৮৮০ চনৰ পৰা নৌৰজী আৰু দত্তৰ ধাৰণাই মাৰ্ক্সবাদী সমালোচনাৰ ভেটি গঠন কৰিছিল, যিয়ে ব্ৰিটিছ সাম্ৰাজ্যবাদ আৰু উপনিবেশবাদৰ এই বুজাবুজি আৰু অধিক গভীৰ কৰি তুলিছিল।

হাবিবে কয়, ‘ভাৰতত কমিউনিষ্ট আন্দোলনৰ আগতেই ব্ৰিটিছ উপনিবেশবাদৰ কমিউনিষ্ট সমালোচনা আৰম্ভ হৈছিল। মাৰ্ক্স আৰু এংগেলছে ১৮৪০ চনত ঔপনিৱেশিকতাক সমালোচনা কৰিছিল, কিন্তু নৌৰজী আৰু দত্তই সেই সমালোচনা ভাৰতত বিকশিত কৰিছিল। আমি তেওঁলোককো সন্মান কৰা উচিত।’

হাবিবে আৰু ব্যাখ্যা কৰে যে, ‘কমিউনিষ্টসকল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল, আৰু তেওঁলোকে প্ৰায়ে সমাজবাদীসকলৰ সৈতে মিত্ৰতা কৰিছিল।স্বাধীনতাৰ পিছত এই পৰিস্থিতি সলনি হ’ল, যেতিয়া দুয়ো পক্ষৰে মাজত মতানৈক্যৰ সৃষ্টি হ’বলৈ ধৰিলে।’

কিন্তু তেওঁ লগতে কয় যে কমিউনিষ্টসকলে যেতিয়া “মুছলিম লীগ আৰু কংগ্ৰেছক চিনাক্ত কৰিছিল” তেতিয়া কৌশলগত ভুল কৰিছিল। হাবিবে কয় যে, ১৯৩০ চনৰ পৰা ১৯৪৭ চনলৈকে কংগ্ৰেছ আৰু মুছলিম লীগে দুটা ভিন্ন দিশত আগবাঢ়িছিল। কংগ্ৰেছে তাৎক্ষণিক আৰু সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল, আনহাতে মুছলিম লীগে মুছলমানসকলৰ বাবে পৃথক অংশ (লভ্যাংশ) দাবী কৰিছিল।’ হাবিবে যুক্তি দিছিল যে কমিউনিষ্টসকলে কংগ্ৰেছৰ দাবীক সমৰ্থন কৰিলেও ভুলতে ৰাজনৈতিক দল দুটাক একে বুলি গণ্য কৰিছিল।

হাবিবে লগতে কয়, ‘মুছলিম লীগ সাম্প্ৰদায়িক আছিল, আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল জাতীয় দল… মুছলিম লীগে বিভাজনৰ সমৰ্থন কৰিছিল, কিন্তু কংগ্ৰেছে কৰা নাছিল। কি ভিত্তিত ক’ব পাৰি যে দুয়োটা একে আছিল?’

তেওঁ আৰু কয়, ‘আমি কিয় দুয়োটাৰ মাজত পাৰ্থক্য দেখা নাপালোঁ? কংগ্ৰেছৰ ইতিমধ্যে সমাজবাদী কাৰ্যসূচী আছিল।’ হাবিবে স্মৰণ কৰি কয় যে, ভাৰতৰ অবিভক্ত কমিউনিষ্ট পাৰ্টিয়ে কংগ্ৰেছ আৰু মুছলিম লীগক একেদৰেই গণ্য কৰাৰ নীতি গ্ৰহণ কৰিছিল, ইয়াৰ মুছলমান কৰ্মীসকলক মুছলিম লীগ আৰু হিন্দু সদস্যসকলক কংগ্ৰেছলৈ পঠিয়াইছিল, কাৰ্যতঃ কংগ্ৰেছক ‘হিন্দু দল’ হিচাপে গণ্য কৰিছিল।

হাবিবে ক’লে, “কমিউনিষ্টসকলে সাম্প্ৰদায়িক সমস্যাটো সঠিকভাৱে সমাধান কৰা নাছিল।”

তেওঁ ইয়াক “বৃহৎ ভুল” বুলি অভিহিত কৰি মুছলিম লীগৰ সৈতে কাম কৰিবলৈ বাধ্য হোৱাত মাৰ্ক্সবাদৰ পৰা কিমান মুছলমান কমিউনিষ্টে নিজকে আঁতৰাই ৰাখিছিল সেই কথা মনত পেলাইছিল। কিন্তু তেওঁ স্মৰণ কৰি কয় যে কমিউনিষ্টসকলে বিতৰ্কিত ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে সেই যুগৰ বিশিষ্ট কমিউনিষ্ট মুখপাত্ৰ আৰ পি দত্তই তেওঁৰ বিখ্যাত গ্ৰন্থ ইণ্ডিয়া টুডে (১৯৪০ চনত প্ৰকাশিত)ত ভাৰতক ধৰ্মীয় ভিত্তিত বিভাজন কৰা উচিত নহয় বুলি যুক্তি দি সুকীয়া অধ্যায় লিখিছিল। কিন্তু তেওঁ কয় যে তেওঁৰ যুক্তিক আওকাণ কৰিছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ তদানীন্তন সাধাৰণ সম্পাদক পি চি যোশীয়ে মুছলিম লীগৰ প্ৰতি “তুষ্টিকৰণৰ নীতি” অনুসৰণ কৰিছিল।

অধ্যাপক হাবিবে স্বাধীনতা সংগ্ৰামৰ কিছুমান দিশৰ প্ৰতি ভাৰতীয় কমিউনিষ্ট আন্দোলনৰ দৃষ্টিভংগীক সমালোচনা কৰাৰ বিপৰীতে বাওঁপন্থীয়ে ভাৰত ত্যাগ আন্দোলনক কিয় সমৰ্থন কৰা নাছিল সেই কথাও বুজাই দিছিল। ভাৰতৰ আধুনিক ইতিহাসৰ এই ঘটনাটো হিন্দুত্ববাদী শক্তি আৰু কংগ্ৰেছ উভয়ে বহু সময়ত বাওঁপন্থী আৰু স্বাধীনতা সংগ্ৰামত ইয়াৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে।

হাবিবে যুক্তি দিছিল যে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ কংগ্ৰেছে গৃহীত কৰা ১৯৪২ চনৰ বম্বে প্ৰস্তাৱটো অকালপক্ক আছিল। তেওঁ যুক্তি দিছিল যে কংগ্ৰেছে “ভাৰত ত্যাগ”ৰ আহ্বান জাৰি কৰিছিল যেতিয়া জাপানী সেনাই ইতিমধ্যে ভাৰতৰ সীমান্তত উপস্থিত হৈছিল। এনে পৰিস্থিতিত কমিউনিষ্টসকলে সঠিকভাৱে স্বীকাৰ কৰিছিল যে তেওঁলোকৰ প্ৰাথমিক যুদ্ধ ফেচিষ্ট শক্তিৰ বিৰুদ্ধে, সেয়েহে তেওঁলোকে ব্ৰিটিছ উপনিবেশিকসকলৰ বিৰুদ্ধে সংগ্ৰাম পিছুৱাই দিছিল।

তেওঁ কয় যে, আমি প্ৰতিৰক্ষামূলক স্থিতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে এই বিষয়ত কমিউনিষ্টৰ সৈতে থিয় দিব লাগে।

হাবিবে তেওঁ উত্থাপন কৰা কথাবোৰ বিবেচনা কৰিবলৈ সকলোকে আহ্বান জনাইছিল আৰু কমিউনিষ্টসকলে সেইবোৰৰ ওপৰত মুকলিকৈ, মুক্তভাৱে আৰু যুক্তিসংগতভাৱে বিতৰ্ক কৰিব বুলি আশা প্ৰকাশ কৰিছিল।

বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা আৰু ভাৰতৰ কমিউনিষ্ট আন্দোলন কি দিশত আগবাঢ়িব লাগে সেই বিষয়ে আলোচনা কৰি হাবিবে বক্তৃতাৰ সামৰণি মাৰে।

হাবিবে কয়, ‘আজিৰ ভাৰতত আমি কেৱল সমাজবাদক প্ৰসাৰ কৰাই নহয় পূৰ্ণ গণতন্ত্ৰকো প্ৰসাৰিত কৰিব লাগিব। সমাজবাদ আৰু গণতন্ত্ৰ অমূল্য। আনটোৰ অবিহনে দুয়োটাৰে কোনো মূল্য নাই… আমি সমাজবাদক যিমান পাৰি ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগিব, কিন্তু ইয়াকো নিশ্চিত কৰিব লাগিব যে ইয়াক জনসাধাৰণৰ বিপুল সংখ্যকে আকোৱালি লয়।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd