এন আৰ চিত বহু খিলঞ্জীয়া ব্যক্তিৰ নাম বাদ পৰিছে : সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ

গৰিয়া-মৰিয়া

অসমৰ বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত গৰীয়া মৰিয়া জনগোষ্ঠীৰ লোকসকলৰ অৱদান আছে। ভাষা আন্দোলন, অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন,স্বাধীনতা আন্দোলন,অসম আন্দোলনকে ধৰি বিভিন্ন ক্ষেত্ৰত গৰীয়া মৰিয়া জনগোষ্ঠীৰ লোক সকলৰ উল্লেখনীয় অৱদান আছে।

অসমত যুগে যুগে এই সকল খিলঞ্জীয়ালোক বসবাস কৰি থকাৰ পিছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰাত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰা কাৰ্য অতিকে দুৰ্ভাগ্যজনক। এই মন্তব্য সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মইনুল হকৰ।

আজি আবেলি ৪ বজাত বাক্সা জিলাৰ তামুলপুৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত সাধাৰণ সম্পাদকজনে এনেদৰে মন্তব্য কৰে। সংবাদমেলত মইনুল হকে  কয় যে এন আৰ চিৰ দ্বিতীয় খচৰাত এনে বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে। অকল বাক্সা  জিলাতেই ৭৫ শতাংশ গৰীয়া মৰিয়া লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত  অন্তৰ্ভুক্ত নোহোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে আন নালাগে স্বয়ং সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্ৰফ আলিৰ নাম দ্বিতীয় খচৰাত বাদ পৰি গৈছে।

লক্ষণীয়ভাবে  আশ্ৰফ আলি আৰু তেওঁৰ ভতিজা এগৰাকীৰ নাম এন আৰ চিৰ প্ৰথম খচৰাত অন্তৰ্ভুক্ত হৈছিল বুলিও তেওঁ সংবাদ মেলখনত সদৰী কৰে। তেওঁ কয় যে ৰজা দিনীয়া পৰিয়ালৰো ভালে সংখ্যক পৰিয়াল তথা ব্যক্তিৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত নহ’ল। সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে অসমত এখন বিদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰে বুলি হকে উল্লেখ কৰি এন আৰ চিৰ চূড়ান্ত খচৰাত ইতিমধ্যে বহু ”ডি” ভোটাৰৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি সংবাদ মেলত অভিযোগ কৰে।

আনহাতে, এন আৰ চিৰ দ্বিতীয় খচৰাত নাম বাদ পৰা খিলঞ্জীয়া লোকৰ আবেদন পত্ৰ পূৰণৰ ক্ষেত্ৰত সহজ প্ৰক্ৰিয়া অৱলম্বন কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়। তেওঁ লগতে আবেদন পত্ৰ পূৰণ কৰা ব্যক্তিৰ ঘৰে ঘৰে গৈ নথি পত্ৰ পৰীক্ষা কৰাৰ বাবেও আহ্বান জনায়। এন আৰ চিৰ চূড়ান্ত খচৰাত বহু খিলঞ্জীয়াৰ নাম অন্তৰ্ভুক্ত নোহোৱা কাৰ্যত তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰি এন আৰ চিৰ কামত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এনে কাৰ্য সংঘটিত হোৱা বুলি তেওঁ মন্তব্য কৰে।

সংবাদ মেলখনৰ জৰিয়তে মইনুল  হকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে সংসদত গ্ৰহণ কৰা ভূমিকাক ধন্যবাদ জ্ঞাপন কৰে। কিন্তু লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই পৰ্যন্ত সংসদত এন আৰ চি সম্পৰ্কে নীৰৱ ভূমিকা গ্ৰহণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে হকে। ইপিনে বি জে পি নেতা অমিত শ্বাহে এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰা ৪০ লক্ষাধিক লোক বিদেশী বুলি কৰা মন্তব্যকো তেওঁ গৰিহণা দিয়ে।

সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে দ্বিতীয় খচৰাত বাদ পৰি যোৱা খিলঞ্জীয়া লোকসকলৰ নাম অন্তৰ্ভুক্ত কৰি তৃতীয় খচৰা এখন প্ৰকাশ কৰিবলৈ চৰকাৰক আহ্বান জনায়।