এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহা ৪০ লাখে নিজৰ পৰিচয় প্ৰমাণ কৰক : চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ৰমণ সিং

Raman-Singh111

চত্তীশগড়ৰ মুখমন্ত্রী ৰমণ সিং। ফটো : ইন্টাৰনেটৰ সৌজন্যত

অসমত যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত গোটেই দেশতে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাত প্ৰায়বোৰ ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ লোক পৰা বাদ পৰা প্ৰসংগত এইবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰকাশ কৰিছে চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ৰমণ সিঙে।

ৰমণ সিঙে শুকুৰবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিসকল লোক বৰ্তমানো নিৰীক্ষণত আছে বা চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা নাই  তেওঁলোকে নিজৰ পৰিচয় প্ৰমাণ কৰক। ইয়াৰ অন্যথা প্ৰমাণ কৰিব নোৱাৰিলে নিজৰ দেশলৈ ঘুৰি যোৱা উচিত।

তেওঁ লগতে কয় যে নিয়মীয়াভাৱে আহি থকা বিদেশীক ৰাখিবলৈ ভাৰত এখন ধৰ্মশালা নহয়। তেওঁ কয়, ‘’ আমাৰ দেশখন এখন ধৰমশালা নেকি যে বহিৰাগতই  বাধাহীনভাৱে প্ৰৱেশ কৰিব? তেওঁলোক নিশ্চিতভাৱে বহিস্কৃত হ’ব আৰু জনসাধাৰণেই তেওঁলোকক চিনাক্ত কৰিব।‘’

চত্তীশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ যুৱ শক্তিৰ সুদীৰ্ঘ ৮ বছৰীয়া প্ৰতিবাদৰ পৰিণতি এন আৰ চিলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। সিঙে স্পষ্টভাৱে কয় যে ৪০ লাখ লোকে নিজৰ পৰিচয় প্ৰমাণ কৰক, নহ’লে নিজৰ ঠাইলৈ ঘুৰি যাওক।