এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্ৰকাশ : বাদ পৰিল ৪০ লাখ ৭ হাজাৰ ৭০৭জনৰ নাম, ডি-ভোটাৰ ২ লাখ ৪৮ হাজাৰ

nrc-press-meet-570x320

ফটো : নৰ্থইষ্ট নাও

অসমবাসীৰ বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তথা চূড়ান্ত খচৰা আজি প্ৰকাশ পালে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আয়োজন কৰা সংবাদমেলত দেশৰ মহাপঞ্জীয়ক ড০ শৈলেশ আৰু উত্তৰ–পূবৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ উপস্থিতিত চূড়ান্ত খচৰা প্ৰকাশৰ কথা ঘোষণা কৰা হয়।

দেশৰ মহা পঞ্জীয়ক ড০ শৈলেশে সংবাদমেল সম্বোধন কৰি অসমবাসীক ধন্যবাদ জনায়। তেওঁ লগতে এন আৰ চিৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰীকো তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনায়।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে সৰ্বমুঠ ৩ কোটি ২৯ লাখ ৯১হাজাৰ ৩৮৪ জন লোকে আবেদন কৰিছিল। ইয়াৰে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জন লোকৰ নাম পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত হৈছে। আনহাতে, পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭ জনৰ নাম। ইয়াৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ আছে ডি-ভোটাৰ।

‘অ মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতেৰে আৰম্ভ কৰা সংবাদমেলখনত মহাপঞ্জীয়কে প্ৰকাশ কৰিছে যে এই তালিকাৰ ভিত্তিত কাকো ডিটেনশ্যন কেম্পলৈ পঠিওৱা নহয় অথৱা ইয়াৰ ভিত্তিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। তদুপৰি, যিসকলৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক ব্যক্তিগতভাৱে পত্ৰ দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে।

আনহাতে, ভিডিঅ’ কনফাৰিন্সিঙৰ জৰিয়তে আজি অসমৰ বিভিন্ন জিলাত খচৰা প্ৰকাশ কৰা হয়। এন আৰ চি প্ৰস্তুতৰ প্ৰক্ৰিয়াটোত ১২২০ কোটি টকা ব্যয় কৰা হৈছে বুলিও সদৰী কৰা হৈছে সংবাদমেলত।

ইপিনে কচৰাত নাম নথকাসকলে অহা ৭ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈ এন আৰ চি সেৱা কেন্দ্ৰ সমূহত ওজৰ আপত্তি দৰ্শাব পাৰিব। আনহাতে, যিসকলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰিলে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা ল’ব সেয়া পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে মহাপঞ্জীয়কগৰাকীয়ে।