এন আৰ চি উন্নীতকৰণৰ সফলতাৰ আঁৰৰ ব্যক্তিজন

অসমবাসীৰ বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ তথা চূড়ান্ত খচৰা সোমবাৰে প্ৰকাশ পালে। অসমীয়া জাতিৰ দলিলস্বৰূপ এই এন আৰ চিৰ চূড়ান্ত খচৰাই অতি সোনকালেই মূল এন আৰ চিৰ ৰূপ পোৱাৰ সম্ভাৱনা আছে।

এই সময়তে জাতিৰ দলিল আখ্যায়িত আৰু ঐতিহাসিক বুলি স্বীকৃত এই মহৎ কামটোৰ আঁৰৰ ব্যক্তিজনক সকলো অসমীয়াই কৃতজ্ঞতাৰে মনত পেলাইছে। তেওঁ আন কোনো নহয়, এজন প্ৰচাৰবিমুখ ব্যক্তি তথা জাতিৰ প্ৰতি সকলো উৎসৰ্গা কৰিব পৰা, শিক্ষাবিদ প্ৰদীপ কুমাৰ ভূঞা।

তেওঁৰ জাতীয়তাবোধ, জাতিৰ প্ৰতি দায়বদ্ধতাৰ বাবেই আজি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াই এই অৱস্থানত উপনীত হ’ব পাৰিলে।

আই আই টিৰ প্ৰাক্তন ছাত্ৰ প্ৰদীপ কুমাৰ ভূঞাই নিজৰ কৰ্ম জীৱনত সঞ্চিত ধন খৰচ কৰি আছাম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ দ্বাৰা ২০০৯ চনৰ ২৫ মে’ত উচ্চতম ন্যায়ালয়ত এনআৰ চি প্ৰস্তুতৰ বাবে পি আই এল দাখিল কৰিছিল। আৰু এই পি আই এলৰ খচৰা লিখিছিল প্ৰদীপ কুমাৰ ভূঞাই নিজ হাতেৰে।

তাৰ পিছত উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰাৰ পিছতো অসম পাব্লিক ৱৰ্কছে এন আৰ চি উন্নীতকৰণক লৈ চলোৱা সমগ্ৰ আইনী যুঁজত আৰ্থিক আৰু দিহা-পৰামৰ্শেৰে সহযোগিতা আগ বঢ়াই আহিছিল এই প্ৰদীপ কুমাৰ ভূঞা আৰু তেওঁৰ পত্নী বন্তি ভূঞাই।

মন কৰিব লগীয়া কথাটো হ’ল চৰকাৰ, দল-সংগঠনে, ৰাজনৈতিক নেতা আদিয়ে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ সফলতাৰ আঁৰত নিজৰ নিজৰ কৃতিত্ব থকা বুলি দাবী আৰু প্ৰচাৰ কৰি অহাৰ পিছতো এই ভূঞা দম্পতী আছে সংবাদ মাধ্যমৰ পৰা বহু দূৰত। জানিব পৰামতে, প্ৰদীপ কুমাৰ ভূঞাই আনকি এ পি ডব্লিউৰ বিগত ৯ বছৰীয়া আইনী যুঁজত আৰ্থিক সহায় কৰিবৰ বাবে নিজৰ কষ্টোপাৰ্জিত ধনৰ উপৰি সম্পত্তি বিক্ৰী কৰিও আগ বঢ়াইছিল ধন। তেওঁ প্ৰায় ৭০ লাখ টকা এই গোচৰ চলাবৰ বাবে দিছিল।

এন আৰ চি উন্নীতকৰণৰ জৰিয়তে বিদেশী সমস্যাৰ সমাধান হওকেই বা নহওকেই জাতিটোৰ প্ৰতি দেখুওৱা এই নিস্বাৰ্থ দায়বদ্ধতা আৰু উৎসৰ্গাৰ মনোভাবৰ বাবে চিৰকাল অসমীয়া মানুহে তেওঁক মনত ৰাখিব।