এন এছ চি এনে অস্বীকাৰ কৰিলে আক্ৰমণত জড়িত থকাৰ কথা

প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

আজি এন এছ চি এম (আই এম)-এ এটা স্পষ্টীকৰণৰ জৰিয়তে কৈছে যে যোৱা ৫ মাৰ্চত ১৩দশ শিখ লাইট ইনফেণ্ট্ৰি আৰু অচিনাক্ত উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষৰ সৈতে সংগঠনটোৰ কোনো সম্পৰ্ক নাই।

উল্লেখযোগ্য যে যোৱা ৫ মাৰ্চত মণিপুৰৰ ননেই জিলাৰ জেলিয়াৰং অঞ্চলত  ১৩দশ শিখ লাইট ইনফেণ্ট্ৰিৰ সৈতে অচিনাক্ত উগ্ৰপন্থীৰ সংঘৰ্ষ লাগিছিল, যাৰ ফলত সেনাৰ এজন জোৱান নিহত হৈছিল।

আজি এন এছ চি এম (আই এম)-এ জাৰি কৰা এটা বিবৃতিত এই ঘটনাত সংঘঠনটো জড়িত বুলি উঠা অভিযোগক পোনচাতেই অস্বীকাৰ কৰে আৰু ই সম্পূৰ্ণ ভিত্তিহীন বুলি কয়।

১৩দশ শিখ লাইট ইনফেণ্ট্ৰিয়ে এনেকুৱা মনেসজা অভিযোগ অনাটো এটা অপৰিপক্বতাৰ নিদৰ্শন আৰু কৈফিয়ৎযোগ্য, যিহেতু এইটো উত্থাপন কৰা হৈছে ভাৰত চৰকাৰ আৰু নাগাসকলৰ মাজত নাগা সংকটৰ প্ৰয়াস চলি থকাৰ মাজতে।

সংগঠনটোৱে বিবৃতিটোত কয় যে অঞ্চলটোত ন্যায়িক কৰ্তৃপক্ষবোৰে শান্তি বৰ্তাইৰ ৰখাৰ বাবে আইন-শৃংখলাজনিত পৰিস্থিতি খুব কঠোৰভাৱে প্ৰয়োগ কৰি আছে। তেনে স্থলত ন এছ চি এম (আই এম)-এ ভাৰতীয় বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।

আনহাতে সংগঠনটোৱে এই আক্ৰমণত জড়িত বিদ্ৰোহী সংগঠনটোক দায়িত্ব স্বীকাৰ কৰিবলৈও দাবী জনাইছে।