এপিএছচি কেলেংকাৰীৰ ২৩ অভিযুক্ত বিষয়াৰ ন্যায়িক জিম্মা বৃদ্ধি

550250-apsc

দুৰ্নীতিৰ আশ্ৰয় লৈ অসম লোকসেৱা আয়োগৰ চাকৰি লাভ কৰা ২০১৫ চনৰ ২৩ গৰাকী অভিযুক্ত বিষয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ দহ দিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বে বৃদ্ধি কৰা ১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত মঙলবাৰে অভিযুক্ত ২৩ বিষয়াক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে তেওঁলোকক পুনৰ ১২ জানুৱাৰী পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

আদালতে অভিযুক্ত ২৩ বিষয়াক আদালতলৈ অনাৰ সময়ত কাৰাগাৰ কৰ্তৃপক্ষই প্ৰদৰ্শন কৰা গাফিলতি বাবে ক্ষুব্ধ হৈ ভৱিষ্যতে এনে নকৰিবলৈ কঠোৰ ভাষাৰে সকীয়াই দিয়ে। কাৰাগাৰ কৰ্তৃপক্ষই জিম্মাৰ পৰোৱানা অবিহনেই অভিযুক্তসকলক আদালতত হাজিৰ কৰাইছিল।

শুনানিৰ সময়ত আদালতে জিম্মাৰ পৰোৱানা বিচৰাত তেওঁলোকে সেয়া দাখিল কৰিব নোৱাৰিলে। পিছত কাৰাগাৰ কৰ্তৃপক্ষই নথি পত্ৰ আনি জমা দিয়াৰ পিছতহে গোচৰৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হয়। নিয়ম উলংঘা কৰাৰ বাবে আদালত কাৰাগাৰ কৰ্তৃপক্ষৰ ওপৰত ক্ষুন্ন হৈ পৰে আৰু সকীয়নি দিয়ে।

আনহাতে, আদালতে এপিএছচি কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত নিশামনি ডেকাত ১২ জানুৱাৰী পৰ্যন্ত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। জামিন নাকচ হোৱা আন কোনো বিষয়াই এতিয়ালৈকে আৰু পুনৰ জামিনৰ বাবে আৱেদন জনোৱা নাই।