এ পি এছ চি কেলেংকাৰী : ৰাকেশ পাল সহ ৩৩ জন অভিযুক্তক পুনৰ জেৰাৰ আবেদনৰ আজি শুনানি

APSC

এ পি এছ চিৰ কেলেংকাৰি প্ৰধান অভিযুক্ত ৰাকেশ পাল

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰীৰ কেলেংকাৰীৰ গোচৰটোৰ তদন্তকাৰী আৰক্ষী দলটোৱে কেতবোৰ নতুন তথ্যপাতি লাভ কৰিছে। এই নতুন তথ্যপাতিৰ সত্যাসত্য নিৰূপণ কৰি অধিক নিশ্চিত হোৱাৰ বাবে নিলম্বিত অধ্যক্ষ ৰাকেশ পাল আৰু আন ৩৩ জন কাৰাবন্দী অৱস্থাত থকা বিষয়াক জেৰা কৰাৰ প্ৰচেষ্টা চলাইছে।

কাৰাবন্দী হৈ থকা  অভিযুক্তসকলক কাৰাগাৰতে জেৰা কৰাৰ বাবে অনুমতি বিচাৰি গোচৰটোৰ মুখ্য তদন্তকাৰী বিষয়া তথা ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত অধীক্ষক এছ এছ পানেছাৰে বৃহস্পতিবাৰে বিশেষ ন্যায়াধীশৰ আদালতত এখন আবেদন দাখিল কৰিছে।

তদন্তকাৰী বিষয়াই দাখিল কৰা আবেদনৰ ভিত্তিত বিশেষ ন্যায়াধীশৰ আদালতত আজি শুনানি হ’ব। তদন্তকাৰী বিষয়াই অভিযুক্ত বিষয়াসকলক পৃথকে আৰু লগতে ৰাকেশ পালৰ সৈতে মুখামুখিকৈ জেৰা কৰিব বিচাৰিছে।

ৰাকেশ পাল আৰু তেওঁৰ সহযোগীক ধন দি পৰীক্ষাত উত্তীৰ্ণ হৈ এ চি এছ, এ পি এছ আদি ৰাজপত্ৰিত বিষয়া হোৱা আৰু বৰ্তমান কাৰাবন্দী হৈ থকা  অভিযুক্তসকলৰ একাংশই অন্য  বহু প্ৰাৰ্থীৰ হৈ দালালি আৰু ধনৰ লেনদেন কৰা বুলি আৰক্ষীয়ে প্ৰমাণ লাভ কৰিছে বুলি জানিব পৰা গৈছে।

জালিয়াতিৰে অৰ্থাৎ নকল উত্তৰবহীত উত্তৰ লিখি অধিক নম্বৰ পাই বিষয়া হোৱা ২০১৫ আৰু ২০১৬ চনৰ বহুকেইজন ৰাজপত্ৰিত বিষয়াৰ উত্তৰবহী আৰু হাতৰ আখৰৰ ফৰেণছিক পৰীক্ষাৰ প্ৰমাণ আৰক্ষীৰ হাতত ইতিমধ্যে আহি পৰিছে। সেইবোৰ তথ্য প্ৰমাণে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অধিক মসৃন কৰি তুলিছে।

আনহাতে, এ পি এছ চিৰ মূল গোচৰত জামিন লাভ কৰিলেও নিলম্বিত অধ্যক্ষ ৰাকেশ পাল ২০১৫ চনৰ কৃষি উন্নয়ন বিষয়াৰ বাছনিত হোৱা কেলেংকাৰীৰ গোচৰত বৰ্তমানো কাৰাবন্দী হৈ আছে। আজি শুনানিৰ পিছতে আদালতে দিয়া নিৰ্দেশৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়াই অধিক গতি লাভ কৰাৰ সম্ভাৱনা আছে।