ওদালগুৰিত অটল অমৃত অভিযান আঁচনিৰ বিনামূলীয়া চেক বিতৰণ

Atal-570x320

ৰাজ্য চৰকাৰৰ অটল অমৃত অভিযান আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ ১২১ গৰাকী লোকক আজি বিনামূলীয়া চেক প্ৰদান কৰা হয়। ওদালগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আয়োজন কৰা এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে আজি উক্ত লোকসকলৰ মাজত চেক সমূহ প্ৰদান কৰে।

চেক বিতৰণ কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম ছুণ্ডী মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে আৰ্থিকভাৱে পিছপৰা সমাজৰ প্ৰায় সংখ্যক লোকে এই আঁচনিৰ জৰিয়তে সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ এই আঁচনিয়ে যথেষ্ট সহায় কৰিব।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনিখনৰ সম্পূৰ্ণ লাভা লাভ ল’বলৈ সকলো জনসাধাৰণকে আহ্বান জনোৱাৰ লগতে প্ৰকৃত হিতাধিকাৰীয়ে যাতে এই আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতিও সচেতন হ’বলৈ লোকসকলক অনুৰোধ জনায় ছুণ্ডীয়ে। লগতে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টোত সম্পূৰ্ণ নজৰ ৰাখিবলৈ কয়।

এই আঁচনিখন বাস্তৱত ৰূপায়ন কৰা বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ৰাজ্যিক স্বাস্থ্য বিভাগক ছুণ্ডীয়ে আন্তৰিকতাৰে ধন্যবাদ জনায়।

উল্লেখ্য যে ডিপিএম এন গয়াৰীয়ে আঁত ধৰা চেক বিতৰণ অনুষ্ঠানখনত উপস্থিত থাকে জিলা প্ৰকল্প সমন্বয়ক ভাস্কৰজ্যোতি মন্ত। ভাষণ প্ৰসংগত মন্তয়ে উল্লেখ কৰি কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত আয়ুস্মান ভাৰতৰ জৰিয়তে দেশৰ দুখীয়া আৰু আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়াললৈ চিকিৎসাৰ বাবদ বছৰি ৫ লাখ টকা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে।