ওদালগুৰিত জিলাভিত্তিক স্থানীয় ক্ৰীড়া শিবিৰৰ আয়োজন

indigenous-games-2-768x576

ওদালগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত 'দংফৗং মৗফাইনাই' খেলৰ এটা মুহূৰ্ত

অসমৰ পৰম্পৰাগত খেল-ধেমালিসমূহক সংৰক্ষণ কৰাৰ লগতে উঠি অহা প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে ওদালগুৰিত আয়োজন কৰা হৈছে জিলাভিত্তিক স্থানীয় ক্ৰীড়া শিবিৰ। অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সঞ্চালকৰ নিৰ্দেশমৰ্মে অসমৰ সৰ্বত্ৰে পালিত হোৱাৰ সমান্তৰালভাৱে ওদালগুৰিতো আয়োজন কৰা হৈছে এই পৰম্পৰাগত খেল-ধেমালি শিবিৰৰ আয়োজন কৰা হৈছে।

ওদালগুৰি জিলাৰ ক্ৰীড়া কাৰ্যালয়ে এই শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰত বড়ো সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত বিভিন্ন স্থানীয় খেল দেখিবলৈ পোৱা গৈছিল। ওদালগুৰিৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত এই শিবিৰৰ আয়োজন কৰা হৈছিল।

ওদালগুৰিৰ সহকাৰী আয়ুক্ত লক্ষ্যজ্যোতি দুৱাৰীয়াই এই শিবিৰ উদ্বোধন কৰিছিল। পাঁচবিধ খেলৰ পৰা ল’ৰাৰ শাখাত ৯ জন আৰু ছোৱালীৰ শাখাত ৯জনী, মুঠ ১৮ গৰাকী খেলুৱৈক বাচনি কৰা হৈছে।

খিলঞ্জীয়া জনজাতিৰ পৰম্পৰাগত খেলঃধেমালিসমূহৰ মাজত আছে খৗমলাইনাই (বড়োসকলৰ এবিধ মল্লযুদ্ধ), বাগালৰিন বৗদি নাগিনাই (পৰম্পৰাগত কণী বিচৰা খেলবিশেষ), দংফৗং মৗফাইনাই (পৰম্পৰাগত গছ বগৰোৱা), বাথা (পৰম্পম্পৰাগত টাংগুটি) আৰু খুনথা (তেলগছত উঠা)।

নিৰ্বাচিত ১৮গৰাকী খেলুৱৈক ৰাজ্যিক পৰ্যায়ৰ পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হ’ব।

এগৰাকী ক্ৰীড়া কৰ্মী এন দৈমাৰীয়ে কৈছে যে নতুন প্ৰজন্মই পাহৰি যোৱা পৰম্পৰাগত খেল-ধেমালিসমূহক সংৰক্ষণ কৰা আৰু সেই সমূহক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ বাবে চৰকাৰৰ পৰ্য়াস প্ৰশংসাৰ যোগ্য। তেওঁ আৰু কৈছে যে বড়ো স্বায়ত্ব শাশিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সকলো স্থানীয় খেল-ধেমালিক সংৰক্ষণ কৰা আৰু ইয়াক উত্তৰ পুৰুষৰ মাজত জনপ্ৰিয় কৰাত গুৰুত্ব আৰোপ কৰিছে।